আপঙৰ ৰাগী
ৰূপালী গগৈ চুতীয়া, ডিব্ৰুগড়
তুমি মোক ভাল পোৱা নে ?
আপং ?
মৰম বিচৰা নে ?
নিচা ?
এটা কাম কৰা
নিশা মোৰ চাং ঘৰলৈ আহিবা
দুবাতি আপং খাই
প্ৰেমৰ কথা পাতিম,
চকুত চকু থৈ আপোন পাহৰি
নিশাৰ আমেজ ল’ম ৷
আপঙৰ নিচাত ভুল কৰিলেও
ৰাইজে মেল চপালেও
মানি ল’ম নিজৰ ভুল,
যদিহে ৰাইজে শাস্তি বিহে
শিৰ পাতি লৈ
অমৰ কৰিম আমাৰ প্ৰেম ।
আহিবা আজি নিশা
আপঙৰ নিচাৰ অমেজ ল’ম
মৰমৰ নিচা বেছি নে
আপঙৰ ?
তোমাক সুধি চাম,
কাৰ ৰাগীত বিলীন হ’ব খোজা তুমি ?
আপঙৰ নে
মৰমৰ…?