লুইত কণ্ঠ-জুবিন গাৰ্গ  – বাহাৰুল ইছলাম 

লুইত কণ্ঠ-জুবিন গাৰ্গ 

বাহাৰুল ইছলাম 
বাকৰুদ্ধ আজি বিশ্ব
নিস্তব্ধ অসমীয়া
আকৌ অসমীয়াৰ বুকু শুদা হ’ল
অনন্য সুৰ এটিৰ অপমৃত্যু হ’ল
মৃত্যুৰ বাবেই জন্ম হ’লেও
কিছু মৃত্যুৰ বাৰ্তাই কঢ়িয়াই অসহনীয় বিষাদ।
জুবিন – নামেই যাৰ পৰিচয়
হিয়াৰ আমঠু হৈ জিলিকাই থকা
এটি জাতীয় নক্ষত্ৰ হেৰাই গ’ল
কত অনুৰাগী সৰ্বহাৰা হ’ল
কেৱে কৰিছে গুণ-গৰিমা
কেৱে বা কৰিছে ৰোদন
কতজনে চকুলো বোৱালে তাৰো লেখ-জোখ নাই।
শিল্পী জগতক অমাৱস্যাৰ গৰাহত ঠেলি
বিদায় মাগিলে নহা বাটেৰে
অনামিকাৰ পৰা টিকটিকলৈ
ইয়া আলি,পাকিজা,দিল তুহি বতা
অসমীয়া চলচ্চিত্ৰৰ পৰা বাংলা,হিন্দীলৈ
বোৱাইছে সংগীতৰ যাত্ৰা
সুৰৰ লহৰ।
ধ্বনি-প্ৰতিধ্বনিৰ চমৎকাৰ উচ্ছাৰণ
প্ৰায় চল্লিছ ভাষাত
আঠত্ৰিছ সহস্ৰাধিক গীত
আৰু যে কত কি!
ৰামধেনুৰ বাৰেবৰণীয়া ৰং আঁকি
সাগৰৰ তলদেশত শুৱৰ মন
এনে বহু যাত্ৰাৰ মাজবাটতেই
ব্ৰহ্মসত্য মৃত্যুৰ সৈতে সাক্ষাৎ।
জীৱন যুদ্ধ সমাপ্তি ঘটাই
দল ,বল লৈ আহে মৃত্যু
যাক ৰখাবও নোৱাৰি,দমাবও নোৱাৰি
কেৱল কন্দুৱাই থৈ যায়
চিনাকিৰ পৰা অচিনাকি দেশলৈ।