অঙ্কীয়া নাট আৰু ভাওনাৰ বৈশিষ্ট্যঃ এটি আলোকপাত – নাছিৰ আহমেদ

অঙ্কীয়া নাট আৰু ভাওনাৰ বৈশিষ্ট্যঃ এটি আলোকপাত

নাছিৰ আহমেদ,শিমলাবাৰী,গোৱালপাৰা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট-ভাওনাৰ জন্ম হয় পঞ্চদশ শতিকাৰ শেষ অথবা ষোড়শ শতিকাৰ প্ৰাৰম্ভিক কালছোৱাত। ” চিহ্নযাত্ৰা” মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম অঙ্কীয়া নাট যদিও এই বিষয়ক কোনো ৰচিত নাট পাবলৈ নাই। এই অঙ্কীয়া নাটত প্ৰৱেশ,গীতি-নৃত্য,ভটিমা, পয়াৰ, সূত্ৰধাৰ আদি আছিল যদিও নাটৰ প্ৰধান অংগ কাহিনী আৰু সংলাপ থকাৰ কোনো প্ৰমাণ চৰিত পুথিয়ে নিদিয়ে।

মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা নাট ছখনক তেখেতে ক’তো অঙ্ক বা অঙ্কীয়া বুলি কোৱা নাই। নাটৰ সলনি অঙ্ক শব্দটো চৰিতকাৰেহে প্ৰয়োগ কৰিছে। আধুনিক কালত ” অঙ্কীয়া শব্দটো প্ৰয়োগ হ’বলৈ ধৰে।

শঙ্কৰদেৱে তেৰাৰ নাটত নাট, নাটক আৰু যাত্ৰা শব্দহে ব্যৱহাৰ কৰিছিল।।

মহাপুৰুষ শংকৰদেৱে যি নাট ৰচনা কৰি গ’ল তাৰ ঐতিহ্য আৰু উৎপত্তি বিচাৰ কৰা প্ৰয়োজন। এই বিষয়ে স্বৰ্গীয় কালিৰাম মেধি ডাঙৰীয়াই তেখেতৰ সংগৃহীত আৰু সম্পাদিত” অঙ্কাৱলী” ৰ দীঘলীয়া পাতনিত কিছু আলোচনা কৰি গৈছে । বিশেষকৈ মহাপুৰুষৰ সময়ত থলুৱা নাট্যানুষ্ঠান,যেনে —  প্ৰাচীন অসমত প্ৰচলিত ” দেওধনী, ওজাপালি, পুতলা নাচ, গোৱালপাৰা অঞ্চলৰ ” কুশান গান,ভাৰী গান, কুট্টু, ঢুলীয়াৰ ভাৱৰীয়াৰ অভিনয়, ঢুলীয়াৰ অভিনয় আদিৰ পৰিচয় দি মহাপুৰুষ শংকৰদেৱৰ নাট সৃষ্টিত তাৰ সম্ভাৱ্য প্ৰভাৱ তেখেতে দেখুৱাবলৈ প্ৰয়াস কৰিছে।

মহাপুৰুষ শংকৰদেৱে সংস্কৃত নাটকৰ কিছু উপাদানো যেনে  সূত্ৰধাৰ ,নান্দী,ভটিমা, পয়াৰ, শ্লোক আদি অন্তৰ্ভুক্ত কৰি লৈছিল।

মহাপুৰুষ শংকৰদেৱৰ সময়ত পূৰ্ব ভাৰতত সম্পূৰ্ণ দেশজ বা প্ৰান্তীয় ভাষাত নাট ৰচিত নহ’লেও সংস্কৃত নাট্যৰীতি আৰু সংস্কৃত প্ৰাকৃত ভাষাৰ প্ৰয়োগৰ লগে লগে প্ৰান্তীয় ভাষাৰ গীত-মাত ব্যৱহাৰ কৰি আৰু নাটকীয় কলা-কৌশলো কিছু পৰিমাণে সহজ কৰি নাট ৰচনা কৰাৰ প্ৰচেষ্টা চলিছিল।

কিন্তু মহাপুৰুষ শংকৰদেৱে সম্পূৰ্ণ ভাবে আধুনিক ভাৰতীয় ভাষাত সৎ সাহস আৰু দুৰদৰ্শিতা দেখুৱাইছিল। কিন্তু তেখেতে কথিত অসমীয়া ভাষাত নাট ৰচনা নকৰি অৱহট্ট অপভ্ৰংশৰ পৰা উদ্ভৱ ব্ৰজধামৰ ভাষা” ব্ৰজাৱলী বা ব্ৰজাবুলি” ক মৈথিলী আৰু অসমীয়াৰ সংমিশ্ৰণ ৰূপত ব্যৱহাৰ কৰা দেখা যায়। এই কথাটোৱে প্ৰমাণ কৰে যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গোটেই পূৰ্ব ভাৰতৰ সকলো মানুহে বুজিব পৰাকৈ  অঙ্কীয়া নাটসমূহ ৰচনা কৰিছিল।

অঙ্কীয়া নাটৰ অভিনয়েই হ’ল অঙ্কীয়া ভাওনা।চৰিত পুথিত ” নাট গোৱা” , ” ভাৱনা কৰা ( কথা গুৰু চৰিত , ১২৯–৫১৯) আদি আখ্যা পোৱা যায়। গুৰুজনাই বৰদোৱাত থাকোঁতেই উনৈশ বছৰ বয়সতে” চিহ্নযাত্ৰা ” অভিনয়েৰে প্ৰথম অঙ্কীয়া ভাওনাৰ পাতনি মেলে। চৰিত পুথিতেই প্ৰথম ভাওনা খনত ব্যৱহৃত নেপথ্যভাগ এনেদৰে দিছে ঃ

(ক) :- পুস্ত বা ছোঁ ঃ পট, গুৰুড়, ব্ৰহ্মা আৰু হৰৰ মুখা আৰু তেওঁলোকৰ যানসমূহ

(খ) :- অলঙ্কাৰ ঃ নূপুৰ, খাৰু,পদ্মমালা,পাটৰ শাৰী, উচ্চ খোপা, আৰু সেন্দূৰৰ ফোঁট।

ভাওনাত পুৰুষেই তিৰোতাৰ ভূমিকাত অৱতীৰ্ণ হৈছিল আৰু তিৰোতাৰ নিচিনাকৈ সাজন-কাচন কৰিছিল। নিঃসন্দেহে সেই সময়ত সমাজত তিৰোতাসকলে ব্যৱহাৰ কৰা সাজ-পোছাককে ভাওনাৰ তিৰোতাসকলে ব্যৱহাৰ কৰিছিল।

অঙ্কীয়া নাটসমূহৰ ভাওনাত আহাৰ্যৰ এটা উল্লেখযোগ্য দিশ হৈছে, অঙ্গ ৰচনা অৰ্থাৎ ৰং বৰণ ঘঁহা কাম। প্ৰতিটো ভাওনাত ৰং -বৰণ ঘঁহা কাম জনা এজন বিশেষ ব্যক্তি জড়িত আছিল। তেওঁক ” খনিকৰ” বোলা হয়। ভাওনাত এই খনিকৰ জনৰ ভূমিকা বিশেষ ভাৱে বিস্তীৰ্ণ। ভাৱৰীয়াক ৰং-বৰণ কৰি দিয়া।  তেওঁ ভাৱৰীয়াৰ কিৰীটি, জন্তুৰ নোমেৰে বিশেষ ভাৱে ( ভয়ানক ৰূপ দি) কৰিবলগীয়া অসুৰৰ প্ৰতিশীৰ্ষ, ছোঁ আৰু পাগ আদি সজা কামো কৰিব লাগে।

 অঙ্কীয়া ভাওনাত ৰং-বৰণ তুলিবলৈ ব্যৱহৃত উপাদানসমূহ চাৰিবিধ আৰু ইহঁতে চাৰিটা স্বভাৱজ বৰণ প্ৰকাশ কৰিছে।

১/ হাইতাল – প্ৰতিনিধিত্ব কৰা স্বভাৱজ বৰণ হালধীয়া
২/ নীল – স্বভাৱজ বৰণ নীলা
৩/ সেন্দূৰ — স্বভাৱজ বৰণ ৰঙা
৪/ খৰিমাটি বা ধল – প্ৰতিনিধিত্ব কৰা স্বভাৱজ বৰণ হ’ল বগা।

অঙ্গ ৰচনাৰ পিছতে আহাৰ্যাভিনয়ৰ উল্লেখযোগ্য উপকৰণ হ’ল ইয়াৰ অলঙ্কাৰ। অলঙ্কাৰ বুলিলে বেশ-ভূষা,কিৰীটি, মুকুট, চুলি আদি।

ভাওনাৰ পুৰুষ চৰিত্ৰৰ পোছাকৰ ভিতৰত উৰ্ধ বাস হিচাপে চৌগা, চাপকন, চৌকন,সিংখাৰাপ, বালিচৰী চোলা,বুকু চোলা,বুটা( গুটি) ,জামদানি, জালি চোলা , মোগলাই টুপি ঠেঙা আদি। চোলাবোৰ সাধাৰণতে বগা আছিল যদিও ক’লা, লা বুলীয়া, হালধীয়া আৰু সুমথিৰা বুলীয়া কৰিও লোৱা হৈছিল। সূত্ৰধাৰ, গায়ন-বায়ন আদিৰ বাহিৰে নাট্য চৰিত্ৰবোৰৰ চোলা বিশেষ ধৰণেৰে গুণাৰ পৰ্টি মাৰি জেউতি চৰোৱা হৈছিল।

নাৰীৰ বস্ত্ৰ হিচাপে শাৰীৰ উল্লেখ আছে আৰু শাৰী পিন্ধাৰ বিশেষ ৰীতিটোক তেৰাই ” খোন্টাজানি” বুলি অভিহিত কৰিছিল। এই ৰীতিত শাৰী পিন্ধিলে ম’ৰাই চালি ধৰা যেন লাগে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাটত ব্ৰজাৱলী ভাষা প্ৰয়োগ কৰাৰ উপৰিও স্থানীয়, ঘৰুৱা, জতুৱা ঠাঁচযুক্ত কথিত অসমীয়া ভাষাকো সংযোগ কৰিছিল।

সংস্কৃত নাটকৰ নিচিনাকৈ অঙ্কীয়া নাটো গদ্য আৰু ছন্দোবদ্ধ ৰচনাৰ সংমিশ্ৰণ।

অঙ্কীয়া নাটত শ্লোক আৰু গীত-পদেই সৰহ ভাগ ঠাই জুৰি আছে। সেইবোৰৰ তুলনাত সংলাপে ক্ষীণ অংশহে জুৰি আছে। তদুপৰি সংলাপত যি গদ্য ব্যৱহাৰ কৰা হৈছে সিও আচলতে লয়যুক্ত এক প্ৰকাৰৰ কাব্যিক গদ্যহে । ড° মহেশ্বৰ নেওগৰ মতে ” সি ছন্দোময় কাব্য ভাষাৰ এটি ৰূপান্তৰ মাথোঁ” । সুৰ,অনুপ্ৰাস,অন্ত্যানুপ্ৰাস আদিৰে এই ভাষা সঁচাকৈয়ে কাব্যময়। এছোৱা উদ্ধৃতিৰ পৰাই এই কথা অধিক স্পষ্টভাৱে বুজা যায়।

” তদনন্তৰ কৃষ্ণক বিৰহ তাপে তাপিত হুৱা ৰুক্মিণী ঘন ঘন কৃষ্ণ কথা জম্পই , দিশ  দিশ আন্ধিয়াৰি দেখিয়ে মূৰ্চ্ছিত হুৱা পৰল। তা দেখিএ সখী মদনমঞ্জুৰি সখী লীলাৱতী হাহাকাৰ কয় অতি সত্ত্বৰে বাহু মেলি ধৰল , শিৰে সিঞ্চল, আঞ্চোৰে বিফিকহো আশ্বাসে বোলল।” ( ৰুক্মিণী হৰণ)

নাট্য কাহিনীৰ জঁকা নিৰ্মাণ কৰা হৈছে। সংস্কৃত শ্লোকসমূহৰ দ্বাৰা আৰু গীত-পদ আৰু সংলাপে তাত ৰক্ত মাংস সংযোগ কৰিছে।

অঙ্কীয়া নাটত গীত-পদৰ বিশেষ স্থান থাকিলেও কথাভাগৰ জৰিয়তেও সমস্ত কাহিনী জনসাধাৰণৰ ওচৰ চপাকৈ দিয়া হয়।

নাটকীয় কথাৰ দুটা ভাগ — কথা আৰু ভাৱৰীয়াৰ বচন। ভাৱৰীয়াই বচন মতাৰ উপৰিও পৰিস্থিতিৰ ব্যাখ্যা কৰে, চৰিত্ৰৰ আগমনৰ বতৰা দিয়ে আৰু চৰিত্ৰৰ উক্তিৰ মাজত যোগসুত্ৰ স্থাপন কৰি ঘটনাৰ আঁত ধৰাত দৰ্শকক সহায় কৰে।

অঙ্কীয়া নাটৰ বিষয়বস্তু ভাগৱত পুৰাণ, হৰিবংশ, ৰামায়ণৰ আদিকাণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে।
থুলমূল কৈ কবলৈ গলে অঙ্কীয়া নাটৰ বৈশিষ্ট্যসমূহ হ’ল —
১/ সূত্ৰধাৰ চৰিত্ৰৰ প্ৰাধান্য।
২/গীত, ভটিমা ( ৰাজ ভটিমা,দেৱ ভটিমা আৰু নাট ভটিমা) আৰু পয়াৰৰ প্ৰয়োগ।
৩/ নৃত্যৰ প্ৰাধান্য ।
৪/ ব্ৰজাৱলী বা ব্ৰজবুলি ভাষাৰ ব্যৱহাৰ।
৫/ লয়যুক্ত গদ্যৰ প্ৰয়োগ।
৬ কথিত অসমীয়া ভাষাৰ জতুৱা ঠাঁচ ফকৰা যোজনা আৰু প্ৰৱচন আদিৰ প্ৰয়োগ।
৭/ মুখাৰ ব্যৱহাৰ।

ড° সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে অঙ্কীয়া নাটত সূত্ৰধাৰে একেধাৰে গায়ক, নৰ্তক, ঘোষক, পৰিস্থিতি ব্যাখ্যাকাৰী আৰু অভিনয় পৰিচালক। তেওঁ নান্দী শ্লোক পাঠ , প্ৰাৰম্ভিক ভটিমা গোৱা, ভক্তিমূলক নৃত্য পৰিৱেশন,নাটৰ নাম, গীত আৰু নৃত্যৰ জৰিয়তে নাটৰ চৰিত্ৰ অনুসাৰে সংলাপ আওৰায়। যেনে, ” আহে সভাসদ, কি বাদ্য বাজত, দেৱ দুন্দুভী বাজত। আহা ,মিলল মিলল ,পৰম পিতা শ্ৰীকৃষ্ণ মিলল। ”  এনেদৰে নাটৰ চৰিত্ৰসমূহৰ প্ৰৱেশ ঘটাই কি কৰিব লাগিব বা কি কব লাগিব,তাক নিৰ্দেশ দিয়ে।

এনেদৰে অভিনয় সমাপ্ত নোহোৱালৈকে মঞ্চত থাকি সূত্ৰধাৰজনে মুক্তি মঙ্গল ভটিমাৰ যোগেদি নাটকৰ পৰিসমাপ্তি ঘটায়। সূত্ৰধাৰে দেৱ ভটিমা,ৰাজ ভটিমা আৰু নাট ভটিমা প্ৰয়োগ কৰি নাটৰ পৰিৱেশ আৰু পৰিস্থিতিৰ ইংগিত দিয়ে। আনহাতে চৰিত্ৰ অনুসৰি নৃত্যৰ ভংগীমাও বেলেগ বেলেগ হয়। সূত্ৰধাৰে কৃষ্ণৰ প্ৰৱেশৰ সময়ত দেৱত্ব আৰোপ কৰি নৃত্য প্ৰদৰ্শন কৰে ; আনহাতে শিশুপালৰ প্ৰৱেশৰ সময়ত স্বাভাৱিকভাৱে  নৃত্য প্ৰদৰ্শন কৰে।

অঙ্কীয়া নাটৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্যটি হৈছে ইয়াৰ মুখাৰ ব্যৱহাৰ। মুখাৰ ব্যৱহাৰে সৰল নিৰক্ষৰ দৰ্শকক নাটকৰ বিষয়বস্তু বুজি পোৱাত সহজ হোৱাৰ লগতে অভিনয়ক অধিক প্ৰাণৱন্ত কৰি তোলা হয়

মুঠতে, অঙ্কীয়া নাট আৰু ভাওনাসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ভক্তি মাৰ্গ তথা এক শৰণ নাম ধৰ্মৰ মূল দৰ্শন অসমীয়াৰ জনমানসত বোধগম্য হোৱাকৈ ৰেখাপাত কৰাৰ লগতে অসমীয়া ভাষা, কলা, কৃষ্টি,সংস্কৃতি, সাহিত্য, সংগীত আদিক নৱৰূপ দান কৰি অসমীয়া জাতিৰ বৰ ভেটি চিৰস্থায়ীভাৱে নিৰ্মাণ কৰি গ’ল। এই চিৰনমস্য গুৰু শ্ৰীমন্ত শঙ্কৰদেৱক প্ৰণিপাত জনাই ” অঙ্কীয়া নাট আৰু ভাওনাৰ বৈশিষ্ট্য” নামৰ প্ৰবন্ধটিৰ সামৰণি মাৰিলোঁ।