মৃত্যু যদি নাথাকে; জীৱনৰ শেষ ক’ত! – ৰিতু ভৰালী

মৃত্যু যদি নাথাকে; জীৱনৰ শেষ ক’ত!

ৰিতু ভৰালী,যোৰহাট

পুৱা শুই উঠি গম পালোঁ -মই জীয়াই আছোঁ।প্ৰতিদিনৰ দৰে আজিও পৃথিৱীত ভৰি থোৱাৰ আগেয়ে বিচনাখনৰ ওপৰতে ভৰি দুখন চপাই নিজৰ হাতৰ তলুৱাখনলৈ চাই প্ৰাৰ্থনা কৰিলোঁ।নিজলৈ আৰু গাঁৱখনলৈ।এটা কথা মই সদায় ভাবোঁ, যদিওবা মই তেওঁলোকৰ বাবে একো নহয়।ভাল মানুহবোৰৰ আৰু ভাল হওঁক আমাৰ বাবে।কেতিয়াবা এনেই নিজকে প্ৰশ্ন কৰো-কাৰ বাবে ? ৰৈ যোৱা মানুহৰ বাবে।আশা কৰো ৰৈ যোৱা মানুহবোৰ অব্যাহত থাকক জীৱনৰ বাবে।দুৱাৰখন খোলা দেখি জোনাকী পৰুৱাজনী নাচি নাচি সোমাই আহিলে মনটো এনেই কিবা এটা ভাল লাগে।পোহৰ পাবলৈ প্ৰথম আন্ধাৰৰ গলিৰে যাবই লাগিব।মৰ্যদা দুয়োৰে সমান।কাৰণ আন্ধাৰ অবিহনে পোহৰৰ কোনো মূল্য নাই।যদি আন্ধাৰ নাথাকে তেনে পোহৰৰ পৰিচয় বা ক’ত!দুগোন্ধ যদি নাথাকে তেনে সুগন্ধৰ অৰ্থ ক’ত?প্রত্যেক মানুহৰ জীৱনত একোখন মনৰ আকাশ থাকে।আকাশৰ মাজতে গাঁঠি লয় একোটা সপোন।সপোনৰ সোঁতত আছে আশা।আশাৰ মাজতে লুকাই আছে নিজলৈ ভৰসা।নিজক ভৰসা কৰিয়েই জীৱনৰ গতি।জীৱনৰ গতিত জীৱনে গতি সলাই।আচলতে সমাজ পৰিৱৰ্তনশীল।পৰিৱৰ্তনৰ স্থিৰতা নাথাকে,সেইদৰে কেতিয়াবা মানুহৰ মনটোও।মনটোৰ বাবে হাঁহে আৰু মনটোৰ বাবেই কান্দে কোনোজনে।লাগিলে সেয়া পুৰুষেই নহওঁক কিয়।মনৰো মন এটা থাকে।সেইবুলি জানো সকলো কথা আৰু কাম মনৰ দ্বাৰা কৰিবনে?মনটোৱে চপাই অনা ভালপোৱাবোৰো এদিন ভাল লগা হৈ যায়।ভাল লগাৰ কোনো চাৰ্টিফিকেট নাথাকে।আচলতে এই পৃথিৱীৰ কোনোৰে  স্থায়ী সংজ্ঞা নাথাকে। এটা সংজ্ঞা কিন্তু সকলোৰে ওচৰত হাৰি যাব লগা হয়।সেয়াই হ’ল মৃত্যু।ইয়াত উভতি অহাৰ কোনো প্ৰশ্ন নাহে।আপুনি নালাগে মইও উভতি আহিব নোৱাৰো।এই কথা জানিও জীৱনলৈ ভয়,হতাশা,নিসংগ অনুভৱ আৰু জীৱনলৈ অজস্ৰ ভালপোৱা।তুমি মোৰ,মই তোমাৰ অৰ্থ ক’ত?জীৱনৰ পলাশৰ ৰং ক’ত?

“অ’ ফুল অ’ ফুল
নুফুল কিয়?
গৰুৱে যে আগ খায়
মইনো ফুলিম কিয়?”

ইয়াতেই যেন জীৱন।উশাহ থকা লৈকে বেলুন এটা উৰি ফুৰে ভেজা নোলোৱাকৈ নিজৰ বাবে।চৰাইৰ বিশ্বাস নিজৰ ডেউকাৰ ওপৰত।জীৱনৰ শেষ আশ্ৰয় ক’ত? এই কথাৰ পাছতো জীৱন মগ্ন ক’ত? এটা কথা হৃদয়ৰে ক’বলৈ মন নাযায় কাহানিও-মৃত্যু যদি নাথাকে; জীৱনৰ শেষ ক’ত!