সাধু, গীতি কবিতা – অভিজিত বৰা

Pc Wordpress.com

 সাধু, গীতি কবিতা 

অভিজিত বৰা

আইতাৰ মুখত শুনা জোনৰ বুকুত
তুলসী জোপা ফুলনীৰ
গোলাপ চিঙি ৰজা ৰাণী খেল খেলা

পৰেনে মনত আজি, পৰেনে মনত
জোনৰ দেশৰ তুলসী,
জোনাক নিশা গধূলি হাতিপতি চালো
আমি, আইতাৰ সাধু শুনি

বগা পখিলাৰ পাখি,
আকাশত উৰি যায় কনমানিৰ হাঁহিৰ সুৰ হৈ,
আইতাৰ সাধুত সপোনৰ বাটেৰে বলিছে
জোনাকি বা ।

আম গছৰ পাত লৰে ৰিম জিম বতাহতে,
জোনাকৰ পোহৰতে আইতাৰ সাধু শুনা,
জোনৰ বুকুত তুলসী জোপা