হে মহান শিক্ষাগুৰু – যমুনা দুলু বৈশ্য

হে মহান শিক্ষাগুৰু

যমুনা দুলু বৈশ্য
শুৱালকুছি

সেৱা জনালোঁ
প্ৰতি শিক্ষকগুৰু সকলোলৈ
শিশুসকলৰ হৃদয়ত বিলাই দিয়া
জ্ঞানৰ চাকি,
এখন ঘৰৰ উজ্বল জেউতিৰে–
আনক পোহৰৰ বাটে নিয়া
আগবাঢ়ি ,
সমাজৰ , দেশৰ ,জাতিৰ নমস্য,
জ্ঞান দি বাট দেখুৱাই দিয়া নৱপ্ৰজন্মক
দেশৰ সম্পদ হিচাপে গঢ়ি ,
সততাৰে জ্ঞানৰ জ্যোতিৰ চাকিৰ আভা ,
জীৱনৰ চিৰন্তন পথ প্ৰদৰ্শক
ত্যাগ আৰু সেৱা সঁচাকৈ অতুলনীয়
গুৰু-শিষ্যৰ মিলন ,
পোৱাৰ প্ৰাপ্তিৰে এখোজ -এখোজকৈ
যাওঁ বগাই জখলাতে উঠি
এয়াই আনন্দৰ বন্যাত
সিঁচি দিয়ে ,সাহস আৰু প্ৰেৰণা ।
শ্ৰদ্ধাৰে জনালোঁ সকলো শিক্ষকলৈ
কৌটি কৌটি বাৰ প্ৰণাম ।