বিশ্ব বৰেণ্য মহান শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী বিশেষ সংখ্যা প্রাগতীর্থ

বিশ্ব বৰেণ্য মহান শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী বিশেষ সংখ্যা প্রাগতীর্থ

ৰঙিলী বাৰ্ত্তাসেৱা-  ঐতিহ্যমণ্ডিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্রাক্তন প্রাগজ্যোতিষ সন্মিলনৰ উদ্যোগ প্ৰাচীৰ পত্রিকা ‘প্রাগতীর্থ’ উন্মোচন ৷প্রাক্তন প্রাগজ্যোতিষ সম্মিলনৰ উদ্যোগত প্ৰতি তিনিমাহ শেষত প্রকাশিত প্ৰাচীৰ পত্রিকা প্রাগতীৰ্থৰ প্রাচীৰ পত্রিকা, চতুর্থ তম সংখ্যাটি ৭ চেপ্তেম্বৰত উন্মোচন কৰা হয়। কেইবাগৰাকী প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ বহুমূলীয়া লেখাৰে সমৃদ্ধ প্ৰাচীৰ পত্রিকাখন উন্মোচন কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্রাক্তন সাধাৰণ সম্পাদক প্রাগজ্যোতিষীয় সতীর্থ সম্মিলনৰ সভাপতি দেৱান ধ্ৰুৱ জ্যোতি মৰলে। উন্মোচনী অনুষ্ঠানত সম্মিলনৰ উপসভাপতি সভাপতি জগদীশ দাস ,সম্পাদিকা হিমাশ্রী দেৱী, প্রাচীৰ পত্ৰিকাৰ সম্পাদক ৰাতুল চন্দ্ৰ ভট্টাচাৰ্য, উপদেষ্টা অপূৰ্ব দাস সহঃ সাধাৰণ সম্পাদক গুঞ্জান দাসকে ধৰি সম্পাদনা সহযোগী কেইবাজনো প্রাক্তন ছাত্র উপস্থিত থাকে। পত্রিকাখন সুন্দৰ হস্তলিপি আৰু পৰিকল্পনাৰে সজাই তুলিছে প্রাক্তন ছাত্র শিল্পী মুকুল কুমাৰ দাসে। উল্লেখ্য যে আগন্তুক দিনত প্ৰকাশ পাবলগীয়া প্ৰাচীৰ পত্ৰিকাৰ কেতবোৰ নিৰ্বাচিত লেখাৰ এখন গ্ৰন্থ প্রকাশৰো পৰিকল্পনা কৰিছে সম্মিলনে। লগতে সভাপতি মৰলে জনাই ২০২৭ চনত মহাবিদ্যালয় খনে ৭৫ বৰ্ষত উপনিত হোৱা প্ৰাকমুহূৰ্ত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰছাত্ৰী সকলৰ স্মৃতি আৰু সমাজত বিভিন্ন স্হানত সফল সফলতাৰ শীৰ্ষত অধিকাৰ কৰা প্ৰাক্তন ছাত্ৰছাত্ৰী সকলৰ লিখনিৰে এখন স্মৰণিকা প্ৰকাশ কৰা বাবে প্ৰস্তুতি কৰা হৈছে ৷ সমুহ প্ৰাক্তন ছাত্ৰছাত্ৰীক তেখেত সকলৰ লিখনিৰ বাবে আহ্বান জনায় ৷