পশ্চিম যোৰহাটৰ দুজন স্বাধীনতা সংগ্ৰামী
অঞ্জু শাণ্ডিল্য
আজি স্বাধীনতা দিৱসৰ শুভ ক্ষণত আমাৰ ‘মৰমৰ ঢাপকটা’ৰ দুজন স্বাধীনতা সংগ্ৰামীৰ কথা মনত পৰিছে।সেই দুজন আছিল,প্ৰয়াত প্ৰফুল্ল ককা আৰু প্ৰসন্ন খুৰা ।দুয়োজনৰ কথা সৰুৰে পৰাই বাবা (বসন্ত কুমাৰ গোস্বামী) ৰ মুখৰ পৰা শুনিছিলো।আমি ঢাপকটাত নিগাজীকৈ থাকিবলৈ লোৱাৰ পাছত প্ৰায়েই প্ৰফুল্ল ককা আমাৰ ঘৰলৈ আহিছিল আৰু পুৰণা স্মৃতি সোঁৱৰণ কৰিছিল ।সেইবোৰ কথা শুনি আমি গৌৰৱ অনুভৱ কৰিছিলো আৰু আজিও কৰো।স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰা এই দুজনেই প্ৰথম ঢাপকটাৰ লোক আছিল।বৃটিছ প্ৰশাসনে দুয়ো গৰাকীৰ নামত গ্ৰেপ্তাৰী নিৰ্দেশ জাৰি কৰিছিল ।দুয়ো গৰাকীয়ে বিভিন্ন ঠাইত আত্মগোপন কৰিছিল ।সেই সময়ত বাবাই নতুনকৈ তিতাবৰৰ কাছজান চাহ বাগিচাত চাকৰিত সোমাইছিল।দুয়ো গৰাকীয়ে কিছু দিন বাবাৰ আবাসস্থলতে আত্মগোপন কৰিছিল ।প্ৰফুল্ল ককাই ভাত ৰন্ধাৰ সময়ত গা-বেয়া,টোপনি, কিতাপ -পত্ৰ পঢ়াৰ ভাও ধৰি ৰন্ধা -বঢ়াৰ কামৰ পৰা আঁতৰি গৈছিল ।এই বোৰ কথা কৈ হাঁহিছিল।আমিও শুনি আমোদ পাইছিলো আৰু বহুত শিহৰণকাৰী,আমোদজনক কাহিনী কৈ শুনাইছিল। এই দুজন স্বাধীনতা সংগ্ৰামীৰ কথা ডিম্বেশ্বৰ দয়াল শৰ্মাদেৱে গৌৰৱেৰে তেখেতৰ প্ৰৱন্ধ, ভাষণত উল্লেখ কৰিছে ।স্বাধীনতা লাভৰ বহুত বছৰৰ(১৯৫৮চন মানত)পাছত কাছ জান চাহ বাগিচাৰ বাবাৰ আবাসস্থললৈ দুয়োজন গৈছিল ।লগত প্ৰয়াত তিলেশ্বৰ বৰদলৈয়ো গৈছিল ।তেতিয়া অৱশ্যে প্ৰফুল্ল ককাই ভাত ৰন্ধাৰ সময়ত ভাও ধৰিব লগা হোৱা নাছিল ।বাবাই তেতিয়া বিয়া (আমাৰ জেঠাইক)কৰাইছিল।এই কথা প্ৰসন্ন খুৰাই কৈছিল আৰু জেঠাইৰ হাতৰ অপূৰ্ব ব্যঞ্জনৰ সোৱাদৰ কথা ।আজি সকলো স্বাধীনতা সংগ্ৰামীৰ লগতে প্ৰফুল্ল ককা, প্ৰসন্ন খুৰালৈ শ্ৰদ্ধাঞ্জলি জনাইছো ।