এনিশা জোনাক – ছেলিমা বেগম

Pc Unsplash

এনিশা জোনাক

ছেলিমা বেগম,
নগাঁও 

আহিবা চোন এনিশা জোনাক ৰাতি,
দুয়ো কথা পাতিম নদীৰ পাৰত বহি
 নাৰিকল গছৰ পাতৰ আঁৰত লুকুৱাই লুকুৱাই ।
পাতৰ ফাকে ফাকে পোহৰ বিলাই
দিব পূৰ্ণিমাৰ জোনটি সেই পোহৰ
আহি পৰিব তোমাৰ মোৰ নাকে মুখে।
আকাশ’ৰ তৰা তিৰবিৰ কৰি শুনিব
তোমাৰ মোৰ হৃদয়ৰ কথা।
জোনটি হাঁহিলে তৰাটি হাঁহিব
দুয়োৰ মনৰ আনন্দ দেখি,
এনিশা উজাগৰে থাকিম
আনন্দ  মতলীয়া হৈ ।
জোনাক’ৰ স্নিগ্ধ পোহৰত
বিলীন হৈ পৰিম দুয়ো।
সপোন বাস্তৱত ৰূপায়ন
কৰিম জীৱনৰ বাটত
সংগ্ৰাম কৰি কৰি আমি
নতুন যাত্ৰা আৰম্ভ কৰিম ।
আহিবা নে হৃদয়’ৰ কোঠালিত ?
 মৰম ছটিয়াই ছটিয়াই  প্ৰেমৰ
বৰষুণত তিতি থাকিম মনৰ আনন্দত
উফ্ ! তোমাৰ মোৰ প্ৰেম কাহিনী
পূৰ্ণীমাৰ জোন টি সাক্ষী হৈ থাকিব!
error: Content is protected !!