“বিজ্ঞান : জীৱন আৰু যোগৰ দিশাৰ্থী” – নাচিমা য়াচমিন

“বিজ্ঞান : জীৱন আৰু যোগৰ দিশাৰ্থী” 

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

আদিৰে পৰা মানুহে নিজক আৰু প্ৰাকৃতিক পৃথিৱীখনক চিনি পোৱাৰ এক অন্তহীন প্ৰয়াস চলাই আহিছে। সেই প্ৰচেষ্টাৰ ফলস্বৰূপে জন্ম হৈছে বিজ্ঞানৰ। ই অন্ধবিশ্বাস, অপবিশ্বাস, আৰু অনুমানৰ প্ৰতিস্থাপক ৰূপে বিকাশ পালে। বিজ্ঞান মানে কেৱল যন্ত্ৰপাতি, উদ্ভাৱন, বা প্রযুক্তি নহয়; ই হৈছে এক যুক্তিপূৰ্ণ চিন্তাধাৰা, যিয়ে সন্দেহৰ ভূমিত আত্মবিশ্বাসৰ বৃক্ষ ৰোপণ কৰে।

■ বিজ্ঞানৰ প্ৰকৃতি:

‘বিজ্ঞান’ শব্দটোৱে গ্ৰিক শব্দ “Scientia”ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ — জ্ঞান বা জানিব পৰা সামৰ্থ্য। কিন্তু বিজ্ঞান কেৱল জানিবলৈ সক্ষমতাতেই সীমাবদ্ধ নহয়; ই জানিবলৈ চেষ্টাৰ এক নিৰন্তৰ প্ৰক্ৰিয়া। পর্যবেক্ষণ, অনুমান, পৰীক্ষা আৰু বিশ্লেষণৰ যোগফলত গঢ় লৈ উঠে বিজ্ঞান। ই যুক্তিবাদী মনোভাৱৰ আধাৰত গঢ়ি উঠা জ্ঞানৰ সংহতি, যি ধ্যান-ধাৰণা আৰু অভিজ্ঞতাৰ ভিত্তিত গঢ়ি উঠা মানৱ সভ্যতাৰ অগ্ৰগতিৰ মূল চালিকা শক্তি।

■ বিজ্ঞান আৰু আধুনিক সমাজ :

আধুনিক যুগৰ প্ৰতিটো স্তম্ভ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ উপস্থিতি কিমান গভীৰ, সেয়া হয়তো আমি উপলব্ধিও নকৰোঁ। নিদ্ৰা ভাঙাৰ লগে লগে ঘড়ীৰ এলাৰ্ম, ইলেকট্ৰিক বাল্ব, ৰেফ্ৰিজাৰেটৰ, স্মাৰ্টফোন, কম্পিউটাৰ—এই সকলোবোৰ বিজ্ঞানৰ অৱদান। সভ্যতাৰ যিকোনো দিশলৈ চালে , বিজ্ঞানৰ উপস্থিতি পৰিলক্ষিত হয়।

■ চিকিৎসা ক্ষেত্ৰত বিজ্ঞান:

বিজ্ঞানৰ অন্যতম অমূল্য উপহাৰ হৈছে চিকিৎসা বিজ্ঞান। যক্ষ্মা, , পোলিঅ’,  ক’ভিড-১৯ আদিৰ দৰে ভয়ংকৰ ৰোগৰ চিকিৎসা পদ্ধতিও আজিৰ বিজ্ঞানৰ উন্নতিৰ বাবেই সম্ভৱ হৈ উঠিছে । অস্ত্ৰোপচাৰৰ আধুনিক পদ্ধতি, ৰোগ চিনাক্তকৰণত AI আৰু Robotics ব্যৱহাৰ, জিন থেৰাপি, টেলি-মেডিচিন, ভেকচিন—এই সকলোবোৰে মানৱ জীৱনক অধিক সুৰক্ষিত আৰু সুস্থ কৰি তুলিছে।

■ শিক্ষা ক্ষেত্ৰত বিজ্ঞান :

শিক্ষা আৰু বিজ্ঞান দুয়োটাই হৈছে মানৱ জীৱনৰ অপৰিহাৰ্য অংগ । ডিজিটেল শিক্ষাৰ জৰিয়তে বিশ্বৰ যিকোনো স্থানৰ জ্ঞান আজি আমাৰ হাতৰ মুঠিত। স্মাৰ্ট ক্লাছৰুম, লেপটপ, ই-লাৰ্নিং প্লেটফৰ্ম, অনলাইন লাইব্ৰেৰী—এই সকলোবোৰেই হ’ল বিজ্ঞানৰ অৱদান। বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত অনলাইন শিক্ষা ব্যৱস্থাই বিজ্ঞানৰ উপকাৰিতাক দৃশ্যমান কৰি তুলিছিল।

■ পৰিবহণ আৰু যোগাযোগত বিজ্ঞান:

গুৱাহাটীৰ পৰা দিল্লী, দিল্লীৰ পৰা নিউয়ৰ্ক—মাত্ৰ কেইঘণ্টাৰ ব্যৱধানত আমি ভ্ৰমণ কৰিব পাৰো। এই আশ্চৰ্যসাধ্য গতি বিজ্ঞানৰ দান। উৰণযন্ত্ৰ, বুলেট ট্রেইন, বৈদ্যুতিক বাহন, GPS, Google Maps আদিয়ে মানৱ জীৱনযাত্ৰাক সহজ আৰু সুগম কৰি তুলিছে। তদুপৰি, ই-মেইল, ভিডিঅ’ কল, ছচিয়েল মিডিয়া, Zoom মিটিং—এই সকলো যোগাযোগৰ একমাত্ৰ উৎস বিজ্ঞানেই হয় ।

■ কৃষি খণ্ডত বিজ্ঞান:

এসময়ত কৃষি আছিল সম্পূৰ্ণ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু আজি উন্নত বিজ্ঞান আৰু প্ৰযুক্তিয়ে কৃষিক,  সামাজিক আৰু অৰ্থনৈতিক উভয় দিশে এক বিশাল পৰিৱর্তন আনিছে। নতুন প্ৰজাতিৰ বীজ, ৰোপণ কৰা ব্যৱস্থা, যান্ত্ৰিক কৃষি সামগ্ৰী, জৈৱিক সাৰ, কীটনাশক, আধুনিক পদ্ধতিৰ দ্বাৰা খেতি পৰ্যবেক্ষণ—এই সকলোবোৰৰ ফলত কৃষিক অধিক উৎপাদনশীল আৰু লাভজনক ৰূপত গঢ়ি তোলা হৈছে।

■ মহাকাশ আৰু বিজ্ঞান:

মানুহৰ কৌতূহল সীমাহীন। চন্দ্ৰ, মাৰ্চ, সৌৰজগত, গেলেক্সি—এই সকলো জানিবলৈ মানৱ মন সদায় ব্যাকুল। সেই ব্যাকুলতাৰে জন্ম হৈছে মহাকাশ বিজ্ঞানৰ। ISRO, NASA, Chandrayaan, Mars Rover, James Webb Telescope আদিয়ে পৃথিৱীৰ সীমা পাৰ হৈ মহাশূন্যলৈ মানৱজ্ঞানক বিস্তৃত কৰিছে। GPS, communication satellite, weather satellite ইত্যাদিৰ জৰিয়তে জীৱন অধিক সংগঠিত আৰু আগতীয়াকৈ সজাগ হৈ উঠিছে।

■ বিজ্ঞানৰ নেতিবাচক দিশ:

যি শক্তিয়ে গঠন কৰিব পাৰে, সেই একে শক্তিয়ে ধ্বংসও কৰিব পাৰে—এই সত্য বিজ্ঞানৰ ক্ষেত্ৰতো প্ৰযোজ্য। বিজ্ঞানৰ অপব্যৱহাৰে সৃষ্টি হৈছে পৰমাণু বোমা, ৰাসায়নিক অস্ত্ৰ, জৈৱ অস্ত্ৰ।  ফলত বিশ্বৰ ওপৰত বিপদৰ সম্ভাৱনা বৃদ্ধি পাইছে। Hiroshima আৰু Nagasakiৰ পৰিণতি, Chernobyl ৰ দূৰ্ঘটনা, আৰু আজিৰ দিনলৈকে চলি থকা জলবায়ু পৰিৱৰ্তন—এই সকলো বিজ্ঞানৰ অপব্যৱহাৰৰ ফল।

মানুহৰ অতি উচ্চাকাংক্ষা আৰু অশ্রদ্ধাশীল মনোভাৱেই আজিৰ প্ৰাকৃতিক দুৰ্যোগৰ মূল।  ইণ্ডাস্ট্ৰিয়েল বর্জ্য, প্লাষ্টিক প্ৰদূষণ, বন নিধন, জলাশয় প্রদুষণ ইত্যাদি বিজ্ঞানৰ বিকৃত ৰূপৰ প্ৰমাণ।

সঁচাকৈয়ে, বিজ্ঞান হৈছে মানৱ জীৱনৰ আশীৰ্বাদ স্বৰূপ। ইয়াৰ সদ্ব্যৱহাৰ মানুহক স্বৰ্গৰ অভিজ্ঞতা দিব পাৰে, আৰু অপব্যৱহাৰে পাতাললৈ নমাই নিব পাৰে। সেয়েহে বিজ্ঞানক কেতিয়াও অন্ধভাৱে অনুসৰণ নকৰি, যুক্তি, নৈতিকতা আৰু দায়িত্ববোধৰ সৈতে ব্যৱহাৰ কৰাটো অত্যন্ত আৱশ্যক। বিজ্ঞানক সভ্যতা গঠনাৰ্থে ব্যৱহাৰ কৰিলেই আমি গঢ়িব পাৰিম এটি শান্তিপূৰ্ণ, উন্নত, সুস্থ  সমাজ। বিজ্ঞান কেৱল ভৱিষ্যতৰ চাবিকাঠিয়েই নহয় ই হৈছে বর্তমানৰো শক্তিশালী অস্ত্ৰ।