বিষ্ণু প্ৰসাদৰ গীতক বিকৃত কৰা কৰিস্মা নাথক গৰিহণা

বিষ্ণু প্ৰসাদৰ গীতক বিকৃত কৰা কৰিস্মা নাথক গৰিহণা

ৰঙিলী বাৰ্ত্তাসেৱা-  দুদিনমানৰ পৰা কৰিস্মা নাথ নামৰ কোমলমতীয়া ছোৱালীজনীৰ নাগাৰা নাম (বিকৃত) সম্পৰ্কত ৰাজহুৱা বিতৰ্কৰ সৃষ্টি হৈছে। এনে বিতৰ্ক এতিয়াৰ নহয়, যোৱা দুই-তিনি বছৰমান ধৰি মাজে-মাজে চলি আহিছে। কৰিস্মা নাথে সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰি ফুৰিছে। বহুকেইগৰাকী সংস্কৃতিৰ সাধক, বিশেষকৈ নাগাৰা নামৰ অভিজ্ঞতাৰে পুষ্ট লোকে তেওঁক সাৱধান কৰি দিছিল যদিও তেওঁ সলনি নহ’ল। বেপৰোৱা ভাৱে যি মন যায় তাকে কৰি গ’ল। এইবাৰ তেওঁ সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ বিখ্যাত সৃষ্টি ‘পৰজনমত শুভ লগনত’ গীতটিক বিকৃত কৰি পৰিবেশন কৰিলে।  কৰিস্মাই বিহু নাচ বা আধুনিক নৃত্যৰ দৰে শৰীৰ সঞ্চালন, মুখেৰে অস্বাভাৱিক আৰু অশুৱলা শব্দৰ উচ্চাৰণ, নিয়ন্ত্ৰণ হীন কণ্ঠস্বৰ ইত্যাদিৰে পৰিবেশন কৰা সেইবোৰে প্ৰকৃত নাগাৰা নামৰ মৰ্যাদা বহুপৰিমানে লঘু কৰি পেলাইছে।এনে শিল্পী সকলৰ বিশেষকৈ লোকসংস্কৃতিৰ শিল্পীৰ শাৰীৰিক ভাষাৰ পৰা মুখৰ শব্দ প্ৰক্ষেপনলৈকে সকলোতে এক মাৰ্জিত সৰলতা থকা উচিত। কিন্তু কৰিস্মাৰ ক্ষেত্ৰত সেয়া দেখা নাযায়।ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিয়ে এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে।ৰাজহুৱা সমালোচনায়ো পাঠিকা গৰাকীক শুধৰাব পৰা নাই। তেওঁক হয়তো আইনগত ব্যৱস্থাৰেহে সংযত কৰিব লাগিব।গণনাট্য সংঘই অনুভৱ কৰে যে বহুতো এনে তথাকথিত শিল্পীয়ে অপসংস্কৃতি কিছুমান ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰি তৎকালে বাতৰিৰ শিৰোনামা দখল কৰাৰ সহজ পথটো বাচি লয়। এই ক্ষেত্ৰত শ্ৰোতা-দৰ্শকৰো কিছু কৰণীয় আছে। কিয়নো একাংশ শ্ৰোতা-দৰ্শকৰ নিম্ন ৰুচিবোধেও এওঁলোকক আওপকীয়াকৈ উৎসাহিত কৰি আহিছে। এনে অপসংস্কৃতিৰ বাহক সকলৰ বিৰুদ্ধে সচেতন শ্ৰোতা-দৰ্শকে এটা কঠোৰ ব্যৱস্থা যথাসময়ত নল’লে অসমীয়া ভাষা-সংস্কৃতিৰ বিস্তাৰ ক্ষতি হ’ব। জ্যোতি সংগীত, বিষ্ণু গীত আদিক বিকৃত কৰিবলৈ লোৱা এই পাঠিকা গৰাকীৰ লগতে আন কোনোবাও যদি আমাৰ সংস্কৃতিক বিকৃত কৰিবলৈ চেষ্টা কৰে, তেওঁলোকৰ ওপৰতো আইনগত ব্যবস্থা ল’বলৈ গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ হৈ সভাপতি শৰৎ চন্দ্ৰ নেওগ আৰু প্ৰধান সম্পাদক বিপুল তালুকদাৰে চৰকাৰক আহ্বান জনাইছে৷