প্ৰবীণ অভিনেতা অচ্যুত পোটদাৰৰ মৃত্যু

প্ৰবীণ অভিনেতা অচ্যুত পোটদাৰৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  সোমবাৰে গভীৰ নিশা প্রবীণ অভিনেতা অচ্যুত পোটদাৰে চিকিৎসাধীন  অৱস্থাতে  শেষ নিশ্বাস  ত্যাগ কৰে। মহাৰাষ্ট্ৰৰ থানেৰ জুপিটাৰ হাস্পতালত বয়সজনিত অসুস্থতাৰ বাবে কিছুদিন ধৰি ভৰ্তি হৈ আছিল অভিনেতাগৰাকী। ১২৫ৰো অধিক হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ লগতে ১০০ৰো অধিক টিভি ধাৰাবাহিকত অভিনয় কৰা অচ্যুত পোটদাৰে অৱশেষত ১৮ আগষ্টৰ নিশা থানেৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও বার্ধক্যজনিত কাৰণতে প্রবীণ অভিনেতাগৰাকীৰ দেহাৱসান ঘটা বুলি প্ৰকাশ পাইছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯১ বছৰ। ১৯৮০ৰ দশকৰ শেষৰফালে অচ্যুত পোটদাৰে অভিনয় জগতত ভৰি দিছিল। তাৰ পূৰ্বে তেওঁ দেশৰ সেৱাত নিজকে নিয়োজিত কৰিছিল। ভাৰতীয় সেনা বাহিনীত কৰ্মৰত আছিল অচ্যুত পোটদাৰ। তাৰ পিছত ইণ্ডিয়ান অইল কোম্পানীতো কাম কৰিছিল। পৰৱৰ্তী সময়ত টেলিভিছনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰে আৰু তাৰ পিছত তেওঁ পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল। তেওঁ ফিল্মী কেৰিয়াৰত ১২৫খনৰো অধিক হিন্দী আৰু মাৰাঠী ছবিত অভিনয় কৰিছিল। বিশেষকৈ পৰিচালক বিধু বিনোদ চোপড়াৰ ছবিত তেওঁৰ উল্লেখযোগ্য উপস্থিতিয়ে তেওঁক বলীউডত এখন চিনাকি মুখ কৰি তুলিছিল। তেওঁৰ ‘থ্রী ইডিয়টছ’ ছবিৰ সংলাপ- “কহনা ক্যা চাহতে হো?” আজিও দৰ্শকৰ মাজত অত্যন্ত জনপ্ৰিয় আৰু ছ’চিয়েল মিডিয়াত বহুতো মিমত ব্যৱহাৰ হৈ আহিছে। অচ্যুত পোটদাৰে ৰাজকুমাৰ হিৰাণীৰ ব্লকবাষ্টাৰ ছবি ‘থ্রী ইডিয়টছ’ত অধ্যাপকৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত ব্যাপক জনপ্রিয়তা লাভ কৰিছিল। তদুপৰি প্ৰবীণ অভিনেতাগৰাকীক ‘আক্রোশ’, ‘অর্ধ সত্য’, ‘তেজাব’, ‘পৰিণ্ডা’, ‘ৰাজু বন গয়া জেন্টলমেন’, ‘দিলৱালে’, ‘ৰংগিলা’, ‘ৱাস্তর’, ‘হাম সাথ সাথ হেয়’, ‘পৰিণীতা’, ‘লাগে ৰাহো মুন্না ভাই’, ‘দাবাং ২’ আৰু ‘ভেন্টিলেটৰ’ৰ দৰে বহুতো বাণিজ্যিকভাৱে সফল বলীউড ছবিত দেখা যায়। তেওঁৰ অভিনয়ৰ সৰলতা আৰু সততাই প্ৰতিটো চৰিত্ৰক প্রাণৱন্ত কৰি তুলিছিল। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বলীউডত শোকৰ ছাঁ পৰে। তেওঁৰ হাঁহি, সৰলতা আৰু অভিনয়ৰ প্ৰতি নিষ্ঠাই তেওঁক চিৰস্মৰণীয় কৰি ৰাখিব।