জুবিন গাৰ্গৰ অকাল জীৱনাৱসানত চিপিআই(এম)ৰ শোক প্ৰকাশ

Pc Hindustan Times

জুবিন গাৰ্গৰ অকাল জীৱনাৱসানত চিপিআই(এম)ৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত‍্যুত ভাৰতৰ কমিউনিষ্ট পাৰ্টি(মাৰ্ক্সবাদী)ৰ অসম ৰাজ‍্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।এক অবিস্মৰণীয় কণ্ঠৰ অধিকাৰী এই শিল্পীগৰাকীয়ে যোৱা তিনি-চাৰি দশক ধৰি অসমৰ সাংস্কৃতিক জগতত সবাতোকৈ বেছি প্ৰভাৱশালী ভূমিকা পালন কৰিছিল।অসমীয়া সংগীতক সুকীয়া মাত্ৰা প্ৰদান কৰা, ৪০টাতকৈও অধিক ভাষা আৰু উপভাষাত গীত গোৱা অসাধাৰণ প্ৰতিভাৰ অধিকাৰী জুবিন গাৰ্গৰ মৃত‍্যু এক অপূৰণীয় ক্ষতি। অজস্ৰ গীতত কণ্ঠদান কৰা জুবিন গাৰ্গে গীতিকাৰ -সুৰকাৰ হিচাপেও লাখ লাখ মানুহৰ হৃদয় জিনিছিল। এগৰাকী বিশাল অন্তৰৰ অধিকাৰী জুবিন গাৰ্গ আছিল জাতি-ধৰ্ম-বৰ্ণৰ সকলো ঠেক বিভাজনৰ ঊৰ্ধ্বত। এই শিল্পীগৰাকীৰ অকাল জীৱনাৱসানে অসমৰ সংগীত জগতত যি বিৰাট শূন্যতাৰ সৃষ্টি কৰিলে সি অপূৰণীয়।চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু তেখেতৰ পৰিবাৰ গৰিমা শইকীয়া গাৰ্গ, পিতৃ মোহিনী বৰঠাকুৰ আৰু পৰিয়ালৰ অন্যান্য সদস্য আৰু তেখেতৰ অগণন গুণমুগ্ধৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে।