শৰতৰ আগমন – মালবিকা দেৱী

শৰতৰ আগমন

মালবিকা দেৱী,শোণিতপুৰ হুগ্ৰাজুলি

বৰ্ষাৰ অন্তত শৰত আহিছে
নৱ জেউতি লৈ,
তৰু তৃণে ফুল পাতেৰে
জাতিষ্কাৰ হৈ।
মুক্ত বিহগে শূণ্যে শূণ্যে উৰি
জুৰিলে সুমধুৰ গীত,
প্ৰাণ চঞ্চল ডেকা গাভৰু অন্তৰত
উথলি উঠিল ঝুমুৰ গীত।
শেৱালি ফুলিল পদুম ফুলিল
আহিল শাৰদীয় পূজা,
নিশাৰ আকাশত উজ্বল জ্যোতিষ্কই
দেখা দিলেহি আহি।
শৰত ঋতুৱে লৈ আহিছে
শেৱালি ফুলৰ সুবাস,
সকলোৰে মনবোৰ উদাস আজি
সকলোৰে মনত উদাস।