কামৰূপৰ গন্ধমৌত গুৰুজনাৰ ৫৭৭ তম্ জন্মজয়ন্তী মহোৎসৱ পালন
ৰঙিলী বাৰ্ত্তাসেৱা- বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ গন্ধমৌ টো শ্রীশ্রী শংকৰ-মাধৱ নহাটী সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়, জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ তম্ জন্মজয়ন্তী মহোৎসৱ। প্ৰথম দিনা পুৱা উষা কীৰ্ত্তনেৰে আৰম্ভ কৰি সন্ধিয়া বন্তি প্ৰজ্বলন কৰে ধীৰেন নাথ আৰু চক্ৰধৰ নাথে। লগতে ভাগৱত শোভাযাত্রাৰ শেষত সত্ৰত ভাগৱত স্থাপন কৰে। দ্বিতীয় দিনটোতে পুৱা ৪ বজাত উষা কীৰ্ত্তন, ৬ বজাত আই সকলৰ প্ৰসংগ, ধৰ্ম পতাকা উত্তোলন কৰে গিৰিশ চন্দ্ৰ নাথ সভাপতি,শ্ৰীশ্ৰী শংকৰ-মাধৱ নহাটী সত্ৰ গন্ধমৌ। ১০ বজাত বাপ সকলৰে হৰি কীৰ্ত্তন কৰা হয়, পাঠক মহিম নাথ। সন্ধিয়া ৭:৩০ বজাত বন্তি প্ৰজ্বলন কৰি অংকীয়া নাটৰ শুভাৰম্ভ কৰে শুৱালকুছিৰ বিশিষ্ট সমাজকৰ্মী প্ৰাণজিত দাসে। উপস্থিত থাকে গন্ধমৌ গাঁও পঞ্চায়ৰ সভানেত্রী ৰিনা নাথ, সমাজকৰ্মী নাৰায়ণ নাথ,নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্য, শিক্ষক চক্ৰধৰ নাথ, যুৱ সমাজকৰ্মী চম্পক দাস । অনুষ্ঠানটো সম্পূৰ্ণভাৱে আত ধৰে সমাজকৰ্মী হৰগোবিন্দ নাথে।তাৰ পিছতে বলেন কুমাৰ দাসৰ ৰচনা আৰু পৰিচালনাৰে গুৰুজনাৰ অনবদ্য অংকীয়া নাট পত্নী প্ৰসাদ ৰ অসমীয়া নাট্য ৰূপ “বিপ্ৰপত্নী-প্ৰসাদ” একশৰণ হৰি নাম প্ৰচাৰ আৰু সাংস্কৃতিক দল ,শুৱালকুছি প্ৰদৰ্শন কৰে। তৃতীয় দিনা পুৱা উষা কীৰ্ত্তন নাম প্ৰসংগ কৰি আৱেলি ৫ বজাত ধৰ্মধ্বজা অৱনমন কৰিব বুলি জনাইছে উদ্যোক্তা সকলে।