মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাব বিচিচিআইয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- অপ্রত্যাশিতভাৱে ছিংগাপুৰত মৃত্যুক সাবটি লোৱা কণ্ঠশিল্পী জুবিন গাৰ্গৰ শোকত লাখ লাখ অনুৰাগী শোকস্তব্ধ হৈ পৰাৰ সময়তে ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে যে ৩০ ছেপ্টেম্বৰত বৰ্ষাপাৰাস্থিত অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত হ’বলগীয়া মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানৰ মাজতে জুবিন গাৰ্গক ৪০ মিনিটজোৰা এটি অনুষ্ঠানেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। উল্লেখ্য যে সেইদিনা প্রতিযোগিতাখনৰ উদ্বোধনী মেচত ভাৰতে শ্রীলংকাৰ বিৰুদ্ধে খেলিব। শ্রদ্ধাঞ্জলি অনুষ্ঠান সম্পৰ্কত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই কয়-‘জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্যজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। এনে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অসম ক্রিকেট সন্থা আৰু ভাৰতীয় ক্রিকেট ব’ৰ্ডে তেওঁক সন্মান জনোৱাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি, বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত জুবিন গাৰ্গলৈ শ্রদ্ধা জনাই এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জুবিনৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ ৪০ মিনিটজোৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। সচিবগৰাকীয়ে লগতে কয় যে উদ্বোধনী অনুষ্ঠানটোত কণ্ঠশিল্পী শ্রেয়া ঘোষালে সংগীত পৰিৱেশন কৰিব। উল্লেখ্য যে জুবিন গাৰ্গ এগৰাকী মহান শিল্পীৰ লগতে তেওঁ আছিল ক্রিকেটৰো অনুৰাগী। তদুপৰি, অসমৰ বিভিন্ন প্রতিযোগিতা তথা ৰাষ্ট্ৰীয় প্রতিযোগিতাত খেলুৱৈসকলক উদ্বুদ্ধ কৰিবলৈ তেওঁ থীম ছং পৰিৱেশন কৰিছিল। অন্তিম যাত্রাত অংশগ্ৰহণ কৰা অনুৰাগীয়ে বিশ্বৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰা জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদন কৰিবলৈ অসম ক্রিকেট সন্থা আৰু ভাৰতীয় ক্রিকেট ব’র্ডে আয়োজন কৰা অনুষ্ঠাটোৱে স্বাভাৱিকতে অনুৰাগীসকলক আনন্দিত কৰিছে।