সদৌ ৰাৱণৱৈ সাৰ্বজনীন শাৰদীয় শ্ৰী শ্ৰী  দুৰ্গাপূজা উদযাপন 

সদৌ ৰাৱণৱৈ সাৰ্বজনীন শাৰদীয় শ্ৰী শ্ৰী  দুৰ্গাপূজা উদযাপন 

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা-

 যা দেবী সর্বভূতেষু
শক্তি ৰূপেন সংস্থিতা।
নমস্তস্যৈ নমস্তস্যৈ
নমস্তস্যৈ নমো নমঃ

নৱৰাত্ৰী অৰ্থাৎ দেৱী দুৰ্গাৰ নটা ৰূপ হ’ল-শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘন্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী, সিদ্ধিদাত্ৰী।

সৰ্বমঙ্গলা মঙ্গল্যে শিবে সৰ্বাৰ্থ সাধিকে।
শৰণ্যে ত্ৰয়মবকে গৌৰী নাৰায়ণি নমোহস্তুতে। ।

এইবাৰ জুবিন দাৰ অবিহনে সাৰদীয় শ্ৰী শ্ৰী  দুৰ্গাপূজা ভাগ হৈ গৈছে। সকলোৰে মন ৰিঙা ৰিঙা তথাপিও  ধৰ্মীয় আধ্যাত্মিক নীতি নিয়ম কৰিব লাগিব।আধ্যাত্মিক ভাবে কৰে সংযম তথা সমাজত শান্তি প্ৰতিষ্ঠা কৰে । পৰম্পৰা  অনুসৰি অসমৰ বিভিন্ন নগৰ -চহৰ  , গাওঁ -ভূঞে ৰাজহুৱা ভাবে শ্ৰী শ্ৰী  দুৰ্গাপূজা পালন কৰি মানুহৰ মাজত ধৰ্মীয় এনাজৰী ৰক্ষা কৰি আহিছে। বিগত বৰ্ষৰ দৰে এইবেলি  নৱম বাৰ্ষিক “সদৌ ৰাৱণৱৈ সাৰ্বজনীন” শাৰদীয় শ্ৰী শ্ৰী দুৰ্গাপূজা ভাগ উদযাপন কৰিলে। শুৱালকুছি গাঁওৰ নিকটৱৰ্ত্তী বাসিন্দা হিচাপে  প্ৰথম বাৰৰ কাৰণে তেওঁলোকৰ নিমন্ত্ৰণ পোৱাত  ময়ো উপস্থিত হৈছিলোঁ। ।অগণন ভক্ত সমবেত হৈ পূজা স্থলিত ধূপ-চাকি নৈবদ্য আগবঢ়াই দেৱী মাঁ চৰণত আশীষ লৈছে।পৰিচালনা সমিতিয়ে  খুব সুন্দৰকৈ পূজা ভাগ আয়োজন কৰিলে।এইবাৰ দেৱী দুৰ্গা মাঁ হাতীত আগমন হৈছিল আৰু গমন দোলাত হৈছে।  শুভ বুলি কৈছে গতিকে সকলোৰে জীৱনত শান্তি সমৃদ্ধি ভৰি পৰক তাকে দেৱীৰ  চৰণত প্ৰাৰ্থনা কৰিলোঁ।