গান্ধীজীৰ দৰ্শন আৰু স্বচ্ছ ভাৰত মিছনৰ প্ৰাসংগিকতা – দ্বীপেন বৰুৱা

PC Britannica

গান্ধীজীৰ দৰ্শন আৰু স্বচ্ছ ভাৰত মিছনৰ প্ৰাসংগিকতা

দ্বীপেন বৰুৱা
(ঠিকনাঃ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়, চৰাইদেউ)

জাতিৰ পিতা মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা৷ দেশৰ স্বাধীনতা সংগ্ৰামত এজন ধৰ্মযোদ্ধা হিচাপে তেওঁৰ অৱদান অনস্বীকাৰ্য৷ তেওঁ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই নীতি, সত্য আৰু অহিংসাৰ লগতে স্বচ্ছতাৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল৷ গান্ধীজীৰ দৃষ্টিত স্বচ্ছতা কেৱল পৰিচ্ছন্নতাৰ সীমিত অৰ্থত সীমাবদ্ধ নহয়। ই দেহ, মন আৰু সমাজৰ এক সামগ্ৰিক শুদ্ধতাৰ প্ৰতীক। তেওঁ নিজৰ জীৱনৰ দ্বাৰা দেখুৱাইছিল যে স্বচ্ছতা জীৱনৰ অবিচ্ছেদ্য অংশ৷ স্বচ্ছতা নোহোৱাকৈ সমাজৰ স্বাস্থ্য, নীতি আৰু উন্নয়ন একোৱেই সম্ভৱ নহয়। তেওঁ বিশ্বাস কৰিছিল যে দেশৰ স্বাধীনতাতকৈ স্বচ্ছতা অধিক গুৰুত্বপূৰ্ণ৷ ইয়াৰ মূল অৰ্থ হ’ল – স্বচ্ছতা প্ৰতিৰক্ষিত হলে স্বাস্থ্য সুৰক্ষিত হয় আৰু স্বাস্থ্য সুৰক্ষিত হ’লেহে জীৱনৰ গুণগত মান উন্নত হয়।

ভাৰতবৰ্ষত স্বচ্ছতাৰ ক্ষেত্ৰত গান্ধীজীয়ে অগ্ৰণী ভূমিকা পালন কৰিছিল৷ তেওঁ স্বচ্ছতা, অস্পৃশ্যতা আৰু স্বায়ত্বশাসনৰ মাজৰ সম্পৰ্কক খুব সুন্দৰভাৱে বিশ্লেষণ কৰিছিল৷ দক্ষিণ আফ্ৰিকাত থকা সময়ত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত অংশগ্ৰহণ কৰাৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়সকলক কৰা দুব্যৱহাৰৰ কাৰণসমূহৰ বিষয়ে সকলোকে অৱগত কৰাইছিল৷ সেইসময়তেই তেওঁ কংগ্ৰেছৰ শিবিৰমূহত স্বচ্ছতাৰ ভয়ানক ছবি দেখা পাইছিল আৰু তেওঁ স্বেচ্ছাসেৱকসকলক এই লেতেৰাসমূহ নিজেই পৰিষ্কাৰ কৰিবলৈ কৈছিল; কিন্তু স্বেচ্ছাসেৱকসকলে নিজেই কৰিবলৈ অমান্তি হোৱাত গান্ধীজীয়ে নিজে হাতত ঝাড়ু লৈ ঠাইসমূহ পৰিষ্কাৰ কৰিছিল৷ সেই দৃশ্য দেখি সেইসময়ত তাত উপস্থিত থকা কংগ্ৰেছ কেডাৰসমূহে বিস্ময় প্ৰকাশ কৰিছিল৷ গান্ধীজীৰ আহ্বান মৰ্মেই উচ্চবৰ্ণৰ লোকসকলেও দেশৰ বিভিন্ন অংশত চাফাই কৰিবৰ বাবে দলত অংশগ্ৰহণ কৰিছিল৷ তেওঁৰ এই দৃষ্টিভংগীয়ে পৰৱৰ্তী সময়ত স্বাধীন ভাৰতৰ অস্পৃশ্যতা দূৰীকৰণৰ দিকদৰ্শনত আধাৰ স্বৰূপ হৈ পৰে৷ স্বচ্ছতাৰ দিশত গান্ধীজীৰ এই প্ৰচাৰকাৰ্যত চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহেও যথেষ্ট অৱদান আগবঢ়াইছিল৷

দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলৰ মাজত স্বচ্ছতা বৃদ্ধিৰ দিশত গান্ধীজীয়ে তীব্ৰ প্ৰচাৰ চলাইছিল৷ তেওঁ কৈছিল যে এটা শৌচাগাৰ এটি অতিথিশালা সদৃশ স্বচ্ছ হ’ব লাগে৷ তেওঁৰ দৃষ্টিত স্বচ্ছতাক তিনিটা ভাগত ভাগ কৰিব পৰা যায় – ব্যক্তিগত স্বচ্ছতা, সামাজিক স্বচ্ছতা আৰু মানসিক স্বচ্ছতা। ব্যক্তিগত স্বচ্ছতা মানে দেহ আৰু পৰিৱেশ পৰিষ্কাৰ কৰি ৰখা। মানুহৰ স্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন দেহৰ পৰিচ্ছন্নতাৰ ওপৰত নিৰ্ভৰ কৰে। সামাজিক স্বচ্ছতাৰ অৰ্থ হ’ল গাওঁ-চহৰৰ পৰিৱেশ, ৰাস্তাঘাট, পানী আৰু বায়ু পৰিষ্কাৰ কৰি ৰখা। তেওঁ গাঁওৰ উন্নয়নৰ প্ৰকল্পত শৌচাগাৰ নিৰ্মাণ আৰু পৰিচ্ছন্ন পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মানসিক স্বচ্ছতাৰ অৰ্থ হ’ল মনৰ ভিতৰত অসৎ চিন্তা, হিংসা, লোভ আদি অপবিত্ৰ ভাৱ দূৰ কৰি সত্য, অহিংসা আৰু প্রেমৰ মূল্যবোধ গঢ়ি তোলা।

গান্ধীজীয়ে বিশ্বাস কৰিছিল যে ভাৰতৰ বাবে সামাজিক স্বচ্ছতা আৰু ব্যক্তিগত স্বচ্ছতা বজাই ৰখাটো দেশৰ পৰা অস্পৃশ্যতা দূৰীকৰণ আৰু পশ্চিমীয়া দেশসমূহৰ আগত ভাৰতবৰ্ষ সম্পৰ্কে থকা ধাৰণা সলনি কৰাৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয়৷ তেওঁ লগতে স্বচ্ছতা আৰু স্বৰাজৰ মাজত থকা সম্পৰ্কৰ কথা অৱগত কৰিছিল৷ তেওঁৰ মতে স্বৰাজ কেৱল পৰিষ্কাৰ আৰু সাহসী লোকৰ দ্বাৰাইহে সম্ভৱপৰ হ’ব পাৰে৷ নাগৰিকসকলৰ মাজত স্বচ্ছতা অভিযান এখন মুক্ত আৰু বৰ্ণবিভেদহীন সমাজ গঠনৰ মূল চাবিকাঠি৷ গান্ধীজীয়ে এনে এখন ভাৰতৰ সপোন দেখিছিল যি ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হয় আৰু স্বচ্ছ ভাৰতৰো সপোন দেখে; লগতে নিজৰ নাগৰিকৰ প্ৰতি সামাজিক ভেদভাৱৰ পৰা মুক্ত হৈ থাকে৷ স্বচ্ছতাৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আধ্যাত্মিক ধাৰণাৰ লগতো জড়িত। তেওঁৰ আশ্ৰমীয় জীৱনত সকলোৰে বাবে সমান দায়িত্ব আছিল। শৌচাগাৰ পৰিষ্কাৰ কৰাটো নিম্নবৰ্গীয় লোকৰ দায়িত্ব বুলি তেওঁ মানি লোৱা নাছিল। তেওঁ নিজৰ অনুগামীসকলক এই কামত জড়িত কৰি সমাজত এক নতুন চিন্তাধাৰাৰ জন্ম দিছিল৷ ইয়াৰ দ্বাৰা তেওঁৰ উদ্দেশ্য আছিল– যিকোনো কামক নীচ বা হীন বুলি ভাৱিব নালাগে; কাৰণ সকলো কামেই সমাজৰ বাবে সমান গুৰুত্বপূৰ্ণ।

সাম্প্ৰতিক সময়ত গান্ধীজীৰ স্বচ্ছতাৰ দৰ্শন অতি প্ৰাসংগিক হৈ পৰিছে৷ নগৰীকৰণ, জনবসতিৰ বৃদ্ধি, প্ৰদূষণ আৰু আৱর্জনাৰ সংকটত ভোগা আধুনিক সমাজত গান্ধীজীৰ আদৰ্শই পথ প্ৰদৰ্শন কৰিছে৷ শেহতীয়া ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ ২৪৬.৭ মিলিয়ন ঘৰৰ ভিতৰত ৫৩ শতাংশ ঘৰতেই ঘৰৰ পৰিসৰৰ ভিতৰত স্নানাগাৰৰ কোনো সুবিধা নাই৷ ইয়াৰ ভিতৰতো বহু কম সংখ্যকহে সাৰ্বজনীন শৌচাগাৰৰ ব্যৱহাৰ কৰে৷ এই শ্ৰেণীটোৰ এক বৃহৎ অংশই মুকলিত শৌচ কৰে, যি ভাৰতৰ দৰে দ্ৰুত হাৰত বৰ্ধিত অৰ্থনৈতিক ব্যৱস্থাৰ বাবে এক আশ্বৰ্যকৰ কথা৷ এনে এক প্ৰেক্ষাপটত ২০১৪ চনৰ ২ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সমস্যাৰ গাঢ়তা উপলব্ধি কৰি ‘স্বচ্ছ ভাৰত মিছন’ নামেৰে ইতিহাসৰ সবাতোতকৈ মহত্ত্বপূৰ্ণ স্বচ্ছতা অভিযানৰ শুভাৰম্ভ কৰে৷ এই মিছনৰ প্ৰধান উদ্দেশ্য আছিল শৌচাগাৰৰ ব্যৱস্থা, কঠিন আৰু তৰল পদাৰ্থসমূহৰ নিষ্কাষণ, গ্ৰামাঞ্চলৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰ্যাপ্ত খোৱাপানীৰ সৰবৰাহৰ ক্ষেত্ৰত প্ৰতিটো পৰিয়ালকে স্বচ্ছতাৰ সুবিধা প্ৰদান কৰা৷ এই মিছনক দুটা ভাগত বিভক্ত কৰা হৈছিল – স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) আৰু স্বচ্ছ ভাৰত মিছন (নগৰ)৷ স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ দ্বাৰা পঞ্চায়ত এলেকাসমূহত গোটা আৰু তৰল (মল-মূত্ৰ) বৰ্জনীয় পদাৰ্থৰ প্ৰৱন্ধন কাৰ্যকলাপৰ জৰিয়তে গ্ৰামাঞ্চলসমূহক উন্মুক্ত মলত্যাগ-মুক্ত কৰি স্বচ্ছতা আৰু পৰিচ্ছন্নতাৰ মান উন্নয়ন কৰিবলৈ বিচৰা হৈছিল৷ আনহাতে, স্বচ্ছ ভাৰত মিছন (নগৰ)ৰ জৰিয়তে নগৰাঞ্চলৰ ৰাস্তাঘাট, নিষ্কাশন ব্যৱস্থা আৰু আৱর্জনা পৰিচালনাৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে ২০১৯ চনৰ ভিতৰত সম্পূৰ্ণৰূপে উন্মুক্ত মলত্যাগ-মুক্তৰ (Open Defecation Free) লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যি গান্ধীজীৰ ১৫০তম জন্মজয়ন্তী উপলক্ষে পূৰ্বৰ তুলনাত পৰিষ্কাৰ ভাৰত গঢ়াৰ দিশে অগ্ৰগতি লাভ কৰে৷ তথ্য অনুসৰি এই অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা দেশৰ প্ৰায় ১০ কোটিৰো অধিক পৰিয়ালৰ বাবে শৌচাগাৰ নিৰ্মাণ কৰা হয়৷ ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে প্ৰথম পৰ্যায়ৰ স্বচ্ছ ভাৰত মিছনক উন্নীত কৰি স্বচ্ছ ভাৰত মিছন ২.০ ঘোষণা কৰে৷ ইয়াৰ জৰিয়তে ১ম পৰ্যায়ত লাভ কৰা সাফল্যক স্থায়িত্ব প্ৰদান আৰু অগ্ৰগতিৰ নতুন পথত আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে৷ ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে -শৌচালয় নিৰ্মাণৰ পাছত সঠিক ব্যৱহাৰ, ৰক্ষণাবেক্ষণ আৰু বর্জ্য-পানীৰ ব্যৱস্থা নিশ্চিত কৰা, উৎসত বর্জ্য পৃথকীকৰণ, Reduce-Reuse-Recycle নীতি অনুসৰণ আৰু বৈজ্ঞানিক ব্যৱস্থাপনা কৰা, পুৰণি ডাম্পিং স্থানসমূহ পৰিষ্কাৰ কৰি মাটি পুনৰুদ্ধাৰ কৰা, এক লাখতকৈ কম জনসংখ্যাৰ নগৰত পানী/পায়খানা আদি আৱৰ্জনাৰ ব্যৱস্থাপনা কৰা আৰু নাগৰিকসকলক সচেতন কৰি পৰিচ্ছন্নতাৰ অভ্যাস গঢ়ি তোলা। দ্বিতীয় পৰ্যায়ৰ এই মিছনে গান্ধীজীৰ স্বচ্ছতাৰ দৰ্শনক আধুনিক ৰূপত আগবঢ়াবলৈ চেষ্টা কৰিছে। এই মিছনৰ ফলত পৰিচ্ছন্নতা এক নীতি–কেন্দ্ৰিক কামৰ পৰা জন-আন্দোলনৰ ৰূপ লৈছে। এইসমূহ তথ্যই স্পষ্টকৈ প্ৰমাণ কৰিছে যে গান্ধীজীৰ স্বপ্নক বাস্তৱায়িত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

স্বচ্ছ ভাৰত মিছনৰ ফলত স্বচ্ছতাৰ দিশত উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছে যদিও কিছু সীমাবদ্ধতাও আছে। কিছুমান গাঁও তথা চাহ-বাগিছা অঞ্চলত শৌচাগাৰ নিৰ্মাণ হোৱা সত্বেও ব্যৱহাৰ সীমিত। সচেতনতা যথেষ্ট নহ’লে এই প্ৰকল্প অচিৰেই অকাৰ্যকৰ হৈ পৰিব পাৰে। নগৰাঞ্চলত আৱর্জনা পৰিচালনাৰ আধুনিক সুবিধা আৰু যান্ত্ৰিক ব্যৱস্থাৰ অভাৱ দেখা যায়। পুনঃব্যৱহাৰ আৰু পুনঃপ্ৰচলনৰ ব্যৱস্থা প্ৰকৃত অৰ্থত গঢ়ি উঠিব পৰা নাই। তদুপৰি, কিছু ঠাইত শৌচাগাৰৰ মান নিম্ন স্তৰৰ হোৱাত সমস্যাৰ সৃষ্টি কৰিছে। গতিকে, এই মিছনক সফল কৰিবৰ বাবে শিক্ষাৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়। বিদ্যালয় পৰ্যায়ৰ পৰা শ্ৰেণীকক্ষত পৰিচ্ছন্নতাৰ পাঠ অন্তৰ্ভুক্ত কৰা উচিত। গাঁও পঞ্চায়ত আৰু পৌৰ নিগমসমূহে নিজৰ দায়িত্বত অধিক মনোযোগ দিব লাগিব। নাগৰিক সমাজ আৰু যুৱ সমাজৰ মানসিকতাত স্বেচ্ছামূলক সেৱাৰ মনোভাৱ গঢ়ি তুলিব লাগিব৷ বর্জ্য ব্যৱস্থাপনাৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰাটো সময়োপযোগী পদক্ষেপ হ’ব। লগতে নিয়মিত পৰ্যবেক্ষণ আৰু মূল্যায়ন ব্যৱস্থা সঠিক ৰূপত আগবঢ়াই নিব লাগিব৷

উপসংহাৰঃ – স্বচ্ছ ভাৰত মিছন কেৱল চৰকাৰৰ অভিযান নহয়, ই প্ৰতিজন নাগৰিকৰ জাতীয় দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত। নিজ ঘৰৰ পৰা ৰাস্তা-ঘাটলৈকে, বিদ্যালয়ৰ পৰা মন্দিৰ-মছজিদলৈকে পৰিষ্কাৰ কৰি ৰখাটো সকলোৰে দায়িত্ব। এই মিছনৰ প্ৰকৃত সফলতা আমাৰ সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু দৃঢ় সংকল্পত নিহিত হৈ আছে৷ বৰ্তমান সময়ত স্বচ্ছতাৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ; কাৰণ ই স্বাস্থ্য, অৰ্থনীতি আৰু পৰিৱেশৰ সতে ওতঃপ্ৰোতভাৱে জড়িত। স্বচ্ছতাক সমাজসেৱাৰ এক অংশ হিচাপে গ্ৰহণ কৰি জীৱনৰ অভ্যাসত গঢ়ি তুলিব লাগিব। গান্ধীজীৰ স্বপ্নৰ স্বচ্ছ ভাৰত গঢ়ি তুলিবলৈ প্রত্যেক নাগৰিকে নিজৰ দায়িত্ব স্বীকাৰ কৰিব লাগিব। তেওঁ দেখুৱাই যোৱা পথেৰে আগুৱাই গৈ নিজৰ দেহ, মন আৰু পৰিৱেশক পৰিষ্কাৰ কৰি এক গৌৰৱময়, সুস্থ আৰু সমৃদ্ধ ভাৰত গঢ়ি তুলিব পাৰিলেহে জাতিৰ পিতাৰ প্ৰতি প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা হ’ব৷৷