১০ অক্টোবৰত ঘোষণা হ’ব এডিআইৰ তৃতীয়বৰ্গৰ ফলাফল
ৰঙিলী বাৰ্ত্তাসেৱা- ফেচবুক লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ঘোষণা কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই ঘোষণা কৰা অনুসৰি অহা ১০ অক্টোবৰত এডিআৰইৰ তৃতীয়বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণ কৰা হ’ব। আনহাতে ১৫ অক্টোবৰত এডিআৰইৰ চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত উল্লেখ কৰে যে এডিআৰইৰ পৰীক্ষাৰ ফলাফলৰ লগতে আন কেইবাটাও নিযুক্তি পৰীক্ষাৰ ফলাফল ১০ অক্টোবৰত ঘোষণা কৰাৰ কথা আছিল যদিও যোৱা কেইদিনমানৰ ঘটনাপ্রৱাহ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত এই প্রক্রিয়া স্থগিত ৰখা হৈছিল। চৰকাৰে এতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনসমূহ স্থিৰ কৰিছে। সেই অনুসৰি এডিআৰই পৰীক্ষাৰ তৃতীয়বৰ্গৰ নিযুক্তিৰ ফলাফল ১০ অক্টোবৰত ঘোষণা কৰা হ’ব। একেদৰে এডিআৰইৰ প্ৰায় ৫ হাজাৰ পদৰ বিপৰীতে অনুষ্ঠিত চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ফলাফল ১৫ অক্টোবৰত ঘোষণা কৰা হ’ব। আনহাতে স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল (টেকনিকেল-নন টেকনিকেল) অহা ১২ অক্টোবৰৰ পূৰ্বে ঘোষণা কৰা হ’ব। একেদৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে যি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল, সেই পৰীক্ষাৰ ফলাফল ১৫-২০ অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰা হ’ব। মুখ্যমন্ত্রীয়ে এই প্ৰসংগত উল্লেখ কৰে যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ ফলাফল ঘোষণা কৰা হ’ব। কিয়নো প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ যাতে স্নাতক বা স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীয়ে দখল কৰিব নোৱাৰে আৰু প্ৰাথমিক শিক্ষক পদৰ বাবে আবেদন কৰা যুৱক-যুৱতীসকল যাতে বঞ্চিত হ’বলগা নহয়। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তিৰ ফলাফল ১৫ অক্টোবৰৰ্ত ঘোষণা কৰা হ’ব। এই সমগ্ৰ পৰীক্ষাৰ ফলাফলসমূহ ২০ অক্টোবৰৰ পূৰ্বেই ঘোষণা কৰা হ’ব। আনহাতে আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল তথা অগ্নিনির্বাপক বাহিনীৰ ফলাফল ১০ অক্টোবৰ বা তাৰ পূৰ্বে ঘোষণা কৰা হ’ব। এইক্ষেত্ৰত এবি আৰু ইউবি কনিষ্টবলৰ নিযুক্তিৰ ফলাফল দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে সাময়িকভাৱে চৰকাৰক এক বাধা আৰোপ কৰিছে। এই বাধা অতিক্ৰম কৰি অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি এই মাহৰ ভিতৰতে আৰক্ষীৰ এবি আৰু ইউবি কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পৰা যাব। মুখ্যমন্ত্ৰীৰ ঘোষণা- ফলাফলসমূহ ১০ অক্টোবৰৰ পৰিৱৰ্তে ২০ অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ’ব যদিও ২৫-২৬ অক্টোবৰৰ ভিতৰত প্ৰতিটো পদৰ নিযুক্তি-পত্ৰ হাতত তুলি দিয়া হ’ব। পৰীক্ষাৰ ফলাফল ঘোষণা কৰা পাছত বিভাগসমূহলৈ পত্ৰ প্ৰেৰণ কৰি কাক কেনেদৰে নিযুক্তি দিয়া হ’ব তাক জনাব লাগে। বিভাগে এই পত্ৰ লাভৰ পাছতে নিযুক্তি-পত্ৰ প্ৰস্তুত কৰিব। এইক্ষেত্ৰত এইটো স্পষ্ট যে অক্টোবৰ মাহৰ ভিতৰতে প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰিব।