গুৱাহাটীত বলপূৰ্বক বিধৱা মহিলাৰ মাটি বেদখল ; বশিষ্ঠ আৰক্ষী থানাৰ বিৰুদ্ধে সহায় নকৰাৰ অভিযোগ ভুক্তভোগীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ বশিষ্ঠ থানাৰ অন্তৰ্গত বশিষ্ঠাচলৰ গণেশনগৰত এটা ভূ – মাফিয়া চক্ৰই এজনী বিধৱা মহিলাই দুজন পুত্ৰৰ সৈতে বাস কৰি ঘৰৰ চৌহদৰ মাটি বলপূৰ্বক বেদখল কৰা ঘটনা আৰু এই ক্ষেত্ৰত অভিযোগ দাখিল কৰাৰ পাছতো বশিষ্ঠ আৰক্ষী থানাই গ্ৰহণ কৰা নীৰৱ ভূমিকাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনকি বাধ্য হৈ মহিলা গৰাকীয়ে ভূ – মাফিয়া চক্ৰৰ বিৰুদ্ধে সহায় বিচাৰি মানৱাধিকাৰৰ হকে কাম কৰি অহা সংগঠন হিউমেন ৰাইটছ এণ্ড এণ্টি কৰাপচন ফাউণ্ডেশ্যন , ইণ্ডিয়াৰ কেন্দ্ৰীয় কমিটীৰ ওচৰ চাপিব লগা হৈছে। আনকি মহিলা গৰাকীয়ে যাতে উচিত ন্যায় লাভ কৰে তাৰ বাবে বৃহস্পতিবাৰে কমিটীৰ ফালৰ পৰা গুৱাহাটীৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰি এখন অভিযোগ পত্ৰ দাখিল কৰা হয়। ইফালে আৰক্ষী আয়ুক্তক অভিযোগ পত্ৰ দাখিল কৰাৰ পাছত বৃহস্পতিবাৰে বিয়লি ভুক্তভোগী বিধৱা মহিলা দীপালী বায়ন আৰু তেওঁৰ দুই পুত্ৰক লগত লৈ কমিটীয়ে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল অনুষ্ঠিত কৰে।।সংবাদ মেলত ভাগ লৈ কমিটীৰ সভাপতি জনদ্বীপ দাস, কাৰ্যকৰী সভাপতি সৌন্দৰ্য যোগী আৰু সাধাৰণ সম্পাদক অৰুণাভ হাজৰিকাই কয় যে মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত বশিষ্ঠাচলৰ গণেশ নগৰৰ দীপালী বায়ন নামৰ বিধৱা মহিলা গৰাকীৰ পৰিয়ালটোক এটা ভূ-মাফিয়া চক্ৰই মাটি বলপূৰ্বক বেদখলৰ উদ্দেশ্যেৰে দীৰ্ঘদিন ধৰি মানসিক আৰু শাৰিৰীকভাবে হাৰাশাস্তি কৰি আহিছে। বিধবা মহিলাৰ পৰা ভয় ভাবুকিৰে মাটি কাঢ়ি লোৱাৰ উদ্দেশ্যেৰে মহিলা বাউন্চাৰ লগাই মাৰপিট কৰি বেয়াকৈ আহত কৰা হৈছে। এই কাৰ্যত চুবুৰীয়া হেমন্ত কলিতা নামৰ এজন লোক জড়িত হৈ আছে। পূৰ্বতে মাটিৰ দালালিৰ বাবে কেবাবাৰো জেললৈ যোৱা ভূ-মাফিয়া প্ৰকৃতিৰ হেমন্ত কলিতাই প্ৰায় ৪০ বছৰ ধৰি বসবাস কৰি অহা মহিলাগৰাকীৰ স্বামী ২০১৭ চনত মৃত্যু হোৱাৰ পাছৰে পৰা সেই মাটিখিনী নানান চক্ৰান্ত কৰি বেদখল কৰিবলৈ চেষ্টা কৰি আহিছে। ভূ-মাফিয়া হেমন্ত কলিতাই পৰিয়ালটোক হাৰাশাস্তি কৰি অহাৰ লগতে মহিলাগৰাকীৰ চৌহদত ঘৰৰ কাষতে শেহতীয়াকৈ অস্থায়ী ঘৰ নিৰ্মাণ কৰিছে । আনকি ইয়াৰ বাবে মহিলা গৰাকীৰ ঘৰৰ মূলগেটখন পৰ্যন্ত ভাঙি পেলাইছে। বশিষ্ঠ থানাত পৰিয়ালটোৱে এজাহাৰ দিছিল যদিওঁ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰি ওলোটাই ভূ – মাফিয়া চক্ৰৰ সৈতে বুজাবুজি কৰিবৰ বাবেহে পৰিয়ালটোক পৰামৰ্শ আগবঢ়াইছে । যাৰ বাফে কমিটীৰ ফালৰ পৰা মহিলা গৰাকীক ন্যায় দিয়াৰ বাবে গুৱাহাটীৰ আৰক্ষী আয়ুক্তক পৰিয়ালটোৰ হৈ এখন লিখিত দাখিল কৰিছে । আনহাতে সংবাদ মেলত ভুক্তভোগী মহিলা দীপালী বায়ন, দুই পুত্ৰদ্বয় উপস্থিত থাকে।