সামাজিক ব্যাধিৰ ৰুদ্ৰ ৰূপ – আয়শা ছিদ্দিকা

সামাজিক ব্যাধিৰ ৰুদ্ৰ ৰূপ

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা

আমি মানুহ মাত্ৰেই সামাজিক প্ৰাণী। সমাজপাতি বসবাস কৰো। সমাজ বুলি ক’লে কেই ঘৰ মান মানুহ একেলগে একে ঠাইতে বসতি স্থাপন কৰাক বুজাই।

বিপদত এজনে আন এজনক সহায় কৰা, উৎসৱ পাৰ্বন আদি একেলগে মিলা প্ৰীতিৰে উদযাপন কৰা, সমাজ যেন একতাৰ এনাজৰী। একতাৰ বান্ধনীৰে বান্ধ খাই থাকে সকলোয়ে । অকস্মাতে অহা কোনো ধুমুহাৰ পৰা অনায়সে হাত সাৰি যাব পাৰে।

সমাজ এনে এখন ঠাই য’ত ভয় শঙ্কা, আতংকৰ প্ৰভাৱ নাই নিৰাপত্তা অনুভৱ হয়। মানুহে সমাজ অবিহনে চলিব নোৱাৰে। জীয়াই থাকিবলৈ সমাজৰ প্ৰয়োজন অপৰিহাৰ্য্য। সমাজে বর্ণ বিবাদ নকৰে।সমাজৰ চকুত সকলো সমান। কোনোবাই অন্যায় অত্যাচাৰ কৰিলেও সমাজে তাৰ বিহিত ব্যৱস্থা কৰি সমস্যা নিৰ্মূল কৰিও দিয়ে। সমাজ আমি প্ৰতিজন মানুহৰ বাবে প্ৰয়োজন। , সমাজৰ ব্যধি আঁতৰ কৰিলে হে সুস্থ এখন সমাজ গঢ়ি উঠিবলৈ সক্ষম হ’ব ।

সমাজ এখন সুস্থ পৰিৱেশৰ নাম। কিন্তু যেতিয়া ইয়াত হিংসা, বৈষম্য, দুৰ্নীতি, মাদক, অশিক্ষা আদি ব্যাধিয়ে সোমায়, সমাজৰ ৰূপ ৰুদ্ৰ (ভয়ংকৰ) হৈ পৰে। এইবোৰে সমাজৰ শান্তি, একতা আৰু উন্নতি ধ্বংস কৰে।

সমাজ এখন ফুলনি তুলীয়া বাগিছাৰ দৰে। যেতিয়া ইয়াত কুইহাবোৰে বাহ লয়, তেতিয়া ইয়াৰ সৌন্দৰ্য নষ্ট হয়। আমাৰ প্ৰত্যেকৰে দায়িত্ব হৈছে এই বাগিছাখনক পৰিষ্কাৰ-পৰিচ্ছন্ন ৰখা। সামাজিক ব্যাধিৰ ৰুদ্ৰ ৰূপক আমি সমূলে উৎপাটন কৰিবলৈ হ’লে প্ৰত্যেকেই আগবাঢ়ি আহিব লাগিব। এনে এখন সুস্থ সমাজহে আমাৰ ভৱিষ্যত প্ৰজন্মক এক সুন্দৰ জীৱন দান কৰিব পাৰিব।

সামাজিক ব্যাধিৰ বিৰুদ্ধে যুদ্ধ কৰাটো কোনো এজন ব্যক্তিৰ দ্বায়িত্ব নহয়, এইটো আমাৰ সকলোৰে দ্বায়িত্ব। সমাজ সুস্থ হ’লে দেশ সুস্থ হ’ব, দেশ সুস্থ হ’লে জাতি সুস্থ হ’ব।