স্মৃতিৰ মণিকোঠাত – অঞ্জু শাণ্ডিল্য

স্মৃতিৰ মণিকোঠাত

অঞ্জু শাণ্ডিল্য

আমাৰ ঢাপকটাৰ ঘৰৰ পদুলিমুখত থকা পুলটোত বহি থাকোতে এদিন আবেলি মামুৰ লগত আহি সেইখিনিত ৰৈছিল।মামুৱে চিনাকী কৰাই দি কৈছিল, “অঞ্জুবা,এয়া গল্ডি, আমাৰ মামাৰ ল’ৰা।” মৰম লগা ধুনীয়া ল’ৰাজনে কাষতে বহি মোৰ দীঘল চুলিকোছা চুই চাইছিল ।তেতিয়া তেওঁ তামুলপোৰত হাইস্কুলৰ ওপৰ শ্ৰেণীৰ ছাত্ৰ।পাছত যোৰহাটৰ বঙালপুখুৰীৰ নিজাঘৰত থাকি জেবি কলেজত পঢ়িবলৈ লয় আৰু যোৰহাট সঙ্গীত বিদ্যালয়ত তবলা শিকিছিল ।সেই সময়ত ময়ো যোৰহাট সঙ্গীত বিদ্যালয়ত চেতাৰ শিকিছিলো।তাতে তেওঁক প্ৰায়েই লগ পাইছিলো ।কেতিয়াবা মামুৰ লগত তেওঁলোকৰ ঘৰলৈ গৈছিলো ।আৰু মামু হতৰ ঘৰলৈও তেওঁ আহিছিল ।মাঘবিহুৰ উৰুকাৰ নিশা ঢাপকটাত থাকি ফূৰ্তি কৰিছিল ।পাছত গুৱাহাটীত নিগাজীকৈ থাকিবলৈ লোৱাত আমাৰ স্বামীৰ ঘৰখনৰ সৈতে চিনাকী হৈ আমাৰ পৰিয়ালৰ এজন হৈ পৰে ।মোতকৈও স্বামীৰ সৈতে আন্তৰিক সম্পৰ্ক গঢ়ি উঠে।প্ৰায়েই তেওঁৰ স্টুডিঅ’লৈ অহা -যোৱা কৰিছিল ।জন্মদিনৰ নিমন্ত্ৰণ প্ৰতিবছৰে কৰিছিল।প্ৰয়াত দিলীপদাৰ লগতো তেওঁৰ সুমধুৰ সম্পৰ্ক গঢ়ি উঠিছিল ।সেইটো গল্ডি নোহোৱা হৈ গ’ল! বিশ্বাস হোৱা নাই ।ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেওঁৰ আত্মাই সদ‌গতি লাভ কৰক।