ৱৰ্ল্ড চেম্পিয়নছ অফ লেজেণ্ড ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী সিদ্ধান্ত – দেবর্ষি গৌতম

ৱৰ্ল্ড চেম্পিয়নছ অফ লেজেণ্ড ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী সিদ্ধান্ত

দেবর্ষি গৌতম,
বনগাঁও,নলবাৰী

ইংলেণ্ডত মুঠ ছয় খন দেশৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্রহণ কৰা নিৰ্দিষ্ট কিছু খেলুৱৈক লৈ ৱৰ্ল্ড চেম্পিয়নছ অফ লেজেণ্ড ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ দলে। উক্ত আটাইকেইখন দেশৰে অৱসৰপ্ৰাপ্ত কিছু পৰিচিত খেলুৱৈৰ অংশগ্ৰহণে প্ৰতিযোগিতাখন ক্ৰিকেট অনুৰাগীৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিছে। মূলত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা যুৱৰাজ সিং, সুৰেশ ৰাইনা, হৰভজন সিং আদিৰ দৰে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ সকলক পুনৰ এবাৰ খেলপথাৰত প্ৰত্যক্ষ কৰাৰ হেঁপাহত ক্ৰিকেট অনুৰাগী সকল আনন্দিত হৈ পৰা পৰিলক্ষিত হয়। ৱৰ্ল্ড চেম্পিয়নছ অফ লেজেণ্ড ক্ৰিকেট প্ৰতিযোগিতাৰ এইটো দ্বিতীটো সংস্কৰণ। প্ৰথম সংস্কৰণত ভাৰতীয় দলটোৱে বিজয়ী হবলৈ সক্ষম হৈছিল। চলিত দ্বিতীয় সংস্কৰণটো ভাৰতীয় দলটোৰ পৰা ক্ৰিকেট অনুৰাগী সকলে অনুৰূপ প্ৰদৰ্শন আশা কৰিছিল। কিন্তু অনুৰাগীৰ আশাৰ বিপৰীতে ভাৰতীয় দলটোৱে কিন্তু চলিত সংস্কৰণত চূড়ান্ত খেললৈ যোগ্যতা অৰ্জন কৰা ব্যৰ্থ হয়। এইখিনিতে আটাইতকৈ উল্লেখনীয় কথাটো হৈছে যে প্ৰথম সংস্কৰণত ভাৰতীয় দলটোৱে চুড়ান্ত খেলখনত বিজয়ী হোৱাৰ পিছত ক্ৰিকেট অনুৰাগী সকল যিমান আনন্দিত হৈছিল তাৰ পৰিৱৰ্তে কিন্তু চলিত সংস্কৰণত ভাৰতীয় দলটোৱে চেমিফাইনেল পৰ্যায়ৰ পৰা বিদায় লোৱাৰ পিছতো ক্ৰিকেট অনুৰাগী সকল অধিক উৎসাহিত, উৎফুল্লিত আৰু গৌৰৱ অনুভৱ কৰা পৰিলক্ষিত হৈছে। আচলতে ৱৰ্ল্ড চেম্পিয়নছ অফ লেজেণ্ড ক্ৰিকেট প্ৰতিযোগিতা গ্ৰুপ পৰ্য্যায়ৰ এখন খেল পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ ভাৰতীয় দলটোৱে অমান্তি হোৱাৰ পিছত সেই খেলখন বাতিল হৈছিল। তাৰ পিছত অন্য দল সমূহৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে প্ৰতিযোগিতা খনত খেলিছিল আৰু অৱশেষত চেমিফাইনেল পর্যায়লৈকে উন্নীত হৈছিল। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হল, এই প্ৰতিযোগিতাখনত চেমিফাইনেল পৰ্যায়লৈ উন্নীত হোৱা দল কেইটা আছিল ভাৰত, পাকিস্তান, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া। প্ৰথমখন চেমিফাইনেল খেল অনুষ্ঠিত হোৱা কথা আছিল ভাৰত আৰু পাকিস্তান দলদুটাৰ মাজত আৰু দ্বিতীয় খন খেল অনুষ্ঠিত হোৱা কথা আছিল অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা দল দুটাৰ মাজত। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি যেতিয়াই প্ৰথম খন চেমিফাইনেল খেল ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱাৰ সূচী ঘোষণা হয় তাৰ লগে লগে কিন্তু এই খেলখন অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰতো বিভিন্ন জল্পনা কল্পনা আৰম্ভ হৈ যায়। ভাৰতৰ ভূমিত সংঘটিত হোৱা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদ স্বৰূপে ভাৰতীয় খেলুৱৈ সকলে পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত ক্ৰিকেট খেলত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৱৰ্ল্ড চেম্পিয়নছ অফ লেজেণ্ড ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হব লগা প্ৰথম খেলখন গ্ৰুপ পৰ্যায়ৰ হোৱা বাবে সেই খেলখন ভাৰতীয় খেলুৱৈ সকলে খেলিবলৈ সন্মত নোহোৱা খবৰটোৱে যদিও ইমান প্ৰচাৰ হোৱা নাছিল কিন্তু চেমিফাইনেল পৰ্য্যায়ত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় খেলুৱৈ সকলে খেলত অংশগ্ৰহণ নকৰাৰ বাবে লোৱা সিদ্ধান্তৰ সৰ্বস্তৰত চর্চা হোৱা পৰিলক্ষিত হৈছে। ভাৰতীয় খেলুৱৈ সকলৰ সিদ্ধান্তক প্ৰতিযোগিতাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰাও সামাজিক মাধ্যম যোগে সন্মান প্ৰদান কৰা পৰিলক্ষিত হৈছে। ভাৰতীয় খেলুৱৈ সকলৰ এই সিদ্ধান্তৰ পিছত উৎফুল্লিত ভাৰতীয় ক্ৰিকেট অনুৰাগী সকলে হয়তো দাবী উত্থাপন কৰিব যে ইন্টাৰনেছনেল ক্ৰিকেট কাউন্সিল চমুকৈ আই চি চি আৰু এছিয়ান ক্ৰিকেট কাউন্সিল চমুকৈ এ চি চি ৰ অধীনত অনুষ্ঠিত হোৱা ক্ৰিকেট বিশ্বকাপ, চেম্পিয়নছ ট্ৰফী, এছিয়া কাপ আদিতো ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হব লগীয়া খেল সমূহত ভাগ লব নালাগে। আচলতে বিশেষকৈ আই চি চি ৰ অধীনত অনুষ্ঠিত খেল সমূহত ভাগ নোলোৱাটো যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ। গতিকে যিকোনো আই চি চি  ইভেণ্টত পাকিস্তানৰ বিৰুদ্ধে খেলত ভাল লোৱা বা নোলোৱা গ্ৰহণ কৰিবলৈ হলে বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ দৰকাৰ থাকে। কিন্তু ৱৰ্ল্ড চেম্পিয়নছ অফ লেজেণ্ডৰ দৰে ক্ৰিকেট প্ৰতিযোগিতা সমূহ ব্যক্তিগত খণ্ডৰ প্ৰতিযোগিতা হোৱা হেতুকে খেলুৱৈ সকলে কিছুমান সিদ্ধান্ত নিজাববীয়াকৈ লোৱাৰ স্বাধীনতা থাকে। ইয়াৰ উপৰিও এনে প্ৰতিযোগিতা অংশগ্ৰহণ কৰাৰ বাবে খেলুৱৈ সকলে নিজৰ পছন্দৰ হিচাপত আয়োজক সকলৰ সৈতে কিছু চৰ্ত আৰোপ কৰিহে নিৰ্দিষ্ট প্ৰতিযোগিতাত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ স্বাধীনতা লাভ কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাত পূৰ্ণ সম্পৰ্কৰ বাবেই পাকিস্তানৰ লগতে প্ৰতিযোগিতাৰ আয়োজক সমিতিয়েও বুজন পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হল। ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা যিকোনো পৰ্য্যায়ৰ খেলতে দৰ্শকৰ সঁহাৰি যে অভূতপূৰ্ব সেয়া সৰ্বজনবিদিত। ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা ক্ৰিকেট খেলৰ পৰা লাভ কৰা ৰাজহৰ এক মোটা অংকৰ ধন পাকিস্তানৰ ক্ৰিকেট বোৰ্ড আৰু খেলুৱৈ সকলেও লাভ কৰে। ভাৰতীয় খেলুৱৈ সকলে যেতিয়াই ৱৰ্ল্ড চেম্পিয়নছ অফ লেজেণ্ড ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰিছিল তেতিয়াই বিশেষকৈ পাকিস্তানৰ ফালৰ পৰা বিভিন্ন প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছিল। পাকিস্তানৰ ক্ৰিকেটাৰৰ পৰা ৰাজনৈতিক নেতালৈকে সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে ৰাজনীতি আৰু ক্ৰিকেট একাকাৰ কৰিব নালাগে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেটাৰে খেলত অংশগ্ৰহণ নকৰাৰ বাবে লোৱা সিদ্ধান্ত সম্পূৰ্ণ ভুল সিদ্ধান্ত। এই সিদ্ধান্তৰ বাবে ক্ৰিকেটৰ ক্ষতি হব। আচলতে পাকিস্তানৰ ৰাজনৈতিক নেতা সকলে প্ৰদান কৰা এই ভাষ্যৰ আঁৰত লুকাই আছিল তেওঁলোকৰ ব্যৰ্থতাৰ কাহিনী। আনহাতে পাকিস্তানৰ ক্ৰিকেটাৰ সকলে প্ৰদান কৰা এই মন্তব্যৰ আঁৰত লুকাই আছিল ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলত অংশগ্ৰহণ নকৰিলে  তেওঁলোকে লাভ কৰিবলগীয়া ধন নোপোৱাৰ ক্ষোভ। পাকিস্তানৰ ক্ৰিকেটাৰ অথবা ৰাজনৈতিক নেতা সকলৰ বাবে টকা সৰ্বোপৰি হব পাৰে কিন্তু ভাৰতৰ বাবে কেৱল টকা সৰ্বোচ্চ নহয় সেই কথাৰ প্ৰমাণ ইতিমধ্যে ভাৰতীয় খেলুৱৈ সকলে প্ৰদান কৰিছে। পাকিস্তান ক্ৰিকেট বোৰ্ডে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পৰৱৰ্তী সময়ত যিকোনো ব্যক্তিগত ক্ৰিকেট লীগত পাকিস্তানৰ দেশৰ নাম ব্যৱহাৰ কৰাত অনুমতিপ্ৰদান কৰা নহব। ভাৰতীয় প্ৰাক্তন ক্ৰিকেটৰ সকলৰ দৃঢ়তাৰ বাবে যে পাকিস্তান ক্ৰিকেট বোৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে সেই কথা নিশ্চিত। কাৰণ পাকিস্তান ক্ৰিকেট বোৰ্ডে এটা কথা ভালদৰে অৱগত যে বিশেষকৈ যিকোনো ব্যক্তিগত লীগত ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সকলৰ পৰা যদি পুনৰ এনে পৰিস্থিতিৰ সন্মুখীন হব লগীয়া হয় তেনেহলে পাকিস্তান ক্ৰিকেটৰ ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ দিশে গতি কৰিব। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সকলে গ্ৰহণ কৰা ভূমিকাই এটা কথা পুনৰ স্পষ্ট কৰি দিলে পাকিস্তানে যেতিয়ালৈকে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি থাকিব তেতিয়ালৈকে ভাৰতে পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক গঢ়িবলৈ আগবাঢ়ি নাহে। ভাৰতৰ এনে স্পষ্ট স্থিতিৰ পিছতো যদি পাকিস্তানে নিজকে সন্ত্ৰাসবাদ বিৰোধী দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ পদক্ষেপ গ্ৰহণ নকৰে তেনেহলে ভাৰতৰ সৈতে যে কেতিয়াও কোনো ক্ষেত্ৰতে পাকিস্তানৰ সম্পৰ্ক মধুৰ নহয় সেই কথা নিশ্চিত।