বেদখলক লৈ দৃঢ় স্থিতি মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বনাঞ্চল আৰু চৰকাৰী ভূমিত চলি থকা উচ্ছেদৰ একাংশ দল-সংগঠনে কৰা বিৰোধিতাক লৈ পুনৰ চৰকাৰৰ দৃঢ় স্থিতিক দোহাৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। পূর্বেও উচ্ছেদক লৈ কোনোধৰণৰ আপোচ নহয় বুলি ঘোষণা কৰা মুখ্যমন্ত্রী ড° শৰ্মাই চতিয়াত সংবাদ মাধ্যমৰ আগত এই সন্দর্ভত কয়- যিয়ে যি নকৰক কিয়, অসমৰ য’ত উচ্ছেদ হ’ব লাগে তাত উচ্ছেদ হ’বই। এইক্ষেত্ৰত চৰকাৰে স্পষ্ট সিদ্ধান্ত লৈছে কি কৰিব লাগে আৰু সেইধৰণে চৰকাৰে কাম কৰি যাব। ইয়াৰ বাবে যদি ঘটনা ঘটে, তেন্তে ঘটিব পাৰে। কিন্তু ঘটনাৰ উচিত প্রত্যুত্তৰ দিয়াৰ ক্ষমতাও চৰকাৰৰ আছে। উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰে পিছ হোঁহকি নাহে।