ৰামপুৰ বগীবিলত জিলা ভিত্তিক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

ৰামপুৰ বগীবিলত জিলা ভিত্তিক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

বুলমণি বৰি, লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত, ৰামপুৰ বগীবিল ফুটবল কচিং চেণ্টাৰ আৰু ৰামপুৰ বগীবিল ফুটবল ক্লাবৰ উদ্যোগত ৰাজগড় বগীবিল হাইস্কুল খেলপথাৰত জিলা ভিত্তিক চতুৰ্থ বাৰ্ষিক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাখনি যোৱা ৮ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে অনুষ্ঠিত হয়। ৰামপুৰ বগীবিলৰ লগতে ডিজু কিমিনৰ বৃহৎ অঞ্চলতোৰ প্ৰতিভাৱান খেলুৱৈসকলৰ প্ৰতিভা সমূহ বিকাশ তথা আগুৱাই লৈ যোৱাৰ দিশত ৰামপুৰ বগীবিল ফুটবল কচিং চেণ্টাৰে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ফুটবল প্ৰতিযোগিতাখনিত মুঠ ১০ টা দলে অংশগ্ৰহণ কৰে। ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন ১৫ আগষ্টত দিখৌমুখীয়া ডায়নেমচ এফ চি আৰু হাতীলুং কচিং চেণ্টাৰ এফ চিৰ মাজত অনুষ্ঠিত হয়। তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত ১ টা গলত সমতা স্থাপন হোৱাত পুনৰ ট্ৰাই বেকাৰত ৩/২ গলৰ ব্যৱধানত দিখৌমুখীয়া ডায়নেমচ এফ চিয়ে জয়লাভ কৰে। উক্ত প্ৰতিযোগিতাত দুটা  ছোৱালীৰ দলেও অংশগ্ৰহণ কৰে। হাৰমতি বান্দৰদোৱা লাইন এফ চি আৰু ৰামপুৰ বগীবিল এফ চি। দুয়োটা দলৰে দুৰ্দান্ত প্ৰদৰ্শন আৰু আকৰ্ষণীয় আছিল যদিও ১/০ গলত ৰামপুৰ বগীবিল এফ চি জয়ী হয়।যোৱা ৮ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিৰ  সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ঋষিৰাজ হাজৰীকা, অসম চৰকাৰ যুৱ আয়োগৰ সদস্য বিশিষ্ট অতিথি শ্ৰীযুত পুলক বৰা, যুটীয়া সম্পাদক কেন্দ্ৰীয় সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ শ্ৰীযুত গোপাল লিম্বু ,এক্স আৰ্মী চুবেদাৰ মেজৰ লেখন খাটনিয়াৰ ,সাধাৰণ সম্পাদক দুৰ্নীতি বিৰোধী যুৱ মঞ্চ অসম। প্ৰতিযোগিতাৰ পৰিচালনা সমিতিৰ সভাপতি  তগৰ দলে উপ-সভাপতি প্ৰকাশ পৰাজুলী সম্পাদক জিতু সোণোৱাল কোষাধ্যক্ষ নৱ দলে মুখ্য উপদেষ্টা মহিম পায়েং মুখ্য সমন্বয়ক বিমান সোণোৱাল উপদেষ্টা মিনাৰাম পেগু টঙ্ক বাহাদুৰ ৰাই কেশৱ গোহাঁইৰ লগতে ৰামপুৰ ফুটবল ক্লাবৰ অনান্য কৰ্মকৰ্তা সকল আৰু প্ৰায় পাঁচ হাজাৰতকৈ অধিক দৰ্শকে আকৰ্ষণীয় খেল উপভোগ কৰি খেলপথাৰখনৰ পৰিৱেশ জীপাল কৰি তুলে আৰু খেলুৱৈ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ নিকা ভাৱে প্ৰতিযোগিতাৰ সফল সামৰণি পৰে।