আই এম লিজেণ্ড
ইভা গন্ধীয়া ফুকন
আজি বিৰাট এটা শূণ্যতা
মানুহৰ মাজত থাকি ভালপোৱা মহনায়কৰ মহাপ্ৰয়াণ
মৃত্যুও যদি হয় শিল্প
তেনে শিল্পক জয় কৰাৰ শকতি
নাছিল নে তোমাৰ
বিশাল সাগৰে বুজিব নোৱাৰিলে তোমাৰ বিশালতা
নে গানৰ দৰে মৃত্যুও সহজ বুলি ভাবিলা
বিশ্বৰ চতুৰ্থ শেষ যাত্ৰাৰ সমদল লৈ
তুমি ৰোৱা চন্দন গছৰ ডালেৰে সজোৱা
চন্দন কাঠৰ চিতাত উঠি
আৰক্ষীৰ চালামি লৈ
মঙ্গল মন্ত্ৰোচ্ছাৰণৰ ধ্বনিত
ধোঁৱা হৈ বিলীন হ’লা পঞ্চভূতত
অপলক নেত্ৰে চাই ৰৈ থাকিল অগণন অনুৰাগী
চিৰ জ্যোতিষ্মান তুমি জুবিন গাৰ্গ
তুমি কোৱাৰ দৰে
” মই মৰিলে সাতদিন অসম বন্ধ থাকিব,
আই এম লিজেণ্ড।”
সেয়াই আজি বাস্তৱ
“মোৰ এই গান মাথো গাই যাওঁ—-“
মই মৰিলে এই গানটোকে বজাবা গোটেই অসমত
সেয়াই বাজি আছে আজি অসমত
তোমাৰ শেষকৃত সমাপন হ’ল
ধন্য হ’ল সোণাপুৰৰ কুমাৰকুছি বাসী
তাতে থাকিব জিলিকি তোমাৰ সমাধি সৌধটি ।।