পণ্য-সেৱা কৰ ব্যৱস্থাৰ সংস্কাৰক লৈ গুৰুত্বপূর্ণ সিদ্ধান্ত

পণ্য-সেৱা কৰ ব্যৱস্থাৰ সংস্কাৰক লৈ গুৰুত্বপূর্ণ সিদ্ধান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- জিএছটি ব্যৱস্থা তথা জিএছটি স্তৰৰ ব্যাপক সালসলনিৰ দিশে এখোপ আগবাঢ়িল কেন্দ্রীয় চৰকাৰ। জিএছটিক লৈ আয়োজিত মন্ত্ৰীগোটৰ বৈঠকত জিএছটি ব্যৱস্থাৰ সালসলনিক লৈ বৃহৎ সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই সিদ্ধান্ত অনুসৰি জিএছটিৰ পৰিসৰৰ পৰা নিৰিখৰ সংখ্যা হ্রাস কৰাত সন্মত হৈছে। জিএছটি ব্যৱস্থাত ৪টা স্তৰৰ সলনি দুটা স্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৭৯সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জিএছটিক লৈ দীপাৱলীৰ পূৰ্বে বৃহৎ খবৰ লাভ কৰিব বুলি ঘোষণা কৰাৰ কেইদিনমান পাছতে আজি জিএছটিক লৈ মন্ত্ৰীগোটৰ বৈঠকত জিএছটিৰ ৪টা স্তৰৰ সলনি দুটা স্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। জিএছটি ২.০ৰ ব্যৱস্থা অনুসৰি ব্যৱসায়ীৰ জটিলতাক সৰলীকৰণ কৰাৰ লক্ষ্যৰেই এই ব্যৱস্থা গ্রহণ কৰাৰ ইংগিত দিছে। নতুন নিয়ম অনুসৰি ১২ শতাংশৰ জিএছটিৰ স্তৰত থকা ৯৯ শতাংশ সামগ্ৰীৰ দাম হ্রাস পাব। কিয়নো এই ১২ শতাংশৰ স্তৰ ৫ শতাংশ কৰা হ’ব। ঠিক তেনেদৰে ২৮ শতাংশ স্তৰৰ ৯০ শতাংশ সামগ্ৰীৰ দাম হ্রাস পাব। কিয়নো ২৮ শতাংশক ১৮ শতাংশৰ স্তৰলৈ ৰূপান্তৰিত কৰা হ’ব। উল্লেখ্য যে পুৰণি জিএছটি ব্যৱস্থাত ৪টা স্তৰ আছিল। স্তৰকেইটা ৫, ১২, ১৮ আৰু ২৮ শতাংশ। নতুন জিএছটি ব্যৱস্থাত ১২ আৰু ২৮ শতাংশ বাতিল হ’ব। অধিকাংশ সামগ্রীয়েই ৫ আৰু ১৮ শতাংশৰ অধীনত পৰিব। আনপিনে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত পৃথকভাৱে ৪০ শতাংশ কৰ ধাৰ্য কৰা হ’ব। কিয়নো এই সামগ্রীসমূহক পাপ সামগ্রী হিচাপে গণ্য কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে, নতুন জিএছটি ব্যৱস্থাত সাধাৰণ পৰিয়াল, কৃষক পৰিয়াল আৰু মধ্যবিত্ত পৰিয়ালে সকাহ পাব। ঔষধ, সাজ-পোছাক, জোতা, গৃহ সামগ্রীসমূহ ৫ শতাংশৰ স্তৰত আহিব। আনহাতে টেলিভিছনকে ধৰি আন সামগ্রী ২৮ শতাংশৰ পৰা ১৮ শতাংশৰ স্তৰৰ আওতাত পৰিব। ইপিনে স্বাস্থ্য আৰু জীৱন বীমাত জিএছটি আৰোপ কৰাক লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ লগতে এই জিএছটি প্রত্যাহাৰ কৰাৰ বাবে বিৰোধী দলসমূহে দাবী জনাই আহিছে। নতুন জিএছটি ব্যৱস্থা অনুসৰি স্বাস্থ্য আৰু জীৱন বীমাক জিএছটিৰ পৰা ৰেহাই দিয়াৰ সম্ভাৱনা আছে। এনে হ’লে সাধাৰণ নাগৰিকে জীৱন বীমাৰ ওপৰত প্ৰীমিয়ামৰ ওপৰত জিএছটি দিব নালাগে। মন্ত্ৰীগোটৰ বৈঠকত বিহাৰৰ উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীৰ নেতৃত্বত উত্তৰ প্ৰদেশৰ বিত্তমন্ত্রী সুৰেশ কুমাৰ খান্না, ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী গজেন্দ্ৰ সিং, পশ্চিমবংগৰ বিত্তমন্ত্রী চন্দ্রিমা ভট্টাচার্য, কৰ্ণাটকৰ ৰাজহ মন্ত্ৰী কৃষ্ণ বাইৰেগৌড়া আৰু কেৰালাৰ বিত্তমন্ত্রী কে এন বালগোপাল উপস্থিত থাকে।