তেজপুৰ বিশ্ববিদ্যালয় আৰু ৰাছিয়াৰ ফাৰ ইষ্টাৰ্ণ ফেডাৰেল বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

তেজপুৰ বিশ্ববিদ্যালয় আৰু ৰাছিয়াৰ ফাৰ ইষ্টাৰ্ণ ফেডাৰেল বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰঙিলী বাৰ্ত্তাসেৱা- তেজপুৰ বিশ্ববিদ্যালয়ে ৰাছিয়াৰ ভ্লাডিভষ্টকস্থিত ফাৰ ইষ্টার্ন ফেডাৰেল বিশ্ববিদ্যালয়ৰ সৈতে এক ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। ভ্লাডিভষ্টকস্থিত ফাৰ ইষ্টার্ণ ফেডাৰেল বিশ্ববিদ্যালয় ৰাছিয়াৰ এখন সন্মানীয় ৰাজহুৱা বিশ্ববিদ্যালয়। ১৮৯৯ চনত স্থাপিত হোৱা এই বিশ্ববিদ্যালয়খন ৰাছিয়াৰ অন্যতম শ্রেষ্ঠ শৈক্ষিক প্রতিষ্ঠান, যিয়ে চিকিৎসা বিজ্ঞান, অভিযান্ত্রিক, মানৱীয় আৰু প্ৰাকৃতিক বিজ্ঞান আদি বহু ধৰণৰ পাঠ্যক্রম আগবঢ়ায়। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক শম্ভু নাথ সিঙে আৰু ফাৰ ইষ্টার্ণ ফেডাৰেল বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ উপ-সভাপতি অধ্যাপক ইভগেনি ই. ভ্লাছভে আনুষ্ঠানিকভাৱে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাছিয়াৰ ভ্লাডিভষ্টকত বর্তমান অনুষ্ঠিত হৈ থকা পূৰ্বাঞ্চলীয় অর্থনৈতিক ফ’ৰাম (Eastern Economic Forum)-ৰ উপলক্ষ্যে এইবুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা সঞ্চালকালয়ৰ সঞ্চালক অধ্যাপক শুভ্রাংশু শেখৰ সৰকাৰো উপস্থিত আছিল। এই বুজাবুজিৰ চুক্তিত বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ কথা উল্লেখ কৰা হৈছে। ইয়াত নিৰ্মাণ আৰু অসামৰিক অভিযান্ত্রিক ক্ষেত্রত যুটীয়া দ্বৈত স্নাতক পাঠ্যক্ৰম স্থাপন কৰা, মেচিন লার্নিং, কৃত্রিম বুদ্ধিমত্তা আদিৰ ক্ষেত্ৰত গৱেষণা কার্য্য অন্তর্ভুক্ত কৰা হৈছো।ইয়াৰ লগতে এই চুক্তিৰ জৰিয়তে ক্ষেত্ৰ অধ্যয়ন, শৈক্ষিক আদান-প্রদানৰ কাৰ্যসূচী, যুটীয়া গৱেষণা প্রকল্প, যুটীয়া সম্মিলন, সাংস্কৃতিক কাৰ্য্যসূচী আৰু উভয় পক্ষৰ দ্বাৰা সম্মত হোৱা অন্য যিকোনো যুটীয়া কার্যকলাপকো এই চুক্তিৰ অন্তৰ্গত কৰা হৈছে। এই চুক্তি ৫ বছৰৰ বাবে কাৰ্যকৰী হ’ব। চুক্তি স্বাক্ষৰ অনুষ্ঠানত নিজৰ বক্ত্যবত অধ্যাপক শম্ভু নাথ সিঙে উল্লেখ কৰে যে তেজপুৰ বিশ্ববিদ্যালয় ৰাছিয়াৰ বৈচিত্র্যময় অভিজ্ঞতাৰ পৰা বহুলভাৱে লাভৱান হ’ব। তেওঁ আৰু কয় যে ভাৰতীয় অভিযন্তাসকলে সময় আৰু সম্পদৰ সীমাবদ্ধতাৰ মাজত দ্রুত গতিবে আৰু কাৰ্যকৰীভাৱে বৃহৎ প্রকল্পসমূহ সম্পাদন কৰাৰ জ্ঞান অর্জন কৰিছে। তেওঁ নতুন প্রজন্মৰ অভিযন্তাসকল ৰাছিয়াৰ প্ৰযুক্তিৰ আৱিষ্কাৰমূলক আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ পৰা কৌশলগত জ্ঞান আহৰণ কৰিব পাৰিব। অধ্যাপক সিঙে লগতে কয় যে এই ধৰণৰ সহযোগিতাই তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দৃষ্টিভংগী বহল কৰিব বুলি আশা প্রকাশ কৰে। দুটা পৃথক শিক্ষা পৰিৱেশ, গৱেষণা সংস্কৃতি আৰু সামাজিক প্রয়োজনীয়তাৰ সৈতে পৰিচিত হৈ ছাত্ৰ-ছাত্ৰীসকল জটিল বিশ্বব্যাপী সমস্যাৰ প্ৰতি অধিক কার্যকৰীভাৱে সঁহাৰি জনাবলৈ সক্ষম হ’ব বুলি তেওঁ ব্যক্ত কৰে। উল্লেখযোগ্য যে অধ্যাপক সিঙে ৩ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ ৰাছিয়াত অনুষ্ঠিত হৈ থকা পূর্বাঞ্চলীয় অর্থনৈতিক ফ’ৰামত অংশগ্ৰহণ কৰি আছে।