ব্যক্তিগত ছপাশালত বিটিচি নিৰ্বাচনৰ বেলট কাকত মুদ্ৰনক তীব্ৰ সমালোচনা কৰি অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া:
অকৰ্তৃত্বশীল ব্যক্তিগত ছপাশালত বেলট কাকত ছপোৱাটো দণ্ডনীয় অপৰাধ
ৰাজ্যিক নিৰ্বাচন আয়োগ-৩ জিলাৰ ৰিটাৰ্নিং বিষয়াৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজো কৰাৰ দাবী
উচ্চ পৰ্যায়ৰ তদন্ত দাবী; ভোট চুৰিৰ সন্দেহ কৰাৰ থল আছে বুলি মত প্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- বিটিচি পৰিষদীয় নিৰ্বাচনৰ বেলট কাকত ব্যক্তিগত ছপাশালত মুদ্ৰন কৰাৰ বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। দলটোৰ মতে, অকৰ্তৃত্বশীল ব্যক্তিগচ ছপাশালত বেলট কাকত মুদ্ৰন কৰাটো আইনতমতে দণ্ডনীয় অপৰাধ। এনে অপৰাধ সংঘটিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজো কৰা উচিত। আনহাতে, বেলট কাকত ব্যক্তিগতগত ছপাশালত মুদ্ৰন কৰাৰ আঁৰত বিজেপি দলৰ ‘ভোটচুৰি পৰিশীলন’ৰ কিবা কিবা সম্পৰ্ক আছে নেকি, সেইটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰা প্ৰয়োজন।উল্লেখযোগ্য যে অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বড়ো টেৰিটৰিয়েল কাউন্সিল চমুকৈ বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰয়োজনীয় বেলট কাকতসমূহ ৰাজ্যিক নিৰ্বাচন আয়োগে ব্যক্তিগত ছপাশালত মুদ্ৰন কৰাৰ তথ্য সংবাদ মাধ্যম যোগে ৰাজহুৱা হৈছে। প্ৰকাশিত বাতৰি অনুসৰি, বিটিতিৰ চাৰিখন জিলাৰ বাবে প্ৰয়োজন হোৱা ৩১ লাখ বেলট কাকতৰ ভিতৰত ওদালগুৰি জিল্ৰ বাবে প্ৰয়োজনীয় ৮ লাখ বেলট কাকতক বাদ দি বাকী ২৩ লাখ বেলট কাকত ব্যক্তিগত ছপাশালত মুদ্ৰন কৰা হৈছে।অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে উক্ত ঘটনাক “গভীৰভাৱে সন্দেহজনক” আখ্যায়িত কৰি কয় যে বেলট কাকত ছপা কৰাৰ নিৰ্ধাৰিত ব্যৱস্থা ভাৰতীয় সংবিধান আৰু আইন ব্যৱস্থাত বৰ্ণনা কৰা আছে। সংবিধানৰ ৩২৪ অনুচ্ছেদত বৰ্ণিত বিধান অনুসৰি জনপ্ৰতিনিধিত্ব আইন ১৯৫১ (Representation of People Act 1951) আৰু নিৰ্বেচন পৰিচালনা বিধি ১৯৬১ (Conduct of Election Rules 1961)ত কোৱা হৈছে যে নিৰ্বাচন আয়োগৰ দ্বাৰা পৰিচালিত যিকোনো নিৰ্বাচনৰ বেলট কাকত চৰকাৰী ছপাশালত মুদ্ৰন কৰাটো বাধ্যতামূলক। যদি চৰকাৰী ছপাশাল উপলব্ধ নহয়, তেনে পৰিস্থিতিত ব্যক্তিগত ছপাশালত মুদ্ৰন কৰিব পাৰিব যদিও তেনে ছপাশাল নিৰ্বাচন আয়োগৰ দ্বাৰা কেইবাটাও স্তৰৰ পৰীক্ষা-নিৰীক্ষা মৰ্মে ‘নিখুঁত’ বুলি স্বীকৃত হোৱাৰ লগতে ছপা কাৰ্যৰ আদেশ (অৰ্ডাৰ) দিয়াৰ পৰা নিৰ্বাচন আয়োগ(ৰিটাৰ্নিং বিষয়া)ৰ ষ্ট্ৰংৰূমত সংৰক্ষিত হোৱালৈকে সমগ্ৰ প্ৰক্ৰিয়া আৰক্ষীৰ তত্বাৱধানত হ’ব লাগিব। উক্ত সমগ্ৰ প্ৰক্ৰিয়া সম্পাদনৰ সময়ত সংশ্লিষ্ট ছপাশালটো আৰক্ষীৰ দ্বাৰা বিধিগতভাৱে ‘ছীল’ কৰা হ’ব লাগিব আৰু প্ৰতিগৰাকী কৰ্মচাৰী ওলোৱা-সোমুওৱা কৰোতে আৰক্ষীৰ দ্বাৰা তালাচী (Frisking) কৰা হ’ব লাগিব। কিন্তু যদি চৰকাৰী ছপাশাল মজুত থাকে, তেনে ক্ষেত্ৰত ব্যক্তিগত ছপাশালত বেলট কাকত মুদ্ৰন কৰিবই নোৱাৰিব। ব্যক্তিগত ছপাশালত তেনে মুদ্ৰন অকৰ্তৃত্বশীল হিচাপে বিবেচিত হ’ ব আৰু বেলট কাকতৰ অকৰ্তৃত্বশীল মুদ্ৰন, মজুতকৰণ আৰু যোগানক জনপ্ৰতিনিধিত্ব আইনৰ দণ্ডনীয় অপৰাধ হিচাপে চিহ্নিত কৰা হৈছে।জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে অসম চৰকাৰৰ মুদ্ৰন আৰু ষ্টেচনাৰী বিভাগৰ অধীনত গুৱাহাটীৰ বামুনিমৈদামত পৰ্যাপ্ত বিষয়া-কৰ্মচাৰীসহ এটা বিশাল চৰকাৰী ছপাশাল আছে। তদুপৰি গুৱাহাটীৰ দিছপুৰ, লখিমপুৰ আৰু যোৰহাটসহ ৰাজ্যৰ কেইবা ঠাইত আন কেইবাটাও চৰকাৰী ছপাশাল আছে। উক্ত চৰকাৰী ছপাশালসমূহ নিৰ্বাচন আয়োগৰ দ্বাৰা বেলট কাকত আৰু তেনে ধৰণৰ গোপনীয় কাৰ্য সম্পাদনৰ বাবে বিধিগতভাৱে কৰ্তৃত্বশীল। কিন্তু তৎস্বত্বেও ৰাজ্যিক নিৰ্বাচন আয়োগে বা ৰিটাৰ্নিং বিষয়াসকলে ব্যক্তিগত ছপাশালত কি কাৰণত বেলট কাকত মুদ্ৰন কৰিলে সেয়া ৰহস্যজনক।”যি সময়ত ভাৰতীয় নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰিৰ আভিযোগে সমগ্ৰ ভাৰততে ব্যাপক সন্দেহৰ অৱতাৰণা কৰিছে, তেনে সময়ত বিটিচি নিৰ্বাচনৰ বেলট কাকত ব্যক্তিগত ছপাশালত কি কাৰণত মুদ্ৰন কৰা হ’ল, সেয়া ৰহস্যজনক।” – গগৈ আৰু ভূঞাই কয়।তেওঁলোকৰ মতে, বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে ৩০ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু জনসাধাৰণৰ মনত বিজেপিৰ বিৰুদ্ধে তীব্ৰ ঢৌ থকা অৱস্থাতোবিজেপিয়ে ২০খনতকৈ অধিক আসন পাই পৰিষদ গঠন কৰিম বুলি দাবী কৰি থকাৰ সৈতে নিৰ্বাচন আয়োগৰ উক্ত পৰুশীলনৰ কিবা সম্পৰ্ক আছে নেকি, সেইটো বিচাৰ্য্য বিষয়।