শাৰদীয় দুর্গোৎসৱক লৈ আৰক্ষী-প্ৰশাসনৰ নীতি-নিৰ্দেশনা জাৰি
ৰঙিলী বাৰ্ত্তাসেৱা- শাৰদীয় দুৰ্গা পূজা লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে ৰাজ্যৰ পূজা সমিতিসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ শাৰদীয় দুর্গোৎসৱক লৈ প্ৰস্তুতি অব্যাহত থকাৰ সময়তে মহানগৰীৰ সকলো পূজা মণ্ডপত ধূমপান-সুৰা নিষিদ্ধ এলেকা ৰূপে গঢ়ি তোলাত কামৰূপ মহানগৰ জিলা প্রশাসনে জোৰ দিছে। ৰাজ্যৰ পূজা মণ্ডপবোৰত প্ৰতিবছৰেই সুৰাৰ ব্যাপক পয়োভৰৰ অভিযোগ উঠাৰ সময়তে মহানগৰ জিলা প্রশাসন-আৰক্ষীয়ে সকলো পূজা মণ্ডপ সুৰামুক্ত কৰাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক কামৰূপ মহানগৰ জিলা প্রশাসন আৰু মহানগৰ আৰক্ষীৰ সৈতে কামৰূপ মহানগৰৰ অধীনৰ পূজা সমিতিৰ প্ৰতিনিধিসকলৰ লগত জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হয়। মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই বৈঠকত অংশ লৈ সকলো পূজা সমিতিকে যাৱতীয় নীতি-নির্দেশনা মানি শান্তিপূর্ণ আৰু সুশৃংখলিতভাৱে পূজা উদ্যাপন কৰাৰ আহ্বান জনায়। পূজাৰ সময়ছোৱাত পূজা সমিতি তথা ৰাইজক সকলো প্ৰকাৰে সহায়-সহযোগিতা কৰিবলৈ মহানগৰ আৰক্ষী সদায়েই দায়বদ্ধ থাকিব বুলি তেওঁ লগতে কয়। উল্লেখ্য যে এই গুৰুত্বপূৰ্ণ বৈঠকত সমাগত দুর্গাপূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি-নির্দেশনা মহানগৰ আৰক্ষী-প্রশাসনে জাৰি কৰে। ৰাজহুৱা স্থানত পূজাৰ মণ্ডপ নিৰ্মাণৰ বাবে প্ৰশাসনৰ পৰা প্ৰয়োজনীয় অনুমতি লোৱাটো সকলো পূজা সমিতিৰ বাবে বাধ্যতামূলক বুলি মন্তব্য কৰে যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে। উক্ত অনুমতিৰ ক্ষেত্ৰত সংশ্লিষ্ট এলেকাৰ উপ-আৰক্ষী আয়ুক্তসকলে এইক্ষেত্রত প্রয়োজনীয় অনুমতি আগবঢ়াব। তদুপৰি দুৰ্ঘটনা প্রতিৰোধী ব্যৱস্থাৰ প্ৰমাণ-পত্র বাধ্যতামূলক হোৱাৰ লগতে বৈদ্যুতিক সংযোগ শব্দ ব্যৱস্থাৰ ফিটনেছ চার্টিফিকেট দাখিল কৰিব লাগিব পূজা সমিতিবোৰে। তদুপৰি পূজাৰ সময়ছোৱাত যাতে শব্দ প্ৰদূষণ নহয় তাৰ প্ৰতিও কঠোৰ দৃষ্টি ৰাখিব লাগিব পূজা সমিতিবোৰে। যুটীয়া আৰক্ষী আযুক্ত অংকুৰ জৈনে কয় যে জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজা কমিটীসমূহে মহিলা আৰু পুৰুষৰ বাবে পৃথককৈ প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা, পূজা সম্পন্ন হোৱাৰ পিছত ঠাইসমূহ পৰিষ্কাৰ কৰাৰ লগতে পেলনীয়া সামগ্রীসমূহ সঠিকভাবে নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগিব। পূজা কমিটীসমূহে পূজাথলীত সঠিকৰূপত চিচি টিভি কেমেৰা স্থাপন, স্বেচ্ছাসেৱক (পুৰুষ-মহিলা) নিয়োগ, ৰাজহুৱা ঘোষণা ব্যৱস্থা অর্থাৎ মাইকৰ ব্যৱহাৰ কৰাৰ লগতে প্রশাসনৰ নীতি-নিয়ম মানি পূজা অনুষ্ঠিত কৰিবলৈ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে আহ্বান জনায়। ভক্তসকলৰ সুৰক্ষাৰ স্বাৰ্থত অৰ্থাৎ জৰুৰীকালীন পৰিস্থিতিৰ বাবে পূজাথলীৰ সমীপত অলপ খালী ঠাই ৰখাৰ উপৰি পূজা পেণ্ডেলত ‘সুৰাপান নিষিদ্ধ এলেকা’ কৰাৰ বাবে আহান জনায়। বিসৰ্জনৰ শোভাযাত্ৰাৰ সময় আগতীয়াকে জিলা প্রশাসনক জনোৱাৰ লগতে নিচাযুক্ত দ্রব্য সেৱন কৰি পৰিৱেশ যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিবলৈ পূজা কমিটীসমূহক তেওঁ পৰামৰ্শ আগবঢ়ায়। সেইদৰে, যান-বাহনৰ নিৰ্দেশনা মানি চলিবলৈ নির্দেশ দিয়ে। আনৰ অসুবিধা নোহোৱাকৈ দায়িত্বসহকাৰে উৎসৱ-পার্বণ পালন কৰি যাবলৈ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায়। অতিৰিক্ত জিলা আযুক্ত অজিত কুমাৰ শৰ্মাই প্ৰতিটো পূজা মণ্ডপত অগ্নিনির্বাপক বাহিনীৰ সঁজুলি, শুকান বালি ভৰোৱা বাল্টি মজুত ৰাখিবলৈ আহ্বান জনায়। দুর্যোগ প্রশমনৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’লে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰৰ ০৩৬১-১০৭৭ আৰু ৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ তেওঁ নির্দেশ প্রদান কৰে। এই বৈঠকত পশ্চিম গুৱাহাটী জিলাৰ উপ- আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱা, মহকুমা দণ্ডাধীশ কংকণ শৰ্মা, যান-বাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ-আযুক্ত ধ্ৰুৱ বৰা, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া সচিব ড° প্ৰৱজ্যোতি হাজৰিকা, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ অপূর্ব কৃষ্ণ শর্মা, প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ অভিযন্তা, জিলা প্রশাসনৰ বিষয়া-কর্মচাৰী প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।