প্ৰেমৰ অনুষংগিক – ৰঞ্জন বৰ্মন

 প্ৰেমৰ অনুষংগিক

ৰঞ্জন বৰ্মন, বগীনদী, লখিমপুৰ 

(এক)
জাৰৰ নিহালিখন মেৰিয়াই মেৰিয়াই
বুকুত কবিতাক উম দিছোঁ
কথাষাৰ শুনি ফেঁচা এটাই গল খেকাৰি মাৰিলে
ৰাতি চৰা চৰাই এজনীয়ে হাঁহি হাঁহি সুহুৰি এটা মাৰিলে
ক’ৰ জানো এটা ফপৰা কুকুৰে
মুতি মুতি গোটেই চহৰখনেকই গোন্ধালে
ডাৱৰৰ বুকুৰ পৰা মুখ উলিয়াই
হাঁহি মাৰি জোনে ক’লে
আচলতে শৰীৰতকৈ মনৰ তাৰণাইহে এজনে আনজনক
বুকুলৈ মাতে
এই কথা মানুহে নুবুজে
(দুই)
আঁহতগুৰিত সময়ৰ টান লাগি
বীণাৰ তাৰ এটা ছিঙে
ছিটিকাত লাগি আঁহতৰ ডালত সপোন এটা ওলমে
এনেকৈ কোনেও নেদেখাকৈ আঁহতৰ
কত পাত সৰে
অথচ
ৰাধা-কৃষ্ণ আমাৰ
আৰধ্য দেৱতা