অতৃপ্ত
বৰ্ণালী দত্ত ,গোলাঘাট
যত্ন কৰো মই কবিতা লিখিবলৈ
কেতিয়াও নুঠে মনোগ্ৰাহী হৈ । ।
হৃদয়ৰ স্বৰলিপিত কেতিয়াবা
নিৰৱতা ফাঁলি সৃষ্টি হয় ।।
কিছু শব্দৰ বিচ্ছিন্ন ঝংকাৰ
বাৰে বাৰে হয় বিশৃংখলতা ।।
সংসাৰৰ জঞ্জালত আসক্ত
হৈ পৰিছো আজি অবান্তৰ ।।
অসীম কষ্টৰে আগবাঢ়িছো
জীৱন কণ্টকময় পথ ।।
য’ত আছে মাদকতা
সকলো উন্মাদনা।।
জীয়াই থকাৰ অভিলাষ
প্ৰেমৰ স্বৰ্গীয় অনুভূতি ।।
সেই প্ৰহেলিকা ময় শব্দ শৃংখলত
সৃষ্টি এটি সুন্দৰ কবিতা ।।