জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনায় – জ্যোতিস্মিতা গোস্বামী শৰ্মা

জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনায় 

জ্যোতিস্মিতা গোস্বামী শৰ্মা

“আকাশে গাতে ল’বৰে মন
সাগৰৰ তলিত শুবৰে মন।”

কোনোদিন ভাগৰি নপৰা শিল্পী জন আজি ভাগৰি পৰিল। জুবিন দাৰ আকস্মিক মৃত্যুত অসমবাসীৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থান আনকি বিদেশৰ লোকো শোকত ভাগি পৰিছে। তেওঁ অসমীয়া জাতিৰ আবেগ। তেওঁৰ মনটো সাগৰৰ দৰে বিশাল। তেওঁৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। সকলোকে তেওঁ সমান চকুৰে চাইছিল। সেয়ে অগণন জনগণ অশ্ৰুসিক্ত নয়নেৰে তেওঁক শেষ বাৰৰ বাবে চাবৰ বাবে ঘৰৰ পৰা ওলাই আহিছে।

কনফুচিয়াচে কৈছিল “যিহেতু মানুহে হাবিৰ জীৱ-জন্তুৰ মাজত থাকি কোনো মহৎ কাৰ্য কৰিব নোৱাৰে। সেয়ে দুখ পূৰ্ণ মানুহৰ মাজত থাকি মানুহৰ দুখ অশান্তি দুৰ কৰাই হ’ব লাগিব মানুহৰ ঘাই কৰ্তব্য।”আমাৰ জুবিনদাই কনফুচিয়াচৰ কথাষাৰ প্ৰমাণ কৰি দেখুৱাইছিল। তেওঁ দুখ পূৰ্ণ মানুহৰ দুখ দুৰ কৰাৰ চেষ্টা কৰিছিল।তেওঁৰ মতে, মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই।দুখী জনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়।

এলেনোৰ ৰুছভেল্টে কৈছিল”মহৎ  মনবোৰে নতুন ধাৰণাৰ কথা পাতে, মজলীয়া মনবোৰে ইভেন্টৰ কথা পাতে আৰু সৰু মনবোৰে পাতে মানুহৰ কথা।”জুবিনদা মহৎ মনৰ লোক আছিল। তেওঁৰ মনত  নতুন নতুন ধাৰণাই গঢ় লৈ উঠিছিল।

লিঅ’টলষ্টয়ৰ মতে “জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ’ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্ম ৰাজি আদৰ্শ জীপাল হৈ থকাটোহে।কালবলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথোঁ সুকৰ্ম ৰাজিৰ দ্বাৰাহে।”সঁচাকৈ আজি সকলোৰে প্ৰাণৰ আমঠু জুবিন দাই লিঅ’টলষ্টয়ৰ কথাষাৰৰো প্ৰমাণ দি থৈ গ’ল। তেওঁ মৰিও অমৰ।কায়িক ভাৱে তেওঁ আমাৰ মাজত নাই যদিও প্ৰতিজন অসমীয়াৰ উশাহত চিৰদিনলৈ জীয়াই থাকিব। তেওঁ ল’ৰা-ছোৱালীৰ পৰা বৃদ্ধ জনলৈকে মন জয় কৰিছে। জুবিনদা আমাৰ আপুৰুগীয়া সম্পদ, প্ৰকৃত গৌৰৱ। তেওঁৰ সু-কৰ্ম ৰাজি মানুহৰ মনত জীপাল হৈ থাকিব।তেওঁৰ আত্মাৰ চিৰ শান্তিৰ কামনা কৰি নেদেখা জনৰ ওচৰত সেৱা জনালোঁ।