জুবিনৰ মৃত্যুক লৈ ৰাজনীতি নকৰিবঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ চলি থকা তদন্তৰ মাজতে শুক্ৰবাৰে ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। চৰকাৰে নিষ্ঠাৰে এই দায়িত্ব পালন কৰিব। মুখ্যমন্ত্রী ড° শর্মাই লগতে কয়- জুবিন গাৰ্গৰ মৃত্যুক লৈ চৰকাৰৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ আৰম্ভ হৈছে। একাংশই জুবিনক ঢাল হিচাপে লৈ চৰকাৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে এই ষড়যন্ত্র। শিল্পীগৰাকীৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ কৰাৰ বাবে এচামে চৰকাৰক লক্ষ্য কৰি লৈছে। কিন্তু চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি একো লাভ নাই। মুখ্যমন্ত্ৰী ড° শর্মাই পুনৰ কয়- জুবিনৰ মৃত্যুৰ পিছত একাংশই চৰকাৰৰ ওপৰত প্ৰতিশোধ লোৱাৰ লক্ষ্যৰে জুবিনৰ অনুৰাগী হৈ পৰিছে। উচ্ছেদ কৰাৰ বাবে যদি মোৰ ওপৰত প্ৰতিশোধ ল’ব বিচাৰিছে লওক, কিন্তু সেই প্রতিশোধ জুবিনৰ নাম লৈ নকৰিব। ৰাজনীতি আমিও কৰোঁ, আমিও বুজি পাওঁ। জুবিনৰ প্ৰতি যদি ইমানেই মৰম আছিল, তেন্তে বাংলাদেশৰ পৰা মমতাজক সংগীত পৰিৱেশন কৰিবলৈ মাতি অনাৰ পৰিৱৰ্তে জুবিন গাৰ্গক কিয় মতা হোৱা নাছিল? তদুপৰি ২০২০ চনৰ ১৩ আগষ্টত জুবিনৰ ওপৰত আক্ৰমণ সন্দর্ভত তেতিয়া আপোনালোকে ফেচবুকত একো লিখা নাছিল। কিন্তু এতিয়া উচ্ছেদ কৰাৰ বাবে বিজেপিৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবেই জুবিনৰ ৰহস্যজনক মৃত্যুক এক অস্ত্র হিচাপে ব্যৱহাৰ কৰাটো উচিত হোৱা নাই। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- আপোনালোকে নিকৃষ্ট খেলখন খেলি থাকক। মই জুবিনক ন্যায় দিম আৰু অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ অক্লান্ত সংগ্রামতো নিয়োজিত হৈ থাকিম। এয়া মোৰ প্ৰত্যাহ্বান।