কানৈ মহাবিদ্যালয়ত ‘শংকৰদেৱৰ চিন্তাধাৰা আৰু সাম্প্ৰতিক অসমৰ যুৱ সমাজ’ শীর্ষক বক্তৃতানুষ্ঠান

কানৈ মহাবিদ্যালয়ত ‘শংকৰদেৱৰ চিন্তাধাৰা আৰু সাম্প্ৰতিক অসমৰ যুৱ সমাজ’ শীর্ষক বক্তৃতানুষ্ঠান

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- “শিল্প চেতনাই মানুহক উন্নতিৰ শিখৰত আগুৱাই যোৱাত সহায় কৰে’। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্বশাসিত), ৰুক্মিণীদেৱী কানৈ ছাত্ৰীনিৱাস আৰু ডিম্বেশ্বৰ চলিহা ছাত্ৰাৱাসৰ যৌথ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি অনুষ্ঠিত বক্তৃতানুষ্ঠানত মুখ্য বক্তা‌ হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রাধ্যাপক ড° গোপাল হাজৰিকাই  এইদৰে কয়। ‘শংকৰদেৱৰ চিন্তাধাৰা আৰু সাম্প্ৰতিক অসমৰ যুৱ সমাজ’ শীর্ষক বিষয়ত বক্তৃতা প্রদান কৰি ড° হাজৰিকাই কয়  শিল্পী হ’বলৈ হ’লে,শিল্পক জীয়াই ৰাখিবলৈ হ’লে সাধাৰণ মানুহৰ হৃদয় চুই যাব লাগিব আৰু মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰিব লাগিব। তেওঁ কয় সাধাৰণ মানুহ সোঁতৰ গতিত উটি যায়, আনহাতে মহাপুৰুষসকলে সোঁতৰ বিপৰীতে গতি কৰিব পাৰে। সেই সোঁতৰ বিপৰীতে গতি কৰিব পৰা গুণ থকাৰ বাবেই সেইসকলে সাধাৰণ মানুহৰ পৰা মহাপুৰুষৰ শাৰীলৈ গতি কৰে। মুখ্যদ্বাৰৰ পৰা ছাত্ৰীনিৱাসৰ আৱাসীসকলে আৰতিৰে উষ্ম আদৰণি জনাই নিয়া অনুষ্ঠানটিত ড° হাজৰিকাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰি কয় শংকৰদেৱ নিজেই এখন বিশ্ববিদ্যালয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বহু গায়কৰ সৃষ্টি কৰিলে। ড° হাজৰিকাই তেওঁৰ ভাষণ প্ৰসংগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সকলোকে কেনেদৰে সমদৃষ্টিৰে চাই, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এখন সুন্দৰ সমাজ গঢ়িবলৈ চেষ্টা কৰিছিলে সেই বিষয়েও ছাত্র-ছাত্ৰী সকলক অৱগত কৰে। তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজিক ভবিষ্যতে জীয়াই ৰাখিবলৈ হ’লে যুৱ প্ৰজন্মৰ কি কি কৰণীয়তা আছে সেই বিষয়েও বহুলভাৱে ব্যাখ্যা কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাসৰ আৱাসীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি এনেধৰণৰ এটি সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বন্তি প্ৰজ্বলন আৰু ছাত্ৰী সংস্কৃতা শ‍ইকীয়াৰ বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত কানৈ মহাবিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ সদস্য সচিব তথা ডিম্বশ্বৰ চলিহা ছাত্ৰৱাসৰ মুখ্য অধীক্ষক ড° জ্যোতি প্ৰসাদ ফুকন, ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তথা ডিম্বেশ্বৰ চলিহা ছাত্ৰৱাসৰ অধীক্ষক ড° বিৰাজ দত্ত উপস্থিত থাকি মননশীল বক্তব্য প্ৰদান কৰে। ছাত্রী নিহাৰিকা শ‍ইকীয়াই মুখ্য বক্তা ড° গোপাল হাজৰিকাৰ চমু পৰিচয় আগবঢ়োৱা অনুষ্ঠানটিত ছাত্রী বিদিশা হাজৰিকাৰ সত্ৰীয়া নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে।অনুষ্ঠানটিত ৰুক্মিণীদেৱী কানৈ ছাত্ৰীনিৱাস আৰু ডিম্বেশ্বৰ চলিহা ছাত্ৰাৱাসৰ ভালেসংখ্যক আৱাসী উপস্থিত থাকে।