উৎসাহিত কৰিব পৰাটোও এটা ভাল গুণ – নিবেদিতা হাজৰিকা

উৎসাহিত কৰিব পৰাটোও এটা ভাল গুণ

নিবেদিতা হাজৰিকা
 লখিমপুৰ

কৰ্মৰ প্ৰতি উৎসাহে জীৱনলৈ সফলতা কঢ়িয়াই অনাৰ বাট মুকলি কৰাৰ দৰে আনৰ উৎসাহ ভৰা এষাৰি কথা বা মাতে মনত আনন্দ দিয়ে, প্ৰেৰণা যোগায়।সেইবাবেই কোৱা হয় উৎসাহিত কৰিব পৰাটোও এটা সজ গুণ।এই গুণটো অৱশ্যে বহুতৰ মাজত দেখা নাযায়।আনক প্ৰশংসা আৰু উৎসাহিত কৰিব পৰাটো যিদৰে ডাঙৰ গুণ ,ইয়াৰ বিপৰীতে কিন্তু প্ৰশংসাৰ চলেৰে ঠাট্টা কৰা বা ঠাট্টা কৰিব বিচৰাটো নীচ মানসিকতাৰ পৰিচায়ক।সেয়ে ই আমাৰ বাবে গ্ৰহণীয় নহয়,বৰঞ্চ ই আমাৰ বাবে বৰ্জনীয় ।

আনৰ ভাল কামৰ শলাগ ল’বলৈ আমি কুণ্ঠাবোধ কৰিব নালাগে।আনৰ ভাল কামৰ আমি সদায়ে শলাগ লোৱা উচিত, প্ৰশংসা কৰা উচিত।ভাল কামক ভাল বুলি ক’বলৈ আমাক সৎ সাহস আৰু দৃঢ়তা লাগিব।পৰিস্কাৰ মনৰ মানুহৰ বাবেহে এনে কৰা সম্ভৱ।মনত বেয়া ভাব যেনে ঈৰ্ষা,কপটতা  আদি ভাব থাকিলে কোনেও স্বাভাৱিক আৰু স্বত:স্ফূৰ্ত ভাৱে আনৰ ভাল কামৰ শলাগ ল’ব নোৱাৰে।

এষাৰি প্ৰশংসাসূচক বাক্যই , অনুপ্ৰেৰণা ভৰা বাক্যই কোনো এগৰাকী ব্যক্তিক আগবাঢ়ি যোৱাত সহায় কৰে ।ইয়াৰ বিপৰীতে আনৰ প্ৰতি নিক্ষেপ কৰা তীৰ্যক শব্দ বা বাক্যই, ঠাট্টা সূচক বাক্যই মানুহজনৰ মনত বিৰূপ প্ৰভাৱ পেলায় আৰু মনে-মনে সেই ব্যক্তিজনে নিৰুৎসাহ অনুভৱ কৰে আৰু কৰ্ম প্ৰেৰণা হেৰুৱাই পেলায়।সেয়ে এনে কাৰ্য কৰাৰ পৰা বিৰত থকা উচিত।পানীয়ে যিদৰে এজোপা মৰহি যোৱা গছক সজীৱ কৰি তুলিব পাৰে তদ্ৰুপ শান্ত বা মধুৰ একোটি বাক্যই শুনোতা জনক উৎসাহিত কৰিব পাৰে, মনত সাহস যোগাব পাৰে।

কথা -বতৰাই মানুহক আঘাত কৰাৰ ক্ষমতা ৰাখে। সেয়ে আমি বাক সংযম ৰক্ষা কৰি কথা কোৱা উচিত। আমাৰ কথাই যাতে আনৰ অন্তৰত আঘাত নকৰে সেই কথাৰ প্ৰতি সদা সতৰ্ক হোৱা উচিত ।আমি যেতিয়া নিজৰ কথা-বতৰা ৰ যোগেদি আনক উৎসাহিত আৰু সাহস বৃদ্ধিত সহায়ক হওঁ তেতিয়া ভগৱানো সন্তুষ্ট হয়।সেয়ে আনক উৎসাহিত কৰা কথা-বতৰা কওঁতে তিনিটা  সাধাৰণ কিন্তু গুৰুত্বপূৰ্ণ গুণ বা বিষয়ৰ ওপৰত গুৰুত্ব দিয়া উচিত বা মনত ৰখা উচিত । সেইটো হৈছে আমাৰ কথা -বতৰা নিৰাময় অৰ্থাৎ শুদ্ধ, সত্য আৰু সদয় হোৱা উচিত।নিষ্ঠুৰ বাক্য ব্যৱহাৰ কৰাৰ পৰা আমি সদায় বিৰত থকা উচিত।

আনৰ ভাল কামৰ শলাগ ল’বলৈ আমি বেয়া পোৱা অনুচিত। হৃদয়ৰ পৰা প্ৰশংসা আৰু শলাগ লোৱা উচিত।কিয়নো হৃদয়ৰ পৰা কৰা প্ৰশংসাই আনন্দিত আৰু উৎসাহিত কৰে।হৃদয়ৰ পৰা কৰা প্ৰশংসাই আপোনা-মোক এই কথা বুজাত সহায় কৰে যে আপোনাৰ /মোৰ কাৰ্যবোৰ কোনোবাই লক্ষ্য কৰিছে আৰু আপোনাৰ /মোৰ বাবে চিন্তা কৰিছে আৰু ভাল হোৱাটো কামনা কৰে। আমি সকলোৱে আনৰ পৰা প্ৰশংসা আৰু প্ৰেৰণা ভৰা কথা বা এষাৰি মাত শুনিবলৈ ইচ্ছা কৰো। ঠিক সেইদৰে আনেও আমি তেওঁলোকৰ কামৰ শলাগ লোৱাটো বিচাৰে।সেয়ে আনৰ ভাল কামৰ প্ৰশংসা কৰা, উৎসাহিত কৰা আদিৰ দৰে ভাল গুণ সমূহ আয়ত্ব কৰিবলৈ যত্ন কৰা উচিত।