মহানগৰীৰ চছলত প্ৰধান মন্ত্ৰীৰ মন কী বাত অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- ছয়মাইল চছলৰ “চছল সাংসাৰিক আই থান প্ৰাংগণ”ত ভাৰতীয় জনতা পাৰ্টীৰ ১৮৬ বুথ সমিতিৰ “মন কী বাত” অনুষ্ঠান বহুল ভিত্তিত শতাধিক ব্যক্তিৰ দ্বাৰা অনুষ্ঠিত কৰা হয়। ১৮৬ বুথৰ পালক ধৰ্মেন্দ্ৰ টেৰণৰ আহ্বান মৰ্মে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক জনজাতি(ST) মৰ্চাৰ নৱ নিযুক্তি সভাপতি তথা কাৰ্বি আংলংৰ প্ৰাক্তন সাংসদ হৰেণ সিং ৱে, ৰাজ্যিক সাধাৰণ সম্পাদক তথা চামুগুৰী সমষ্টিৰ বিধায়ক ডিপ্লুৰণ্জন শৰ্মা, ৰাজ্যিক প্ৰটকল আহ্বায়ক তথা নগাও জিলাৰ সহ:প্ৰভাৰি অভিজিত কলিতা, ৰাজ্যিক জনজাতি মৰ্চাৰ কৰ্মকৰ্তা ক্ৰৰ্মে দ্বীপেন ৰহাং, শ্ৰীমণি কোৱৰ, বাহিনী মণ্ডলৰ সম্পাদক ডাঃ বিকাশ বৰা, বাহিনী মণ্ডলৰ জনজাতি মৰ্চাৰ উপ সভাপতি ইশ্বান বড়ো, চছল গাও সমাজৰ বিশেষ ব্যক্তি ক্ৰমে দেৱানন্দ টেৰণ, নবীন পাটৰ, বিনোদ টেৰণ, নাৰায়ণ পাটৰ, দিলীপ ৰহাং তথা সমাজ সেৱক নব কুমাৰ মুদৈ, গোপেশ্বৰ বৰদলৈ, সত্যৰাম টেৰণ, আমৰি কাৰবি উন্নয়ন পৰিষদৰ চেয়াৰমেন ইন্দ্ৰেশ্বৰ টেৰণ তথা বুথ সমিতিৰ বিষয়-বৱীয়া, সদস্যকে ধৰি শতাধিক লোকৰ উপস্থিতিত প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠান সজীৱ হৈ উঠে। মন কী বাত অনুষ্ঠানৰ পাছতে এক ঘণ্টাৰ চমু আলোচনা সভা অনুষ্ঠিত হয় । এই সভাত “মন কী বাত” অনুষ্ঠান টোৰ বিশেষত্ব ৰ বিতং আলোচনা হয়। সভাৰ শেষত ১৮৬ বুথৰ সভাপতি হৰেন্দ্ৰ মান্তাৰ ধন্যবাদ সুচক ভাষণেৰে অন্ত পৰে। অনুষ্ঠান টি সফল ভাৱে পৰিচালনা কৰে ১৮৬নং বুথৰ নৱনিযুক্তি পালক তথা জনজাতি মৰ্চা বাহিনী মণ্ডলৰ সভাপতি ধৰ্মেন্দ্ৰ টেৰণে।