নামনি মাজুলীৰ বালিচাপৰিৰ বিশিষ্ট ব্যৱসায়ী  সত্য নাৰায়ন ৰাজ পুৰোহিত ( চেতিয়া)ৰ মৃত্যু 

নামনি মাজুলীৰ বালিচাপৰিৰ বিশিষ্ট ব্যৱসায়ী  সত্য নাৰায়ন ৰাজ পুৰোহিত ( চেতিয়া)ৰ মৃত্যু 

বালিচাপৰিত শোক, ব্যৱসায়ী সন্থাৰ শোক সভা; ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ

বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলী জিলাৰ নামনি মাজুলীৰ বালিচাপৰিৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী সত্য নাৰায়ন ৰাজ পুৰোহিতৰ শনিবাৰে পুৱা ৰাজস্থানৰ সুজানগড়ৰ  কোলাছাৰত মৃত্যু হয়। “চেতিয়া ” নামেৰে সমগ্ৰ মাজুলীত সু- পৰিচিত সত্য নাৰায়ন ৰাজ পুৰোহিত যোৱা তিনিমাহ ধৰি উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ৰাজস্থানৰ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। দুমাহ ধৰি ভেন্টিলেশ্বনত থকা ৰাজ পুৰোহিতৰ আজি পুৱা ৫.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। সত্য নাৰায়ন ৰাজ পুৰোহিতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই তেওঁৰ জন্ম ভূমিৰ লগতে কৰ্মভূমি মাজুলীত গভীৰ শোকৰ ছাঁ পৰে।  সত্য নাৰায়ন ৰাজ পুৰোহিতে শিশু অৱস্থাতে সুদুৰ ৰাজস্থানৰ পৰা আহি মাজুলীৰ বালিচাপৰিত ব্যৱসায় আৰম্ভ কৰিছিল । তেওঁ  সমগ্ৰ নামনি মাজুলীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ভাৱে জড়িত হৈ সকলোৰে প্ৰিয় ভাজন হৈ পৰিছিল । চেতিয়া নামেৰে সু পৰিচিত সত্য নাৰায়ন ৰাজ পুৰোহিত সমগ্ৰ নামনি মাজুলীৰ এজন জনপ্ৰিয় ব্যৱসায়ী আছিল। পৰৰ সুখত সুখী, পৰৰ দুখত দুখী ৰাজপুৰোহিতে মাজুলীৰ অগণণ লোকক সহায়ৰ হাত আগবঢ়াইছিল।  তেওঁ এগৰাকী সুদক্ষ অভিনেতাও আছিল।  ৰাজস্থানৰ পৰা আহি মাজুলীৰ সমাজ জীৱনৰ লগত একাত্ম হৈ ভাওনা, শ্ৰীকৃষ্ণৰ ৰাসলীলা আদিত খুহুতীয়া অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। মাজুলীৰ অসংখ্য নামঘৰ, ৰঙ্গমঞ্চত তেওঁ খুহুতীয়া অভিনয় কৰি সকলোকে হাঁহিৰ খোৰাক যোগাইছিল। ” চেতিয়া” মানেই এমোকোৰা হাঁহিৰ ভঁৰাল বুলি নামনি মাজুলীত সকলোৰে মাজত জনপ্ৰিয় ব্যক্তি আছিল। নিজৰ ব্যৱসায়ৰ লগতে মাজুলীৰ সমাজ জীৱনৰ লগত তেওঁ ওতঃপ্ৰোত ভাবে জড়িত হৈ আছিল। আজি পুৱা তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই মাজুলীত গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এজন পুত্ৰ, এগৰাকী কণ্যা, বোৱাৰী আৰু কেইবাজনো নাতি নাতিনী ইহসংসাৰত এৰি থৈ গৈছে।  সত্য নাৰায়ন ৰাজ পুৰোহিতৰ মৃত্যু  মাজুলীৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি। তেওঁৰ মৃত্যুত নামনি মাজুলীৰ বালিচাপৰি তিনিআলিত ব্যৱসায়ী সন্থাই সকলো দোকান বজাৰ বন্ধ কৰি সন্মান প্ৰদৰ্শন কৰে। ব্যৱসায়ী সন্থাই বালিচাপৰি তিনিআলিত এখন শোক সভা অনুষ্ঠিত কৰি মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।  চেতিয়াৰ মৃত্যুৰ খৱৰে সমগ্ৰ নামনি মাজুলী শোকাহত কৰিছে। এগৰাকী সৰবৰহী ব্যক্তি চেতিয়াৰ  মৃত্যুত মাজুলীৰ বিভিন্ন ব্যক্তি,দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে তেওঁৰ একমাত্ৰ পুত্ৰ ৰাজু ৰাজ পুৰোহিতে বৰ্তমান বালিচাপৰি তিনিআলিত পিতৃৰ হৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান পৰিচালনা কৰি আছে।