অনুগল্প
পিতা
শৈলেন কুমাৰ,মিৰ্জা
পিতৃৰ দ্বৰে ধন পাবলৈ নাই,তুমি সুখী কাৰণ তোমাৰ মুৰৰ ওপৰত পিতৃস্বৰূপ হাতখন আশীৰ্বাদ হিচাপে আছে ৷ শোষক সকলে এইশাৰী বাক্যৰে হয়টো বহুজনক শোষিত কৰি আছে সমাজত একনায়কত্ববাদ চলাই আছে ৷কিন্তু আচল কথাটো হ’ল জ্ঞান,জন্ম দিলেই যে এজন পুৰুষ পৰমাত্মা পৰমপূজ্য হৈ যায় তেনে নহয় ৷ মই নুই নকৰোঁ জন্মদাতা পিতৃ যে প্ৰাথমিক শিক্ষক জীৱনৰ,তাৰপাছত আছে শিক্ষাগুৰু কিন্তু জীৱনৰ প্ৰকৃত উদ্দেশ্য আৰু লক্ষ্যৰ জ্ঞান দিয়া সেইজন পৰমপিতাৰ চৰণেই মোৰ বাবে সৰ্বশ্ৰেষ্ঠ ৷