অসম চৰকাৰৰ উচ্ছেদ অভিযানক কেন্দ্ৰীয় চৰকাৰে পূর্ণ সমর্থন জনাইছেঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বেদখলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানক কেন্দ্ৰীয় চৰকাৰে পূর্ণ সমর্থন জনাইছে । এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক সংবাদ মেলত কয়- সংসদত আৰু অসমলৈ আহি কেন্দ্রীয় গৃহমন্ত্ৰীয়ে ৰাজ্যৰ কেইটামান বিষয়ত তেওঁ গুৰুত্বসহকাৰে বক্তব্য দিছে। বিশেষকৈ ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানক সমর্থন কৰি এই অভিযান চলি থাকিব বুলি কেন্দ্রীয় গৃহমন্ত্ৰীয়ে স্পষ্ট কৰিছে। বহু সময়ত এনে উচ্ছেদ অভিযানৰ ক্ষেত্ৰত এটা কথা প্ৰচাৰ কৰা হয় যে এই উচ্ছেদ কেৱল মুখ্যমন্ত্রীয়েহে চলাইছে। এই বিষয়ে প্রধানমন্ত্রী বা গৃহমন্ত্রীয়ে গম পায় নে নাপায় তাক লৈও প্রশ্ন উত্থাপিত কৰি আহিছে একাংশই। গৃহমন্ত্ৰীগৰাকীৰ বক্তব্যত এটা কথা স্পষ্ট হ’ল যে উচ্ছেদ অভিযানত ভাৰত চৰকাৰৰ পূৰ্ণ সমর্থন আছে আৰু তেওঁলোকে এইক্ষেত্রত সকলো ধৰণৰ সহায় আগবঢ়াব। বিশেষকৈ এই অভিযান যাতে শেষটুকুৰা ভূমি উদ্ধাৰ নকৰালৈ চলাই যোৱা হয়, সেই কথাও কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিলে গৃহমন্ত্ৰীৰ বক্তব্যৰ জৰিয়তে। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নাম নোলোৱাকৈ পুনৰ কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে সৰৱ হ’ল মুখ্যমন্ত্রী ড° শর্মা। তেওঁ কয়- অসমৰ ৰাজনেতাৰ সৈতে পাকিস্তানৰ সম্পৰ্কৰ কথাও গৃহমন্ত্ৰীয়ে উল্লেখ কৰিছে। ইয়াৰ পূর্বেও সংসদত পাকিস্তানৰে সম্পৰ্কৰ কথা উল্লেখ কৰিছিল। সাধাৰণতে সংসদত ভুল তথ্য দিলে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আনিব পাৰে, যাৰ বিৰুদ্ধে কথা কোৱা হয়। কিন্তু সংসদতে কোনোধৰণৰ বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ অনা নাই আৰু গৃহমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰে সম্পৰ্কৰ কথা উল্লেখ কৰাৰ সময়তে নীৰৱে আছে। ইয়াৰ পৰা স্পষ্ট হয় যে বিষয়টো কিমান গুৰুত্বপূৰ্ণ। কিমানদিন অসম চৰকাৰে কথাটো উত্থাপন কৰি আহিছিল। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদৰ বাহিৰে-ভিতৰে পাকিস্তানৰে সম্পৰ্কৰ কথা উল্লেখ কৰাৰ পৰা এই কথাটো আমি অনুভৱ কৰিব পাৰোঁ, নিশ্চয় বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ।