শিক্ষক দিৱস আৰু কিছু অনুভৱ
নমিতা দাস
শুৱালকুছি শান্তিতোল
অতিজৰে পৰা গুৰু শিষ্যৰ এটি সুমধুৰ সম্পৰ্ক আমি পঢ়িবলৈ পাওঁ আগতে গুৰুৰ ঘৰত থাকিয়ে শিক্ষা গ্ৰহণ কৰিছিল তেতিয়া উচ্চ বৰ্ণৰ লোক সকলক হে গুৰুৱে ঘৰত ৰাখি শিক্ষা দিছিল সেই শিক্ষা অকল পঢ়া শুনা বা কিতাপৰ মাজতে সিমাবদ্ধ হৈ থকা নাছিল গুৰুৰ ঘৰত থাকি ঘৰুৱা কাম বনৰ ওপৰিও ধনু বিদ্যা শিক্ষাও গ্ৰহণ কৰিছিল। আমি মহাভাৰতৰ পঞ্চপাণ্ডৱ সকলক দিয়া শিক্ষাৰ পৰা এই কথা অনুধাৱন কৰিব পাৰো। সেই শিক্ষা গ্ৰহণ কৰোতে শাৰীৰিক, মানসিক আৰু নৈতিক চৰিত্ৰ গঠনত ,সহায় কৰিছিল । তেতিয়া গুৰু শিষ্যৰ মাজত আছিল ঐকান্তিক মৰম ভালপোৱা ।
কালক্ৰমত লাহে লাহে শিক্ষা পদ্ধতি সলনী হ’বলৈ ধৰিলে গুৰু ঘৰ এৰি নিজৰ ঘৰৰ পৰাই শিক্ষা গ্ৰহণৰ উদ্দেশ্যে গুৰুৰ ওচৰলৈ শিক্ষাৰ্থী সকলক লৈ অহা হ’ল শিক্ষা গ্ৰহণৰ উদ্দেশ্যে অহা ঠাইলৈ “টোল” নামে অভিহিত কৰা হৈছিল সেই টোললৈ গৈ শিক্ষা গ্ৰহণ কৰিলে ।মহেন্দ্ৰ কন্দলী টোললে বৈষ্ণৱ ধৰ্মৰ প্ৰৰ্বৰ্তক শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুৱে শিক্ষা গ্ৰহণ কৰিছিল।
পিছলৈ মুকলী আকাশৰ তলত নতুৱা গছৰ তলৰ শিক্ষা গৈ স্কুল পালে গৈ উচ্চ নীচ বুলি কোনো ভেদাভেদ নাৰাখি সকলো শ্ৰেণীৰ লোকে একেলগে শিক্ষা গ্ৰহণ কৰিব পৰা হল । প্ৰত্ত্যেক খন গাওঁতে শিক্ষাৰ ব্যৱস্থা কৰাৰ পিছত গুৰুৰ পৰা শিক্ষকলৈ ৰূপান্তৰ ঘটিল।
সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটোতেই শিক্ষক দিৱস পালন কৰা হয় কাৰণ তেখেত আছিল এগৰাকী মহান শিক্ষাবিদ দাৰ্শনীক আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ।তেখেতৰ শিক্ষাৰ প্ৰতি থকা অমুল্য ভুমিকা আৰু গুৰুত্বৰ বাবেই তেখেতৰ জন্ম দিনটোতে গোতেই ভাৰতবৰ্ষতে “শিক্ষক দিৱস ” হিচাপে পালন কৰা হয় ।৫চেপ্তেম্বৰৰ দিনটোতে তেখেতক স্মৰণ কৰাৰ উদ্দেশ্যে শিক্ষাৰ প্ৰতি থকা তেখেতৰ দায়িত্ব ,কৰ্তব্য আৰু নিষ্ঠাৰে কৰা কামৰ কথা সোঁৱৰাই তেখেতৰ অমুল্য ভুমিকাত কৃতজ্ঞতা জনাই তেখেতৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে গোতেই দেশজুৰি পালন কৰা হয় ।
শিক্ষক দিৱস হৈছে শিক্ষক সকলৰ কষ্ট অৰ্থবহ সোৱৰণ শিক্ষক দিৱসত তেওঁলোকে কৰা অবদানৰ কথা স্মৰণ কৰাই তেওঁলোকৰ নিস্বাৰ্থ কষ্ট ,ধৰ্য্য ,সহিষ্ণুতাই এজন ছাত্ৰৰ জীৱন পোহৰাই তোলে। আজিৰ ছাত্ৰ কালিলৈ দেশৰ ভবিষ্যত গতিকে দেশৰ ভবিষ্যত নিৰুপন কৰে এগৰাকী শিক্ষকে ঘৰখনৰ লগতে সমাজ খনত প্ৰভাৱ পেলাই এগৰাকী ছাত্ৰৰ ভুমিকাত ।শিক্ষক সকলৰ আক্লান্ত পৰিশ্ৰমে দেশৰ সামাজিক, ৰাজনৈতিক আৰু বৈদীক প্ৰভাৱ পেলাই।
শিক্ষক সকলেও শিক্ষকতাক বৃত্তি হিচাপে নলৈ অকল পুঠিগত জ্ঞানৰ ওপৰত সিমাবদ্ধ নাথাকি মহান ব্যক্তি সকলৰ জীৱন দৰ্শনেৰে একনিষ্ঠ ভাৱে বৃত্তিমুখী জ্ঞানো বৰ্তমান শিক্ষাৰ পাঠ্যপুঠিত অন্তৰ্গত কৰি শিক্ষাৰ্থী সকলক দিয়া জ্ঞানে এগৰাকী ভাল ছাত্ৰৰ উৎপত্তি কৰে।
সেই কষ্ট আৰু তেওঁলোকৰ পৰিশ্ৰমৰ প্ৰতি কৃতজ্ঞতা জনাবলৈ এই দিৱসত ছাত্ৰ সকলে সুবিধা পায় ।আৰু সেয়ে এই দিনটোত শিক্ষক সকলক কৃতজ্ঞতা জনাই ছাত্ৰ সমাজে সামাজিক ভাবে এই দিৱস পালন কৰে।