অসমত থকা নেপালী সম্প্ৰদায়ৰ দুৰ্গা পূজাৰ উদযাপন
চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
নেপালী সম্প্ৰদায়ৰ মুলতঃ অতীততে প্ৰধান বাসভূমি নেপাল ৰাষ্ট্ৰই আছিল। কিন্তু সময়ৰ অগ্ৰগতি ফলত কাল ক্ৰমান্বয়ে নেপালী সম্প্ৰদায়ৰ লোকসকলে বিশ্বৰ ভিন্ন ভিন্ন ঠাইত নিজৰ সুবিধা অনুসৰি বিচৰণ কৰি সেই ঠাই সমূহকে নিজৰ কৰি তাতেই জীৱন ধাৰণা কৰিবলৈ ধৰে।সেই অনুসৰি ভাৰতৰ ভূমিৰ অসম ৰাজ্যৰ নেপালী সকলৰ আগমনৰ কথা একেবাৰে সঠিককৈ তথ্য অনুসৰি উল্লেখ কৰাটো সম্ভৱপৰ নহয়। নেপালী সম্প্ৰদায়ৰ লোকসকল মুলতঃ হিন্দু ধৰ্মাৱলম্বী আৰু ভাৰত তথা অসম ৰাজ্যৰ লোকসকলো বেছিভাগে হিন্দু ধৰ্মাৱলম্বী লোকসকলে আছে ।গতিকে ধাৰ্মিক সূত্ৰৰ অনুসৰিও নেপালী সম্প্ৰদায়ৰ লোকসকল ভাৰত তথা অসম ভূমিৰ ওতঃপ্ৰোত ভাৱে সাঙোৰ খাই আছে। সেয়েহে অসমৰ চুকে কোনে উদযাপন কৰি অহা দুৰ্গা পূজা হল নেপালী জাতিৰ জাতীয় উৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত। অসম তথা ভাৰতৰ কিছু কিছু ৰাজ্যত দুৰ্গা পূজা সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। কিন্তু নেপাল ৰাষ্ট্ৰৰ পৰম্পৰা অনুসৰি অসমত বসবাস কৰা নেপালী সকলেও উদযাপন কৰা দুৰ্গা পূজাৰ আগমন ১৬ শ্ৰাদ্ধ অৰ্থাৎ পূৰ্ণিমাৰ পৰা আৰম্ভ হৈ একেবাৰে গৈ গৈ লক্ষ্মী পূৰ্ণিমাৰ পূজাৰ দিনা সামৰণি ঘটে। ১৬ শ্ৰাদ্ধক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পিতৃপক্ষ বা মহালয়া নামেৰেও পৰিচিত। নেপালী সকলে পালন কৰি অহা এই পিতৃপক্ষৰ ১৬ দিন ধৰি একেবাৰে শ্ৰাদ্ধৰ আকাৰত এসাজ অন্ন গ্ৰহণ কৰি নিজ নিজ মৃত পূৰ্ব পুৰুষ সকলক ধুপ বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন বা স্মৰণ কৰা হয়। তাৰ পৰবৰ্তী পৰ্যায়ত সাময়িক ধৰনে নৱৰাত্ৰিত পালন কৰি দেৱী দুৰ্গাৰ চৰণৰ প্ৰতিদিনে পূজা অৰ্চনা কৰা হয়। ইয়াৰ পৰবৰ্তী পৰ্যায়ত অৰ্থাৎ বিজয়া দশমীৰ দিনা নেপালী সম্প্ৰদায়ৰ লোকসকলে ঘৰে ঘৰে যিকোনো শুদ্ধ পাত্ৰত অংকুৰিত হবলৈ দিয়া গোমধানৰ গজালি পাতবোৰ ( জমৰাক) দেৱী দুৰ্গাক উৎসৰ্গিত কৰি একেবাৰে দশমীৰ দিনৰ পৰা আৰম্ভ কৰি লক্ষ্মী পূৰ্ণিমাৰ দিনালৈকে নিজ আত্মীয়, সম্বন্ধীয় সকলে তথা নিজ নিজ অভিভাৱক সকলে পৰিয়ালৰ সকলোবোৰ সদস্য সকলে বয়জেষ্ঠ পৰা জমৰাৰ জৰিয়তে চাউলৰ ৰঙা ফুট লৈ আশীৰ্বাদ গ্ৰহন কৰি যায়।
নেপালী সম্প্ৰদায়ে উদযাপন কৰা দুৰ্গা পূজাক দশাইন নামেৰেও জনা যায়। এই উৎসৱত দুৰ্গাৰ শক্তি পূজা কৰা হয়। ইয়াৰ উপৰিও দুৰ্গা পূজা হল নেপালী সম্প্ৰদায়ৰ বাবে আত্মীয়, সম্বন্ধীয় তথা পাৰিবাৰিক মিলন,সংযোগৰ এক পবিত্ৰ সময়। যেনেকৈ আমি অসমত বসবাস কৰি অসমৰ জাতীয় উৎসৱ বিহু বহু আনন্দ, উল্লাখৰ মাজৰে পালন কৰি যাওঁ ঠিক সেইদৰে অসমত আহি জীৱন নিৰ্বাহ কৰি থকা আমি নেপালী সম্প্ৰদায়ৰ লোকসকলে নিজৰ জাতীয় উৎসৱ দুৰ্গা পূজা সকলো অসমীয়া জাতি-জনজাতিৰ লগত একলগ হৈ অতি আনন্দ উৎসাহৰ মাজেদি প্ৰতিবছৰে পালন কৰি আহিছোঁ।