কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ’ল অসমীয়াৰ হাৰ্টথ্ৰব গণশিল্পী জুবিন গাৰ্গ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
একেবাৰে উভতি নহাৰ বাটেৰে মাত্ৰ বাৱন্ন বছৰ বয়সতে ( ১৮ নৱেম্বৰ ১৯৭২- ১৯ চেপ্তেম্বৰ ২০২৫) গুচি গ’লগৈ অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব গণশিল্পী জুবিন গাৰ্গ।
তেওঁ গীতৰ মাজেৰে বিচৰা মতেই ” সাগৰৰ তলিত শুবৰে মন ” চিংগাপুৰৰ সাগৰৰ বুকুত সাঁতুৰিবলৈ গৈ অনন্ত শয্যাত শায়িত হ’ল। তেওঁ এদিন ষ্টেজ প্ৰগ্ৰাম কৰি থাকোঁতে হাজাৰ হাজাৰ গুণমুগ্ধ অনুৰাগীৰ আগত ঘোষণা কৰিছিল যে, তেওঁ মৰাৰ পিছত যেন অসমৰ আকাশে-বতাহে তেওঁৰ গীত” মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি,ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত,নিয়ৰৰে চেঁচা টোপাল,নামি অহা ৰ’দৰে নৈ, মোৰ দেহত প্ৰতি পুৱা। ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন,এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। নিজানৰ গান শেষ হ’ব ভাবো তোমাৰ বুকুত, প্ৰতি পলে তোমাৰেই কথা কৈছে মোৰ মন।”
এতিয়া, এই গীতটি এতিয়া অসমৰ সকলো চুকে কোণে কৰুণ সুৰে বাজি আছে।
পাখি মেলি উৰি গ’ল জুবিন গাৰ্গ। এটা গান শেষ হোৱাৰ পাছত আৰু এটা গান শেষ হ’ল ; যি গানত আছিল পুৱাৰ ৰ’দ-কাচলিৰ কোমল স্নিগ্ধ-সনা,সূৰ্যদীপ্ত মধ্যাহ্নৰ উদীপ্ত আভা, সন্ধ্যাৰাগৰ বিষাদগ্ৰস্ততা ; জুবিন গাৰ্গৰ যাদুকৰী কণ্ঠৰ সেই মায়াবিনী সুৰ চিৰদিনৰ বাবে স্তব্ধ হৈ পৰিল। এতিয়া অসমৰ ঘৰে ঘৰে শোকৰ ছাঁ ; হিয়া ঢাকুৰি কান্দিছে প্ৰতিজন অসমীয়াই। নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব গণশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকাভিভূত হৈছে পশ্চিমবংগৰ বাঙালী সমাজ আৰু প্ৰত্যেকজন ভাৰতীয়।
জুবিন গাৰ্গ আৰু নাই। জুবিন গাৰ্গবিহীন এটা নিস্তব্ধ প্ৰহৰ, গোমা আকাশ, উঁচুপি উঁচুপি কান্দিছে তেওঁৰ নন্দন কাননত ফুলি থকা প্ৰতিজোপা গছ। ধুমুহাৰ স’তে যুঁজ দিবলৈ এতিয়া আৰু নাই অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গ। এই গৰাকী অনন্য প্ৰতিভাৰ অধিকাৰী জুবিন গাৰ্গ কি নাছিল? তেওঁ আছিল একাধাৰে কণ্ঠশিল্পী, গীতিকাৰ, সংগীত ব্যৱস্থাপক, চলচ্চিত্ৰ অভিনেতা, পৰিচালক, বাদ্যযন্ত্ৰী ( কী-বৰ্ড, মিটাৰ, তবলা, মেণ্ডোলিন, দগৰ, প্যাৰকাচন আদি),কবি ,সমাজ-কৰ্মী,
জুবিন গাৰ্গে ৪০ টি ভাষাত প্ৰায় ৩২ হাজাৰ গীতত কণ্ঠদান কৰিছিল। তাৰ ভিতৰত অসমীয়া, বাংলা আৰু হিন্দী ভাষা উল্লেখযোগ্য।
তেওঁ উন্নৈশ বছৰ বয়সতে ১৯৯২ চনত ” অনামিকা” নামৰ প্ৰথম অসমীয়া গীতৰ এলবাম মুকলি কৰিছিল। তাৰ পিছত তেওঁ থমকি ৰোৱা নাছিল। তাৰ পিছত তেওঁ ক্ৰমে অনুৰাধা (১৯৯২), মায়া (১৯৯৪), আশা ( ১৯৯৫),জুবিনৰ গান ( ১৯৯৬), ৰং (১৯৯৬), মুক্তি ( ১৯৯৭) , জানমণি (১৯৯৮),মেঘৰ বৰণ( ১৯৯৯) , পাখি( ১৯৯৯),ৰাংঢালী (১৯৯৯), সপোন (১৯৯৯) , হিয়ামন( ২০০১), শিশু (২০০২),উৰণীয়া মন( ২০০৭), ৰুমাল ( ২০০৮),অভিমানী মন (২০০৯), যন্ত্ৰ ( ২০০৪) , ৰুণজুন ( ২০১২), কিং( ২০১৫) কে আদি কৰি অসংখ্য অসমীয়া এলবাম গীত ৰচনা কৰিছিল।
এজন সংগীত পৰিচালক, গীতিকাৰ আৰু অভিনেতা হিচাপেও তেওঁ জনাজাত।
জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা অসমীয়া বোলছবি কেইখন হ’ল — হিয়া দিয়া নিয়া, তুমি মোৰ মাথোঁ মোৰ,দাগ, নায়ক,প্ৰেম আৰু প্ৰেম, কন্যাদান, জীৱন নদীৰ দুটি পাৰ, জোনাকী মন, বিধাতা, প্ৰিয়া মিলন, অগ্নিসাক্ষী,জুমন সুমন, বাৰুদ, অধিনায়ক, আমি অসমীয়া, দীনবন্ধু, ৰং,মন যায়, ৰ’দৰ চিঠি,গানে কি আনে, মিছন চাইনা, প্ৰিয়াৰ প্ৰিয় ইত্যাদি।
তেওঁ ফিজা, কাঁটে ,মুড্ডা, ব্ৰাইডছ ৱান্টেট, গেংষ্টাৰ,প্যাৰ কে ছাইড ইফেক্ট, গুড বয়,বেড বয়, বিগ ব্ৰাদাৰ, হমাৰী অধুৰী কাহিনী ইত্যাদি সংগীতত কণ্ঠদান কৰিছিল।
বঙালী চিনেমা ” শুধু তুমি” ৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। আৰু হিন্দী গীত ” য়া আলি ” শীৰ্ষক গীতটিৰ বাবে তেওঁ ২০০৭ চনত গ্লোবেল ইণ্ডিয়ান ফ্লিম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা ( পুৰুষ) লাভ কৰিছিল। জুবিন গাৰ্গৰ যাদুকৰী কণ্ঠ আৰু একৈশ শতিকাৰ আধুনিক প্ৰাচ্য আৰু পাশ্চাত্যৰ সংমিশ্ৰণত গঢ়ি তোলা সংগীত পৰিৱেশন আৰু বোলছবি নিৰ্মাণ কৰাৰ বাবে কলাকাৰ এৱাৰ্ড ২০০৮,(বেষ্ট মিউজিক এলবাম ) ৫৫ তম নেচনেল ফ্লিম এৱাৰ্ড ( ২০০৯), প্ৰাক চিনে এৱাৰ্ড( ২০১১) আৰু অসমীয়া সংগীত জগতত নতুন ধাৰা সৃষ্টি কৰাৰ বাবে “ৰেনেছাঁ অসম বঁটা,২০১৪ আদি বিভিন্ন বঁটা-বাহনেৰে বিভূষিত হৈছিল। অসমীয়া কাব্য জগতলৈ আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো তেওঁৰ অৱদান অপৰিসীম।
সাগৰৰ দৰে বিশাল আৰু গহীন, হিমালয়ৰ এভাৰেষ্ট শৃংগৰ দৰে সুউচ্চ আৰু ভূমণ্ডলৰ দৰে পৰিবেষ্টিত ডঃ ভূপেন হাজৰিকাৰ পিছতেই জুবিন গাৰ্গ অসমৰ উজ্জ্বল ভোটাতৰা।
তেওঁ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰাৰ বাবে জুবিন গাৰ্গে ২০০১ চনত গোৱা কেইবাটাও গান — যেনে – মায়াবিনী ৰাতিৰ বুকুত, দাগ মোৰ বুকুতে , লাহে লাহে, নায়ক হ’ব খুজি ইত্যাদি অসমীয়া, হিন্দী, বঙালী, কোঁচ ৰাজবংশী, বড়ো, গোৱালপৰীয়া দেশী, কমতাপুৰী, চাহ বাগানীয়া,হাজং, মিচিং, কাৰ্বি,গাৰো, ৰাভা, ডিমাচা,টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী,ওৰিয়া, তামিল, তেলেগু, কানাড়া, মালায়ালম, মাৰাঠী,গালো আৰু ইংৰাজী ভাষাত কণ্ঠদান কৰি সকলো ভাৰতবাসীৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। কেৱল সেয়ে নহয়, তেওঁ আছিল এজন সক্ৰিয় সমাজসেৱক। তেওঁ এজন অনুষ্ঠান বুলি গণ্য কৰিব পাৰি ; যিয়ে দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত ৰোগীৰ ওচৰত সদায় থিয় হৈছিল, শিল্পীৰ সহায়ৰ বাবে শিল্পী ন্যাস গঠন কৰিছিল,কি গঁড় হত্যাৰোধ কি বানপানীত দুৰ্গতৰ ওচৰত সকলোতে অগ্ৰগামী ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ আছিল দুখীয়া নিচলাৰ পৰম বন্ধু; প্ৰকৃত গণশিল্পী।
জুবিন গাৰ্গৰ এই অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে অসম তথা ভাৰতবাসী। অসমীয়া সাহিত্য সংস্কৃতি আৰু সংগীত জগতৰ এই অপূৰণীয় ক্ষতি বা শূন্য স্থান কোনোৱে পূৰ্ণ কৰিব নোৱাৰে। তেওঁ মৰিও অমৰ। তেওঁৰ সুৰৰ ঝংকাৰ, বাদ্যযন্ত্ৰত সৃষ্টি কৰা অপূৰ্ব সোৱাদ আৰু শক্তিশালী অভিনয় দক্ষতাই অসমীয়া জাতিক বিশ্বদৰবাৰত স্বকীয় বৈশিষ্ট্যৰে পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে। তাৰ বাবে জুবিন গাৰ্গ আমাৰ চিৰ-নমস্য!