বাট
ৰঞ্জন বৰ্মন,বগীনদী, লখিমপুৰ
প্ৰতিটো বাটৰেই থাকে একোটা
নিদিষ্ট ঠিকনা
যিদৰে থাকে নদীৰ, ডেউকা মেলি উৰি যোৱা চৰাইৰ
ম’হৰ ডিঙিৰ ঘন্টা ধ্বনিৰ
অথবা ভৰুণ হোৱা সোনোৱালী শস্যৰ
আপুনি নাজানিলেও বাটে ভালকৈয়ে জানে
আপোনাক ক’লৈকে লৈ যাব লাগে
যিদৰে নিশা দুপৰতো নাৱৰীয়াই জানে
ক’ত চপাব লাগে নাও
কেতিয়াবা ঠিকনাবোৰ সলনি হয়
সলনি হয় বাটৰ অৱয়ব
আৰু তেতিয়াই মানুহবোৰে ঠিকনা হেৰুৱাই
অঘৰী হয়