তুমিয়েই সাগৰ
ৰূপালী চুতীয়া
ডিব্ৰুগড়
হঠাতে হেৰাল কাৰ চোতালত
আমাৰ হিয়াৰ আমঠু
তুমি নিজেই সাগৰ সদৃশ হৈও
কিয় শুবলৈ গলা আনৰ দেশলৈ ?
পাখি মেলিবলৈ মন গ’ল মেলিলা
কলীয়া ডাৱৰত বিলীন হ’লা
এবাৰও ভাবি নাচালা
তুমি বিহীন জনতাৰ কি হ’ব
তুমি বিহীন গৰিমাৰ ….
কব লৈ ভাষা নাই পোৱা জানা ।
তুমিয়েই কৈছিলা
আহে বা নাহে ঘুমতি
আজি কিয় ইমান টোপনি ?
উঠিবলৈ কৈছে তোমাক
এসাগৰ অসমে
কিয় ইমান নিদ্ৰাত আজি ?
শৰতৰ আগমন এতিয়া
তোমাৰ মন নাযাব নে
কুঁৱলীত দুভৰি নিয়াবলৈ?
মন নাযাব নে
বিহু মঞ্চত তোমাৰ বিহু শুনি
আমাৰ বোকা নাচ চাবলে ?
মন গলেই আহিবা
পাখি মেলি গান গাবলৈ
জানো ভয় নকৰা তুমি
ঘেণ্টা কাৰোলে।
মানুহ বোৰে বৰকৈ কান্দিছে অ’
উঠি অলপ গালি দিয়া চোন
মনে মনে থাকিবলৈ ,
তুমি শান্তিয়ে থাকিব পাৰিবা
নিতালে নিমাতে অকলে অকলে
নিতালে নিমাতে অকলে অকলে