ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত উপাচাৰ্য্য ড০ জিতেন হাজৰিকা 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত উপাচাৰ্য্য ড০ জিতেন হাজৰিকা 

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ ছাত্ৰাবাসৰ ৫৪ সংখ্যক  প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদ্‌যাপন কৰা হয়।প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰীয় পতাকা  উত্তোলন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৱাসসমূহৰ মুখ্য অধীক্ষক প্ৰাধ্যাপক ড° দিগন্ত ভূঞাই। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  উপাচাৰ্য প্ৰাধ্যাপক ড° জিতেন হাজৰিকা, পঞ্জীয়ক ড° পৰমানন্দ সোণোৱাল, ছাত্ৰ পৰিক্ৰমাৰ গুৰু ড° সুৰজিত বৰকটকীকে প্ৰমুখ্যে কৰি কেবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে। ঐতিহ্যমণ্ডিত ছাত্ৰাবাসৰ তৰফৰ পৰা আদৰণী জনায়  ক-খণ্ডৰ অধীক্ষক ড° অমৰ উপাধ্যায়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ড° জিতেন হাজৰিকাই ছাত্ৰ সমাজৰ শক্তি, সামৰ্থ, সময়ৰ আহ্বান, নিয়মানুৱৰ্ত্তীতা আৰু অধ‍্যৱসায়ৰ বিষয়ৰ লগতে  সমাজৰ বিভিন্ন দিশৰ ওপৰত নিজৰ ভাষণত উল্লেখ কৰে।প্ৰতিষ্ঠা দিৱস এই অনুষ্ঠানতে আৱাসটোৰ ক খণ্ডৰ অধীক্ষক ড° অমৰ উপাধ্যায়ক ৰাজ্যপালৰ উৎকৰ্ষতাৰ বঁটা লাভ কৰা  বাবে  বিশেষভাৱে সম্বৰ্ধনা জনোৱা লগতে আৱাসটোৰ পৰা  সৰ্বভাৰতীয় নেট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছজন আৱাসীক  অভিনন্দন জনোৱা হয়। গ-খণ্ডৰ অধীক্ষক ড° জিতু বড়াই শলাগ জনোৱা এই অনুষ্ঠানটোত সন্ধিয়ালৈ ছাত্ৰ পৰিক্ৰমাৰ গুৰু ড° সুৰজিত বৰকটকীৰ উপৰিও বিভিন্ন আৱাস সমূহৰ অধীক্ষক, বিভিন্ন ছাত্ৰবাসৰ তত্ত্বাৱধায়কসকলৰ উপস্থিতিত ছাত্ৰাবাসৰ আবাসী সকলে সাস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ লগতে গীত, নৃত্য, গল্পকথা আদি বাৰেৰহনীয়া সাংস্কৃতিক  অনুষ্ঠান পৰিবেশন কৰে। ছাত্ৰাবাসৰ  খ-খণ্ডৰ অধীক্ষক ড° প্ৰাণজিত কলিতাই উপস্থিত সকলোৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানটো সামৰা হয়।