ডিব্ৰুগড়ৰ সমাজকৰ্মী শ্বহীদ স্মৃতি ৰক্ষা সমিতিৰ সহ: সম্পাদক বিজু খেমানীৰ মৃত্যু
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ এগৰাকী সমাজ সংগঠক তথা ডিব্ৰুগড় শ্বহীদ স্মৃতিৰক্ষা সমিতিৰ সহকাৰী সম্পাদক বিজু খেমানীৰ স্বাস্থ্যজনিত কাৰণত ২৩ আগষ্টত ৫৬ বছৰ বয়সত মৃত্যু হয়।তেখেতৰ মৃত্যুত শ্বহীদ স্মৃতিৰক্ষা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বাসস্থানলৈ গৈ শ্বহীদ স্মৃতিৰক্ষা সমিতিৰহৈ অনিল প্ৰসাদ সিংহ, ৰাজকুমাৰ আগৰৱালা,লক্ষী জাজোয়া, মহেশ কুমাৰ জৈন, আত্মাৰাম আগৰৱালা, নিৰজ সিংহানীয়া আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেখেতে পত্নীৰ লগতে এগৰাকী কন্যা আৰু এক পুত্ৰসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়।