গান্ধী জয়ন্তী উপলক্ষে
গান্ধী জয়ন্তী
চিমী বৰুৱা , মৰিগাঁও চৰাইবাঁহী
ভাৰতবৰ্ষত প্ৰতিবছৰে ২ অক্টোবৰত “গান্ধী জয়ন্তী” হিচাপে এক ৰাষ্ট্ৰীয় দিবস পালন কৰা হয়। এই দিনটো মহাত্মা গান্ধীৰ জন্মদিন। মহাত্মা গান্ধী, যাক ৰাষ্ট্ৰপিতা বুলি সন্মান কৰা হয়, ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম মহান নেতা। তেওঁৰ জন্ম ১৮৬৯ চনত গুজৰাটৰ পোৰবন্দৰত হৈছিল। গান্ধী জয়ন্তী কেৱল এখন জন্মদিন নহয়, ই সত্য, অহিংসা আৰু নৈতিকতাৰ এক উদযাপন।
গান্ধীয়ে তেওঁৰ জীৱনৰ জৰিয়তে বিশ্বক এটা নতুন দিশ দেখুৱাইছিল। তেওঁ বিশ্বাস কৰিছিল যে অহিংসাই সকলোতকৈ শক্তিশালী অস্ত্ৰ। গান্ধীৰ নেতৃত্বত ভাৰতীয়সকলে ইংৰাজ শাসনৰ বিৰুদ্ধে অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদি আৰম্ভ কৰিছিল। এই আন্দোলনবোৰত হিংসা নহয়, শান্তিপূৰ্ণ প্ৰতিবাদকেই প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ভাৰতবাসীক একত্ৰিত কৰি স্বাধীনতাৰ বাবে তেওঁ আগবঢ়োৱা ত্যাগ আৰু আদৰ্শই দেশবাসীক নতুন দিশ প্ৰদান কৰিছিল।এই দিনটোত দেশবাসী মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰাৰ শপত গ্ৰহণ কৰে। তেওঁৰ প্ৰচাৰ কৰা ছুৱকনাৰ উচ্ছেদ, খেতি-বাৰী আৰু গ্ৰামোন্নয়ন, নাৰীৰ সন্মান আৰু শিক্ষা আদি ক্ষেত্ৰত তেওঁ আগবঢ়োৱা চিন্তাধাৰা আজিো ভাৰতীয় সমাজৰ বাবে যথেষ্ট প্ৰাসঙ্গিক ।
গান্ধী জয়ন্তী কেৱল এখন উৎসৱ নহয়, ই হৈছে এক চিন্তাধাৰা আৰু নৈতিক পথৰ অনুসৰণ। মহাত্মা গান্ধীৰ আদৰ্শ আৰু শিক্ষা আমাক অনুপ্ৰাণিত কৰি গৈছে আৰু আগলৈও কৰি যাব। সেইবাবে গান্ধী জয়ন্তী উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে তেওঁৰ আদৰ্শক জীৱনত গ্ৰহণ কৰি সমাজ আৰু ৰাষ্ট্ৰ গঠনত সক্ৰিয় ভূমিকা লোৱা।