মহাত্মা গান্ধীঃ‌ অহিংসা নীতিৰ স্বাধীনতা সংগ্ৰামী – আয়শা ছিদ্দিকা

PC Britannica

গান্ধী জয়ন্তী উপলক্ষে

মহাত্মা গান্ধীঃ‌ অহিংসা নীতিৰ স্বাধীনতা সংগ্ৰামী

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা

জীৱনটোৱে কেতিয়াবা আমাক এনে কিছুমান ব্যক্তিৰ সৈতে পৰিচয় কৰাই দিয়ে যাৰ উপস্থিতিয়ে ইতিহাসৰ গতিপথ সলনি কৰি দিয়ে। মহাত্মা গান্ধী এনে এক ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী। তেখেত এজন ৰাজনৈতিক নেতাৰ উপৰিও আছিল এক জীৱন্ত দৰ্শন।

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ইতিহাস এখনি মহাকাব্য, আৰু এই কাব্যৰ কেন্দ্ৰবিন্দুত অৱস্থান কৰি আছে সেই মহান ব্যক্তিত্ব তেওঁৰ জীৱন- দৰ্শনে ৰাষ্ট্ৰ এখনক স্বাধীন কৰাত সহায় কৰাৰ লগতে বিশ্ববাসীক এক নতুন নৈতিক আৰু ৰাজনৈতিক দৰ্শনৰ সৈতে চিনাকি কৰাই দিছিল। গান্ধীজীৰ মাহাত্ম্য আছিল তেওঁৰ ব্যক্তিত্বৰ অসাধাৰণতাত, সাধাৰণ জীৱন-যাপনত, আৰু অটল নৈতিক স্থিৰতাত।

তেখেতে দক্ষিণ আফ্ৰিকালৈ ওকালতি কৰিবলৈ যোৱাৰ পিছত জীৱনৰ গতি সলনি হয়। তাত তেওঁ সন্মুখীন হোৱা বৰ্ণবৈষম্যই তেওঁৰ মনত ৰাজনৈতিক সচেতনতাৰ সৃষ্টি কৰে। এয়াই আছিল তেওঁৰ সত্যাগ্ৰহ আৰু অহিংসাৰ দৰ্শন গঢ়ি উঠাৰ প্ৰাথমিক ভেটি। ভাৰতলৈ উভতি আহি  সাধাৰণ লোক বৃটিছ শাসনৰ জুলুমত জৰ্জৰিত হৈ পৰা দেখা পায়। তেওঁ বুজিলে যে সশস্ত্ৰ বিদ্ৰোহৰ দ্বাৰা এই সমস্যাৰ সমাধান হ’ব নোৱাৰে। সেয়েহে তেওঁ অহিংস আন্দোলন নামৰ এক নতুন পথৰ সন্ধান দিয়ে।

গান্ধীজীৰ জীৱনৰ আচৰিত বাস্তৱতা হ’ল তেওঁ কেতিয়াও ডাঙৰ আকাৰৰ ৰাজনৈতিক সংগঠন গঢ়ি তুলিব খোজা নাছিল। তেওঁ গঢ়ি তুলিছিল মানুহৰ হৃদয়ৰ মাজত এক আধ্যাত্মিক আন্দোলন। তেওঁ বিশ্বাস কৰিছিল যে পৰিৱৰ্তন আৰম্ভ হ’ব লাগিব ব্যক্তিৰ পৰা। এই চিন্তাধাৰাই তেওঁক ইতিহাসৰ পাতত এক স্বকীয় স্থান প্ৰদান কৰিছে।

গান্ধীজীয়ে কেতিয়াও ৰাজনৈতিক নেতাৰ পৰম্পৰাগত ৰূপ ধাৰণ কৰা নাছিল। তেওঁৰ পোচাক-পৰিচ্ছদ, খাদ্যাভ্যাস, কথন-ভংগী সকলোতে এক সাধাৰণ ভাৰতীয় গৃহস্থৰ ছবি প্ৰতিফলিত হৈছিল। কিন্তু এই সাধাৰণতাৰ মাজতেই নিহিত হৈ আছিল এক অসাধাৰণ শক্তি। যেতিয়া তেওঁ খাদী কাপোৰৰ ধুতী পিন্ধি দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া কাৰো কল্পনাতো নাছিল যে এই সাধাৰণ   মানুহজনেই এখন সাম্ৰাজ্যক উভালি পেলাব।

বৰ্তমান সময়ত আমি য’ত বেপৰুৱা জীৱন, ভোগবাদী সংস্কৃতি , বিলাস বহুল আৰু অস্থিৰতাৰ মাজত জীৱন-যাপন কৰিছো তাত গান্ধীজীৰ চিন্তাধাৰাই নতুন অৰ্থত জীৱনৰ সংজ্ঞা দিয়ে।তেওঁৰ সৰল জীৱন, উচ্চ চিন্তাৰ নীতিয়ে আমাক এক স্থিৰ, সন্তুলিত জীৱনশৈলীৰ মাৰ্গদৰ্শন কৰাৰ সুযোগ দিয়ে।সেইকাৰণে তেওঁৰ পৰিৱেশ সচেতনতা, স্থায়িত্বশীল উন্নয়নৰ ধাৰণাসমূহ আজিৰ বিশ্বত অতি প্ৰাসংগিক বুলি গণ্য কৰা হয়।

গান্ধীজীক সম্পূৰ্ণৰূপে বুজিবলৈ চেষ্টা কৰাটো এজন মানুহে জীৱনটোকে বুজিবলৈ চেষ্টা কৰাৰ দৰেই। তেওঁৰ চিন্তাধাৰাত বিৰোধিতা আৰু জটিলতা আছিল যদিও এইবোৰে তেওঁক আৰু অধিক মানৱীয় কৰি তোলে। তেওঁ যদি  ভুল কৰিছিল তেন্তে সংশয়ত ভুগিছিল। কিন্তু কেতিয়াও নিজৰ সত্যৰ সন্ধানৰ পথৰ পৰা আঁতৰি অহা নাছিল।

মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা সংগ্ৰামীৰ  উপৰিও আছিল এক চিৰন্তন চিন্তাৰ মূল আদৰ্শ ।যি আদৰ্শই আমাক শিকাই গৈছে যে পৰিৱৰ্তনৰ বাবে ৰাজপথত হিংসাত্মক কাৰ্য কৰাৰ প্ৰয়োজন নাই, প্ৰয়োজন হৃদয়ৰ ভিতৰত এক আধ্যাত্মিক বিপ্লৱৰ। তেওঁৰ জীৱনেই হ’ল তেওঁৰ এনে এক দৰ্শন যাৰ প্ৰতিটো আখৰ জীৱনৰ পৃষ্ঠাত লিখিত থাকিব অনাদি কাল পৰ্যন্ত। বৰ্ত্তমান সময়ত মহাত্মা গান্ধীক স্মৰণ কৰাৰ অৰ্থ হ’ল কেৱল ইতিহাসৰ এক মহান ব্যক্তিক সোঁৱৰণ কৰাতকৈ অধিক  আমাৰ নিজৰ জীৱনত সত্য, অহিংসা আৰু নৈতিকতাৰ পুনৰাবিষ্কাৰৰ আহ্বানৰ দিশ মুকলি কৰা।

গান্ধীজীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামক এক গণ-আন্দোলনলৈ ৰূপান্তৰিত কৰিছিল। তেওঁৰ নেতৃত্বত এই সংগ্ৰামত সাধাৰণ কৃষক, শ্ৰমিক, মহিলা, তথা সমাজৰ প্ৰতিখন শ্ৰেণীৰ লোকেই অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিল। অসহযোগ আন্দোলনৰ জৰিয়তে তেওঁ বিদেশী বস্ত্ৰ বৰ্জন, চৰকাৰী শিক্ষানুষ্ঠান আৰু আদালত বৰ্জনৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এই আন্দোলনে বৃটিছ চৰকাৰৰ অংগচালনা অচল কৰি পেলোৱাৰ লগতে ভাৰতীয়সকলক আত্মসম্মানৰ সৈতে জীয়াই থকাৰ পথ দেখুৱাইছিল।

মহাত্মা গান্ধীয়ে আমাক শিকাই গৈছে যে সত্য আৰু অহিংসাৰ বলত যিকোনো অত্যাচাৰী শক্তিক পৰাস্ত কৰিব পাৰি। তেওঁৰ সংগ্ৰাম আছিল স্বাধীনতাৰ বাবে কিন্তু তেওঁৰ লক্ষ্য আছিল স্বৰাজ অৰ্থাৎ প্ৰত্যেক ব্যক্তিৰ আত্মিক মুক্তি। ১৯৪৭ চনত ভাৰতে যি স্বাধীনতা লাভ কৰিলে তাৰ বীজ ৰোপণ কৰিছিল গান্ধীজীয়ে। তেওঁৰ জীৱনদৰ্শন আজিও আমাক পথ দেখুৱাই আছে। সাম্প্ৰদায়িকতা, হিংসা, আৰু বৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়াত গান্ধীজীৰ ” অহিংসাই পৰম ধৰ্ম” এইবোৰ বাণী আমাৰ প্ৰেৰণাৰ উৎস হৈ থাকিব চিৰদিন। মহাত্মা গান্ধী আমাৰ চিৰন্তন আদৰ্শ। যি আদৰ্শই মানৱতাৰ মুক্তিৰ বাবে আজিও পথপ্ৰদৰ্শক হিচাপে কাম কৰে।

আমাক শান্তি, সহনশীলতা আৰু মানৱতাৰ পথত আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিয়া এইজনা  মহান ব্যক্তিৰ জন্মদিনটো ২ অক্টোবৰ তাৰিখটো সেয়ে সকলো ভাষা, বৰ্ণ ,ধৰ্ম নিৰ্বিশেষে গান্ধী জয়ন্তী হিচাপে পালন কৰি মহান আত্মাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।