বি.চি.চি.আই.য়ে আই.পি.এল. ২০২১ৰ বাবে ঘোষণা কৰিছে নতুন নিয়ম
অনলাইন বাৰ্ত্তাসেৱা – বি.চি.চি.আই.য়ে আই.পি.এল. ২০২১-ৰ বাবে ঘোষণা কৰিছে এক নতুন নিয়ম, যি ১৯ ছেপ্টেম্বৰত ইউ.এ.ই.ত পুনৰ আৰম্ভ হ’ব। ক্ৰিকেট বলবোৰ ষ্টেণ্ডত বা ষ্টেডিয়ামৰ বাহিৰত গ’লে চতুৰ্থ আম্পায়াৰৰ দ্বাৰা সলনি কৰা হ’ব। আগৰ বলটো যেতিয়া ঘূৰাই দিয়া হ’ব চতুৰ্থ আম্পায়াৰৰ দ্বাৰা চেনিটাইজ কৰা হ’ব আৰু লাইব্ৰেৰীত ৰখা হ’ব।
(UD.)